NORTHEAST NOW (Assamese)

অৰুণাচলত অনুষ্ঠিত হ’ব দুঃসাহসী অভিযান আৰু সংগীতৰ মহোৎসৱ ‘অফাম’

December 10, 2018 4:27 pm · এন ই নাও

অৰুণাচলত ৫ম অৰেঞ্জ ফেষ্টিভেল অব এডভেঞ্চাৰ এণ্ড মিউজিক অৰ্থাৎ ‘অফাম’ অনুষ্ঠিত কৰাৰ আয়োজন কৰা হৈছে। অৰুণাচলৰ নামনি ডিবাং উপত্যকা জিলাৰ অন্তৰ্গত দামবুকত ডিচেম্বৰৰ ১৫-১৮ তাৰিখে এই মহোৎসৱ অনুষ্ঠিত কৰা হ’ব।

চাৰিদিনীয়া এই দুঃসাহসী অভিযান আৰু সাংগীতিক সমাৰোহৰ উদ্বোধন কৰিব অৰুণাচলৰ মুখ্য মন্ত্ৰী পেমা খাণ্ডুৰ লগতে উপ মুখ্য মন্ত্ৰী চাওনা মেইন আৰু জেকে টায়াৰ্ছ এণ্ড ইণ্ডাষ্ট্ৰিজৰ মেনেজিং ডাইৰেক্টৰ বিক্ৰম মালহোত্ৰাই।

‘দ্য অৰুণাচল টাইমছ’ত প্ৰকাশিত এটা প্ৰতিৱেদনত কোৱা হৈছে যে ‘অফাম’ মহোৎসৱত ছুইডিছ বেণ্ড ‘থাণ্ডাৰ মাডাৰ’, আইৰন মেইডেনছ আদিয়ে অংশগ্ৰহণ কৰিব।

নেপালৰ ইণ্ডি পপ মিউজিচিয়ান বিপুল চেত্ৰী, জাৰ্মানিৰ লিডিয়া হেনৰিকিয়া, আমেৰিকাৰ ব্লুগ্লাছ জাৰ্নিমেন আদিয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব।

অফামৰ পৰিচালক আবু টায়েঙে কৈছে যে এই বছৰৰ উৎসৱৰ সময়চোৱাত দামবুকত মহিন্দ্ৰাই  তেওঁলোকৰ ‘লিভ য়ং, লিভ ফ্ৰী’ প্ৰচাৰ অভিযান চলাব।

পশ্চিম কামেং জিলাৰ ডিৰাঙৰ নেশ্যনেল ইন্সটিটিউট অব মাউণ্টেনিয়াৰিং এণ্ড এলাইড স্পৰ্টছক হোৱাইট ৱাটাৰ ৰাইডিং, ডাৰ্ট চাইক্লিং, এটিভি ৰাইডছ, পেৰাছেইলিং, পেৰামটৰিং, পেৰাগ্লাইডিং, স্কুবা ডাইভিং আদি দুঃসাহসী ক্ৰীড়াশৈলী প্ৰদৰ্শন কৰাৰ বাবে আমন্ত্ৰণ কৰা হৈছে।

আটাইতকৈ দুঃসাহসী ক্ৰীড়া শৈলী হ’ব অৰেঞ্জ ৪×৪ ফিউৰি আৰু এই ক্ৰীড়াশৈলী প্ৰদৰ্শন কৰা হ’ব ৰাজ্যখনৰ গভীৰ বৰ্ষাৰণ্যত।

এই দুঃসাহসী ক্ৰীড়া আৰু সংগীত মহোৎসৱত প্ৰতিযোগীসকলে তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ মুখামুখি হ’ব। অৰেঞ্জ ৪×৪ ফিউৰিত লণ্ডন, ডুবাই আৰু আমেৰিকাৰ ৭গৰাকী প্ৰৱাসী ভাৰতীয়ৰ সহ মুঠ ৩০ গৰাকী অফ-ৰ’ডাৰে অংশগ্ৰহণ কৰিব। মহোৎসৱত দৰ্শনাৰ্থীৰ বাবে প্ৰৱেশমূল্য আৰু খাদ্য সামগ্ৰীৰ মূল্য নিম্নতম হ’ব বুলি অফামৰ পৰিচালকগৰাকীয়ে জনাইছে।

Related News