• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰেম আৰু ৰোমাঞ্চৰ ৰাণী! বয়সক লৈ নিজৰ অনুভৱ ব্যক্ত কৰিলে অস্কাৰ বিজয়ী কেট উইন্সলেটে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 5, 2023 2:16 pm
টাইটানিক খ্যাত অস্কাৰজয়ী অভিনেত্ৰী   কেট উইন্সলেট।

টাইটানিক খ্যাত অস্কাৰজয়ী অভিনেত্ৰী কেট উইন্সলেট।

4.6k
VIEWS
Share on FacebookShare on Twitter

নাই নাই বুলি দীঘলীয়া কেৰিয়াৰৰ তিনিটা দশক অতিক্ৰম কৰিলে। বয়সো কম হোৱা নাই। কিন্তু ৪৭ বছৰ বয়সতো কেট উইন্সলেট আগৰ দৰেই আকৰ্ষণীয়। শেহতীয়াকৈ স্পেইনৰ সংবাদ মাধ্যম ইয়ো ড’নাৰ সৈতে হোৱা এক সাক্ষাৎকাৰত অস্কাৰ বিজয়ী অভিনেত্ৰীগৰাকীয়ে বয়স ৫০ বছৰ সম্পূৰ্ণ কৰাৰ দিশে আগবঢ়াৰ সময়ৰ ৰোমাঞ্চৰ বিষয়ে কয়।

সাক্ষাৎকাৰটোত কেট উইন্সলেটে কয় যে তেওঁ সদায় মনত ৰাখে যে তেওঁৰ বয়স এতিয়া ৪৭ বছৰ চলি আছে। বয়স বঢ়াৰ লগে লগে খাদ্যৰ প্ৰতি সাৱধান হৈছো। সুৰাপানৰ মাত্ৰাও হ্ৰাস কৰিছো।

কেটে কয় যে বয়স বাঢ়ি অহাৰ লগে লগে মই আগৰ দৰে খাব নোৱাৰো, আৰু বেছিকৈ সুৰাপান কৰিব নোৱাৰো। এতিয়া মই আৰু মাংস নাখাওঁ। দিনটোৰ ভিতৰত প্ৰচুৰ পৰিমাণে পানী খাওঁ। পৰিপূৰক গ্ৰহণ কৰো (যেতিয়া মনত থাকে)।

টাইটানিক ছবিত কেট উইন্সলেট।

তেওঁ কয়, ‘’মই ঠাণ্ডা পানীত সাঁতোৰো। ই শৰীৰত অক্সিজেন সৰবৰাহৰ বাবে অতি উত্তম। এই সকলোবোৰ মই সুস্থ হৈ থাকিবলৈ কৰো। এইটো অতি গোপন কথা নহয়, নিজৰ সাধাৰণ জ্ঞানৰ পৰাই কৰিব পাৰি।‘’

বয়স বৃদ্ধি হোৱাৰ বাবে কেটৰ কোনো আক্ষেপ নাই। মুখত বয়সৰ চিন দেখিলে চিন্তা নকৰিব, ‘মই সেই ২০ বছৰলৈ উভতি যাব নোৱাৰো, সেয়াই সত্য। কিন্তু ৩০ বছৰৰ পৰাই মই জীৱনটো বহুত উপভোগ কৰিছো।‘

বৰ্তমান ৪৭ বছৰীয়া অভিনেত্ৰী কেট উইন্সলেট।

তেওঁ কয়, ‘বয়সটো যদি ৩০ বছৰলৈ ঘূৰি গ’লহেঁতেন তেন্তে বেয়া নহ’লহেঁতেন।’

কেটে আৰু তিনি বছৰৰ পিছত ৫০ বছৰ সম্পূৰ্ণ কৰিব। এই কথাত ৰোমাঞ্চিত হৈ পৰিছে অভিনেত্ৰীগৰাকী, ‘মই এতিয়া যিদৰে আছো, তাতেই  সুখী। ৪৭-টো যথেষ্ট ভাল লাগিছে। ৫০ বছৰৰ পিনে আগবাঢ়ি গৈছো, ই মোক ৰোমাঞ্চিত কৰে। কিন্তু ৩০ বছৰ বয়সৰ ছবিখন চালেই ভাবো যে সেই সময়ৰ চুলি আৰু ছালখন বৰ সুন্দৰ আছিল! লগতে এনে ভাৱ হয় যেন সেই বয়সত মই নিজকে ইমান বিচাৰ কৰি চোৱা নাছিলো।’

টাইটানিক ছবিত কেট উইন্সলেট।

সাক্ষাৎকাৰটোত কেটে স্বীকাৰ কৰে যে তেওঁ জীৱনৰ বিভিন্ন পৰ্যায়ৰ মাজেৰে পাৰ হোৱা সময়খিনিৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰাই উচিত। কিন্তু বহু সময়ত তেনেকৈ থাকিব পৰা নাই, কথাবোৰে জটিল কৰি তুলিছে। যি পাইছে অভিযোগ নকৰি তাতেই তেওঁ সুখী থকা উচিত।

কেট উইন্সলেটক শেষবাৰৰ বাবে যোৱা বছৰৰ ডিচেম্বৰ মাহত অৱতাৰ: দ্য ৱে অৱ ৱাটাৰ ছবিত দেখা গৈছিল। আগন্তুক দিনত তেওঁক আৰু পাঁচখন ছবি আৰু টিভি ধাৰাবাহিকত দেখা যাব।

Recent News

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd