বহলপুৰত বিলাতী সুৰাৰ বিপণী স্থাপনৰ বিৰুদ্ধে দল-সংগঠনৰ তীব্ৰ প্ৰতিবাদ

ধুবুৰী জিলাৰ চাপৰ ৰাজহ চক্ৰ এলেকাত ৰাজ্য চৰকাৰে বিলাতী সুৰাৰ বিপণী খোলাৰ বাবে চৰকাৰী অনুজ্ঞাপত্ৰ প্ৰদান কৰাৰ যি প্ৰক্ৰিয়া আৰম্ভ কৰিছে তাৰ বিৰুদ্ধে অঞ্চলবাসী ৰাইজে গ্ৰহণ কৰিছে প্ৰতিবাদী কাৰ্যসূচী{

ৰাইজৰ প্ৰতিবাদত সেও মানি এই প্ৰক্ৰিয়াটো একপ্ৰকাৰ বন্ধ হৈ পৰিছিল যদিও শেহতীয়াকৈ বহলপুৰ গাঁও পঞ্চায়ত কৰ্তৃপক্ষই সৰ্বসাধাৰণ ৰাইজক অন্ধকাৰত ৰাখি আপত্তিহীনতাৰ প্ৰমাণপত্ৰ প্ৰদানৰ কুচ কাৱাজ চলোৱাৰ কথাই বহলপুৰবাসী ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷

এনে কাৰ্যৰ বিৰোধিতাৰে আজি বহলপুৰ গাঁও পঞ্চায়ত কাৰ্যালয় প্ৰাংগনত অঞ্চলটোৰ বিভিন্ন সংগঠনৰ আহবানত প্ৰায় তিনি শতাধিক পুৰুষ- মহিলাই প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি কাৰ্যালয় প্ৰাংগণ উত্তাল কৰি তোলে ৷

‘বহলপুৰত সুৰাৰ বিপনী খুলিবলৈ দিয়া নহ’ব’, ‘ পঞ্চায়ত কৰ্তৃপক্ষই আপত্তিহীনতাৰ প্ৰমাণ পত্ৰ দিয়া বন্ধ কৰক’ আদি শ্ল’গানেৰে ৰাইজে বিলাতী সুৰাৰ বিপণীৰ বিৰুদ্ধে কাৰ্যালয় চৌহদ কঁপাই তোলে ৷

আক্ৰাছুৰ কেন্দ্ৰীয় সমিতিৰ উপ- সভাপতি গোবিন্দ ৰায়, কেন্দ্ৰীয় প্ৰচাৰ সচিব পুলকেশ ৰায় চৌধুৰী; অবিভক্ত গোৱালপাৰা জিলা কলিতা জনগোষ্ঠী সমন্বয়ৰক্ষী সমিতিৰ সম্পাদক অকণ কলিতা, আক্ৰাছুৰ পূৱ ধুবুৰী জিলা সমিতিৰ সম্পাদক অনন্ত ৰায়, বহলপুৰ আঞ্চলিক নাথ যোগী ছাত্ৰ সন্থাৰ সভাপতি তন্ময় নাথ,বহলপুৰ আঞ্চলিক আমছুৰ সম্পাদক আব্দুল ৱাহাব , বহলপুৰ আঞ্চলিক কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সম্পাদক নয়নজ্যোতি ৰায়,বহলপুৰ আঞ্চলিক মহিলা সমন্বয়ৰক্ষী সমিতিৰ সম্পাদিকা জয়াৰাণী নাথ, কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সদস্য খজেন ৰায় , সমাজকৰ্মী গংগাধৰ ৰায়, হৃষীকেশ অধিকাৰী আদিয়ে অংশগ্ৰহণ কৰা এই ধৰ্ণা কাৰ্যসূচীৰ সামৰণিত সন্মিলিতভাৱে এখন স্মাৰক পত্ৰ বহলপুৰ গাঁও পঞ্চায়তৰ সভাপতি- সচিবৰ হাতত অৰ্পণ কৰি বিলাতী সুৰাৰ বিপণী স্থাপন তীব্ৰ বিৰোধিতা কৰে৷

সুৰাৰ বিপণীৰ বিৰুদ্ধে ৰাইজৰ সহযোগত সংগঠনকেইটাই তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলিও স্মাৰকপত্ৰত সকীয়াই দিয়া হৈছে ৷