বহিৰাগতৰ পঞ্জীয়ন সম্পৰ্কীয় মেঘালয় চৰকাৰৰ অধ্যাদেশখন ৰাজ্যপাললৈ প্ৰেৰণ

Shillong

কনৰাড চাংমা নেতৃত্বাধীন মেঘালয় চৰকাৰৰ কেবিনেটে গৃহীত কৰা মেঘালয় ৰেছিডেণ্টছ ছেফটী এণ্ড ছিকিউৰিটী এক্ট ২০১৬-ৰ সংশোধনী অধ্যাদেশখনত ৰাজ্যপাল তথাগত ৰয়ে এতিয়াও সন্মতি জনোৱা নাই।

যিকোনো বহিৰাগতে মেঘালয়ত প্ৰৱেশ কৰিবলৈ বা থাকিবলৈ কৰ্তৃপক্ষৰ ওচৰত পঞ্জীয়ন বাধ্যতামূলক কৰি এই অধ্যাদেশখন যোৱা ১ নৱেম্বৰত জাৰি কৰা হৈছিল।

অধ্যাদেশখনক লৈ অসমকে ধৰি চুবুৰীয়া ৰাজ্যবোৰত যথেষ্ট চৰ্চা হোৱাত যোৱা ৫ নৱেম্বৰত চাংমা চৰকাৰৰ পৰ্য্যটন বিভাগে ই এতিয়াও চূড়ান্ত হোৱা নাই বুলি এটা স্পষ্টীকৰণ দিছিল। কিন্তু ১০ নৱেম্বৰত ইয়াক চূড়ান্ত কৰি ৰাজ্যপালৰ সন্মতিৰ বাবে ৰাজভৱনলৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে।

ইপিনে উপ-মুখ্য মন্ত্ৰী প্ৰে’ছট’ন টিনছঙে জানিবলৈ দিছে যে অধ্যাদেশখন কাৰ্য্যকৰী কৰাৰ বাবে ৰাজ্য চৰকাৰে মেঘালয় ৰেছিডেণ্টছ ছেফটী এণ্ড ছিকিউৰিটী এক্টখনৰ (এম আৰ এছ এছ এ) নিয়মবোৰৰ পুনৰ সংশোধন কৰিব।

এই নিয়মবোৰ হোটেল, গেষ্ট হাউছ আৰু হোম ষ্টেইবোৰত বিতৰত কৰা হ’ব যাতে ৰাজ্যখন ভ্ৰমণ কৰা লোকসকলৰ চৰকাৰৰ ওচৰত পঞ্জীয়ন কৰা হয়।

অধ্যাদেশখন এখন বিধেয়ক হিচাপে ৰাজ্যখনৰ পৰৱৰ্তী বিধানসভা অধিৱেশনত উত্থাপন কৰা হ’ব, উপ মুখ্য মন্ত্ৰীজনে কয়।

টিনছঙৰ মতে, এই অধ্যাদেশখন ইনাৰ লাইন পাৰ্মিটৰ দৰে নহয়। কাৰণ নিৰাপত্তা আৰু সুৰক্ষাৰ বাবেহে মেঘালয়ৰ বাহিৰৰ পৰা অহা লোকসকলৰ চৰকাৰৰ ওচৰত পঞ্জীয়ন কৰাটোহে বাধ্যতামূলক।

প্ৰক্ৰিয়াটোৰ আওতাৰ পৰা মেঘালয়ৰ সকলো স্থায়ী বাসিন্দা (জনজাতি, অজনজাতি উভয়) স্থায়ী বাসিন্দাসকলৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীক আঁতৰাই ৰখা হয়।

টিনছঙে কয়, যিসকল লোক মেঘালয়ৰ বাসিন্দা নহয় আৰু ২৪ ঘণ্টাতকৈ অধিক সময় ৰাজ্যখনত থাকিব বিচাৰে, তেওঁলোকে চৰকাৰক সবিশেষ তথ্য দিব লাগিব।

“এইবোৰ কৰা হৈছে যিসকলো মেঘালয় ভ্ৰমণ কৰিব, তেওঁলোকৰ সুৰক্ষা আৰু নিৰাপত্তাৰ বাবে। অধ্যাদেশখনে কোনো মানুহক ৰাজ্যখনত প্ৰৱেশ কৰাত বাধা নিদিয়ে, কিন্তু এইটো নিশ্চিত কৰিব যে পৰ্য্যটক, শ্ৰমিক বা আন যিকোনো উদ্দেশ্যত প্ৰৱেশ কৰা লোকসকলৰ তথ্য চৰকাৰৰ অৱগতিৰ ভিতৰত থাকে”, পঞ্জীয়ন ব্যৱস্থাটো সৰল আৰু অপলাইন তথা অনলাইন দুই ধৰণৰ হ’ব বুলি জানিবলৈ দি টিংছঙৰ মন্তব্য।