• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ঐক্যবদ্ধ হওক বিৰোধী, পুৰণি ভুলৰ পৰা শিক্ষা লওক কংগ্ৰেছে : ৰাইজৰ দল

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
December 16, 2024 9:08 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কালিৰ পৰা বিভিন্ন ইলেক্ট্রনিক মাধ্যম আৰু বাতৰি কাকতত ভাৰতীয় জাতীয় কংগ্রেছ দলে আগন্তুক ২০২৬ ৰ বিধানসভা নির্বাচনত ১০০ খন আসনত প্রতিদ্বন্দ্বিতা কৰি বাকী থকা ২৬ খন আসন অন্য বিৰোধী দলসমূহলৈ এৰি দিব বুলি প্ৰচাৰ হৈ থকা এটা বাতৰি ৰাইজৰ দলৰ দৃষ্টিগোচৰ হৈছে। এনে প্রেক্ষাপটত এটা আঞ্চলিক দল হিচাপে ২০২৬ ত বিজেপিক প্রতিহত কৰাৰ ক্ষেত্ৰত ৰাইজৰ দল শংকিত হৈ পৰিছে।

ৰাইজৰ দলৰ সাধাৰণ সম্পাদক ৰাছেল হুছেইনে আজি এক সংবাদ মেল সম্বোধন কৰি কয় যে অসমৰ সকলো শ্ৰেণীৰ নাগৰিকে বিজেপিৰ অপশাসনৰ ফলত ৰাজনৈতিক, অর্থনৈতিক, সামাজিক নিৰাপত্তাহীনতাত ভুগিছে আৰু সেয়েহে বিজেপিক ক্ষমতাচ্যুত কৰাৰ স্বাৰ্থত বিৰোধী ৰাজনৈতিক দলসমূহক ঐক্যবদ্ধ হোৱাটো কামনা কৰিছে। উল্লেখযোগ্য যে, যোৱা লোকসভা নির্বাচনত ঐক্যবদ্ধভাবে বিৰোধী ঐক্যই নির্বাচনত অৱতীৰ্ণ হোৱাৰ ফলত আমি বিৰোধী ঐক্যই ভাল ফলাফল পাবলৈ সক্ষম হৈছিলোঁ। ইয়াতে অতি উৎসাহিত হৈ কংগ্রেছে এতিয়া উভদগোৰে নাচিব বিচাৰিছে।

হুছেইনে লগতে প্রশ্ন কৰে যে কংগ্রেছে একপক্ষীয়ভাবে এশখন আসনত প্রতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত কেনেকৈ ল’ব পাৰে যদিহে সঁচা অৰ্থত তেওঁলোকে বিৰোধী ঐক্যৰ লগত চামিল হৈ বিজেপিক পৰাভূত কৰিব বিচাৰিছে।

