চন্দ্ৰৰ শেহতীয়া ছবি পঠালে চন্দ্ৰযান-২ৰ অৰ্বিটাৰে; চাঞ্চল্যকৰ তথ্য লাভ

ISRO Chandrayan-2 Image

চন্দ্ৰযান-২ য়ে প্ৰেৰণ কৰা চন্দ্ৰৰ শেহতীয়া ছবি।

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোই চন্দ্ৰৰ এলানি অতি স্পষ্ট ছবি শ্বেয়াৰ কৰিছে। ছবিখিনিক লৈ বিজ্ঞানী মহলত তীব্ৰ কৌতুহলৰ সৃষ্টি হৈছে।

চন্দ্ৰপৃষ্ঠত বিক্ৰম বিধ্বস্ত হ’লেও অৰ্বিটাৰ এতিয়াও সক্ৰিয় হৈ আছে।

চন্দ্ৰযান-২ৰ এই অৰ্বিটাৰে ছবিসমূহ প্ৰেৰণ কৰিছে। হাই ৰিজিউলেশ্যন কেমেৰাৰ (OHRC)জৰিয়তে প্ৰায় ১০০ কিলোমিটাৰ উচ্চতাৰ পৰা এই ছবিসমূহ তোলা হৈছে।

যোৱা ৭ ছেপ্টেম্বৰত চন্দ্ৰপৃষ্ঠত বিক্ৰম লেণ্ডাৰৰ মসৃন অৱতৰণ হোৱাৰ কথা আছিল। কিন্তু অৱতৰণৰ প্ৰাক মুহূৰ্ততে বিক্ৰম ইছৰোৰ নিয়ন্ত্ৰণৰ বাহিৰলৈ গুচি যায়।

তাৰ পাছৰে পৰা বিক্ৰমৰ সৈতে যোগাযোগ সম্পূৰ্ণ বিচ্ছিন্ন হৈ পৰে। পাছত চন্দ্ৰযানৰ অৰ্বিটাৰৰ জৰিয়তে ইয়াৰ থাৰ্মেল ইমেজ পোৱা যায়।

জানিব পৰা মতে, নিৰ্ধাৰিত লক্ষ্যৰ মাথোঁ ৫০০ মিটাৰ দূৰত বিক্ৰমৰ ‘হাৰ্ড লেণ্ডিং’ ঘটে। এই খবৰে দেশবাসীক আশাহত কৰি তোলে।

পিচে, আশা এৰি দিয়া নাই ইছৰোই। কিয়নো এতিয়াও সক্ৰিয় হৈ আছে অৰ্বিটাৰ। অৱশেষত সেই অৰ্বিটাৰেই চন্দ্ৰপৃষ্ঠৰ কাৰ্যকলাপ পৃথিৱীলৈ প্ৰেৰণ কৰিছে।

অৰ্বিটাৰে চন্দ্ৰৰ দক্ষিণ দিশৰ যি ছবি পঠিয়াইছে তাত চন্দ্ৰৰ পিঠিত শিল দেখা গৈছে। ইয়াৰ স্পেক্ট্ৰ’মিটাৰে চন্দ্ৰ মাটিত খনিজ পদাৰ্থৰ সন্ধান লাভ কৰিছে।

তদুপৰি, অর্বিটাৰে চাৰ্জড পাৰ্টিক’ল (প্ৰ’টন-ইলেকট্ৰন)ৰ সালসলনিৰ প্ৰতি লক্ষ্য ৰাখিছে।

অৰ্বিটাৰৰ লাৰ্জ এৰিয়া ছফট এক্স-ৰে স্পেক্ট্ৰ’মিটাৰৰ তথ্য অনুসৰি দক্ষিণ পৃষ্ঠত চন্দ্ৰৰ ধূলি বা ৰেগ’লিথৰ (Regolith) মাজত আছে ছোডিয়াম, কেলছিয়াম, এল্যুমিনিয়াম, ছিলিকন, টাইটেনিয়াম আৰু আইৰণৰ দৰে খনিজ পদাৰ্থ।

ইয়াৰ অনু-পৰমানুৰ মাজত নিৰৱিচ্ছিন্ন সংঘৰ্ষ চলিছে। ইলেকট্ৰনৰ বাবেই এনেকুৱা হৈছে বুলি বিজ্ঞানীসকলে দাবী কৰিছে।

এই ৰেগলিথৰ মাজতে মেটেল অৱজেক্ট বা ধাতৱীয় পদাৰ্থৰ চিহ্নও আছে। বিজ্ঞানীসকলে অনুমান কৰিছে যে লেণ্ডাৰ বিক্ৰম এই অঞ্চলৰে কোনোবা কোণত পৰি আছে।

অৰ্বিটাৰে অৱশ্যে এই সন্দৰ্ভত কোনো স্পষ্ট ধাৰণা দিব পৰা নাই।