NORTHEAST NOW (Assamese)

জৈৱিক কৃষি উত্তৰ-পূবত এক বৃহৎ আন্দোলন হ’ব পাৰে: প্ৰধান মন্ত্ৰী মোদী

June 11, 2020 10:24 pm · ৰূপা সৰকাৰ
ফটো: পি আই বিৰ সৌজন্যত।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে কয় যে জৈৱিক কৃষি উত্তৰ-পূব ভাৰতত এক বৃহৎ আন্দোলন হ’ব পাৰে।

তেওঁ কয় যে ছিকিমৰ দৰে সমগ্ৰ উত্তৰ-পূব জৈৱিক কৃষিৰ এক বৃ্হৎ কেন্দ্ৰ হ’ব পাৰে।

“জৈৱিক কৃষি উত্তৰ-পূবত এক বৃ্হৎ আন্দোলন হৈ উঠিব পাৰে, যদিহে ইয়াক এক গোলকীয় পৰিচয় কৰি তোলা যায় আৰু গোলকীয় বজাৰত আধিপত্য বিস্তাৰ কৰে,” ইণ্ডিয়ান চেম্বাৰ অৱ কমাৰ্চৰ ৯৫সংখ্যক বাৰ্ষিক প্লেনেৰি ছেছনত ভিডিঅ’ কনফাৰেন্সিংযোগে দিয়া উদ্বোধনী ভাষণত মোদীয়ে কয়।

তেওঁ কয় যে স্থানীয় উৎপাদনসমূহৰ প্ৰতি চৰকাৰৰ বৰ্তমানৰ গোট (cluster) ভিত্তিক পদ্ধতিয়ে সকলোকে সুযোগ প্ৰদান কৰিব।

“এইসমূহৰ সৈতে জৰিত ক্লাষ্টাৰসমূহ জিলা, ব্লকত বিকাশ কৰা হ’ব য’ত তেওঁলোকৰ জন্ম হৈছে। ইয়াৰ লগতে বাঁহ আৰু জৈৱিক সামগ্ৰীৰ ক্ষেত্ৰতো ক্লাষ্টাৰ গঠন কৰা হ’ব,” মোদীয়ে কয়।

ক’ভিড-১৯ মহামাৰীৰ বিৰুদ্ধে যুঁজৰ প্ৰসংগত প্ৰধান মন্ত্ৰী মোদীয়ে কয় যে ভাৰতে সমগ্ৰ বিশ্বৰ সৈতে এক সাহসী ফ্ৰণ্ট গঠন কৰিছে।

“দেশখনে ফৰিঙৰ আক্ৰমণ, শিলাবৃষ্টি, তেলখাদত জুই, এলানি সৰু ভূমিকম্প আৰু দুটা সাগৰীয় ধুমুহাৰ দৰে দুৰ্য্যোগৰ পৰা উদ্ভৱ হোৱা অন্যান্য বিভিন্ন সমস্যাৰো মুখামুখি হৈছে, কিন্তু দেশে এই সমস্যাসমূহ একগোট হৈ যুঁজিছে,” তেওঁ কয়।

প্ৰধান মন্ত্ৰীয়ে কয় যে এনে কঠিন সময়ে ভাৰতক অধিক দৃঢ়সংকল্পবদ্ধ কৰিছে।

“আত্মনিৰ্ভৰ ভাৰত গঠনৰ বাবে যিকোনো সংকটে ইয়াক এক টাৰ্নিং পইণ্টলৈ পৰিৱৰ্তন কৰিবলৈ আমাক এক সুযোগ প্ৰদান কৰে,” তেওঁ লগতে কয়।

মোদীয়ে ভাৰতক এবাৰ ব্যৱহাৰ্য্য প্লাষ্টিকৰ পৰা মুক্ত কৰাৰ ওপৰতো জোৰ দিয়ে।

তেওঁ কয় যে জনকেন্দ্ৰিক, জনপৰিচালিত আৰু গ্ৰহ অনুকূল বিকাশ বৰ্তমান দেশৰ শাসনৰ অংশ হৈ পৰিছে।

Related News