তেওঁ কয় আন্তৰিকতাৰে বিজেপিক পৰাভূত কৰাৰ সদিচ্ছা থাকিলে যিকোনো বাজনৈতিক দলে ঐক্যবদ্ধভায়ে সমিল মিলে এই সিদ্ধান্ত লোৱা উচিত আছিল। আন ১৬ টা ৰাজনৈতিক দলক সম্পূৰ্ণ অৱজ্ঞা কৰি মাত্র ২৬ খন আসন এৰি দিম বুলি কোৱা কংগ্ৰেছ দলটোৰ ক্ষেত্ৰত আমি অসমৰ ৰাইজক এই সংবাদ মেল যোগে সুধিব বিচাৰিছোঁ- সঁচাকৈ কংগ্ৰেছ দলে সাম্প্ৰতিক সময়ৰ প্ৰেক্ষাপটত অকলে চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত সমর্থবান হয়নে? বিগত কেইমাহমানত ৰাইজৰ দলৰ সভাপতি তথা ৰাইজৰ দলে অসমৰ জনগণৰ মাজত সাংগঠনিক তৎপৰতা বৃদ্ধি কৰাৰ পিছত ৰাইজৰ মাজলৈ গৈ আমি দেখিছোঁ যে ২০০১ চনৰ দৰে এতিয়া আৰু কংগ্ৰেছৰ প্ৰতি ৰাইজৰ সেই আস্থা নাই। কাৰণ মাত্র তিনি বছৰ আগৰ বিধানসভা নির্বাচনত ২৬ খন আসন জিকা দলটোৰ ৭ জনকৈ বিধায়ক প্রত্যক্ষ বা পৰোক্ষভাৱে বিজেপিত চামিল হৈছে। যোৱা লোকসভা নির্বাচনৰ প্রাক মুহূৰ্তত দলটোৰ তিনিজন কার্যকৰী সভাপতিৰ দুজনেই বিজেপি দলত যোগদান কৰিছে। যোৱা বিধানসভা নির্বাচনত টিকট দিয়া ৯ জন প্রার্থীয়েই ইতিমধ্যেই বিজেপি দলত যোগদান কৰিছে। আজি কিছুদিনৰ আগলৈকে সৰহ সংখ্যক দলত থকা নেতা এতিয়া দলটোৰ লগত নাই আৰু দলটোৰ বৰ্তমানৰ বহু নেতাই দুদুল্যমান অৱস্থাত আছে যে তেওঁলোক কংগ্রেছতেই থাকিব নে বিজেপিত যাব? তেনে এক প্রেক্ষাপটত কংগ্ৰেছে অকলেই চৰকাৰ গঠন কৰিম বুলি ভবা কথাটো অসমৰ ৰাইজে এক অলৌকিক সপোন বুলি বিশ্বাস কৰে। ভাৰতবৰ্ষৰ কেইবাখনো ৰাজ্যৰ বিধানসভা নির্বাচনত যেনে মহাৰাষ্ট্ৰত ১০১ খন আসনত প্রতিদ্বন্দ্বিতা কৰি মাত্র ২০ খন আসনত জয় লাভ কৰিছিল, ঠিক তেনেদৰে বিহাৰৰ বিধানসভা নির্বাচনতো ৭০ খন আসনত প্রতিদ্বন্দ্বিতা কৰি মাত্র ১৯ খন আসনত জয়ী হৈছিল। কিন্তু যোৱা ঝাৰখণ্ডৰ বিধানসভা নির্বাচনত আঞ্চলিক দল JMM ৰ লগত ঐক্যৱদ্ধভাৱে অৱতীৰ্ণ হোৱাৰ বাবে প্রবল প্রতিষ্ঠানবিৰোধী ঢৌ থকাৰ পিছতো বিৰোধী ঐক্যই বিজেপিক পৰাভূত কৰিবলৈ সক্ষম হৈছিল। যিটো ভুল আমি ভবিষ্যতে অসমত কৰিব নিবিচাৰো। যোৱা ৫ সমষ্টিৰ উপ-নির্বাচনত অসমত শাসকীয় দলৰ বিৰুদ্ধে প্ৰৱল প্রতিষ্ঠানবিৰোধী ঢৌ থকাৰ পিছতো আমি ৫ খন আসনতেই হাৰিলো। একেদৰে কাৰ্বি আংলঙত All Party Hill Leaders Conference (APHLC) ৰ নেতা জ’নছ ইংতি কাথাৰক ডিফু আসনখন কংগ্রেছে এৰি নিদিয়াৰ বাবে জ’নছ ইংতি কাঠৰ ডাঙৰীয়া অলপ ভোটত পৰাজিত হৈছিল য’ত কংগ্ৰেছে তৃতীয় স্থান লাভ কৰিছিল। সেই কাৰণে যোৱা দিনচোৱাৰ ভুলৰ পৰাই বিৰোধী ঐক্যই শিকিব লাগে। শিকি বিজেপিৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব লাগিব। সেয়ে ৰাইজৰ দলে বিগত দিনবোৰৰ ভুলসমূহৰ পৰা শিক্ষালৈ সকলো বিৰোধীক ঐক্যবদ্ধভাৱে আগবাঢ়ি আহি বিজেপিৰ বিৰুদ্ধে যুঁজাৰ পোষকতা কৰে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

September 18, 2025 8:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd