NORTHEAST NOW (Assamese)

এটা যুগৰ অৱসান! ৯৪ বছৰ বয়সত পৰলোকপ্ৰাপ্তি চুজুকি মটৰৰ প্ৰাক্তন অধ্যক্ষ ওছামু চুজুকিৰ

December 27, 2024 10:01 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী
Updated: December 27, 2024 9:09 pm

চুজুকি মটৰ কৰ্প’ৰেশ্যনৰ প্ৰাক্তন অধ্যক্ষ তথা কোম্পানীটোৰ বিশ্বব্যাপী সফলতাৰ আঁৰৰ ব্যক্তি ওছামু চুজুকিয়ে শেষ নিশ্বাস ত্যাগ কৰে।

মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৯৪ বছৰ বয়স।

জানিব পৰা মতে, তেওঁৰ লিম্ফোমা ৰোগত আক্ৰান্ত হৈ যোৱা ২৫ ডিচেম্বৰত ইহলীলা ত্যাগ কৰে।

উল্লেখ্য যে ১৯৩০ চনৰ ৩০ জানুৱাৰীত জাপানৰ গেৰোত জন্মগ্ৰহণ কৰা ওছামু মাটছুডাই কোম্পানীটো প্ৰতিষ্ঠা কৰা পৰিয়ালটোৰ লগত বিবাহপাশত আবদ্ধ হোৱাৰ পিছত ১৯৫৮ চনত চুজুকিত যোগদান কৰে। উক্ত কোম্পানীটোত যোগদান কৰাৰ পিছত তেওঁ নিজৰ উপাধি মাটছুডাৰ সলনি পত্নীৰ উপাধি চুজিকি লিখিবলৈ লয়।

১৯৮২ চনত চুজুকিয়ে ভাৰত চৰকাৰৰ সৈতে যৌথ উদ্যোগ গঠন কৰি ভাৰতত মাৰুতি উদ্যোগ সৃষ্টি কৰে। এই অংশীদাৰিত্বৰ জৰিয়তে মাৰুতি ৮০০ নামৰ এখন সৰু গাড়ী মুকলি কৰা হয় যিখন গাড়ী সোনকালেই অতি জনপ্ৰিয় পৰে।

Related News