• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 23, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিৰোধীক কাবু কৰাৰ অস্ত্ৰ! ইডিৰ বিদায়ী সঞ্চালক সঞ্জয় মিশ্ৰৰ বাবে নতুন পদ সৃষ্টি কৰিব মোডী চৰকাৰে

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
August 24, 2023 11:37 am
বিৰোধীক কাবু কৰাৰ অস্ত্ৰ! ইডিৰ বিদায়ী সঞ্চালক সঞ্জয় মিশ্ৰৰ বাবে নতুন পদ সৃষ্টি কৰিব মোডী চৰকাৰে

ইডিৰ মুৰব্বী সঞ্জয় মিশ্ৰ। ফটো: সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বহু আগতেই সেনাবাহিনীত চীফ অৱ ডিফেন্স ষ্টাফৰ সৃষ্টি হৈছে। মোডী চৰকাৰে একে ধৰণে মুখ্য তদন্তকাৰী বিষয়া বা চীফ অৱ ইনভেষ্টিগেচন অ’ফিচাৰ নিযুক্তি দিবলৈ ওলাইছে। যিদৰে তিনিটা সেৱাৰ মুৰব্বীয়ে প্ৰতিৰক্ষা মুৰব্বীক প্ৰতিবেদন দিয়ে, চোৰাংচোৱা সংস্থাৰ মুৰব্বীয়ে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাক প্ৰতিবেদন দিয়ে, তেনেকৈয়ে তদন্তকাৰী দুটা সংস্থা চিবিআই আৰু ইডিৰ মুৰব্বীয়ে মুখ্য তদন্তকাৰী বিষয়াক প্ৰতিবেদন দিব।

সূত্ৰ অনুসৰি এই পদত প্ৰথমে নিযুক্তি দিয়া হ’ব ইডিৰ বিদায়ী সঞ্চালক সঞ্জয় মিশ্ৰক। কেন্দ্ৰীয় চৰকাৰৰ সূত্ৰ অনুসৰি এই পদত ভাৰত চৰকাৰৰ সচিব পদৰ এজন বিষয়া নিযুক্তি দিয়া হ’ব।

সূত্ৰসমূহে দাবী কৰিছে যে কেন্দ্ৰীয় চৰকাৰৰ শীৰ্ষ পৰ্যায়ৰ লোকে অনুভৱ কৰিছে যে তদন্তৰ পৰিসৰক লৈ চিবিআই আৰু ইডিৰ মাজত কিছু বিবাদ আছে। ইডিয়ে কেৱল আৰ্থিক দুৰ্নীতি, ধন সৰবৰাহ, ফেমা আইন (Foreign Exchange Management Act) উলংঘাৰ বিষয়ৰ তদন্ত কৰে।

লগতে পঢ়ক: বন্ধ হ’ল ধূলিৰ ধুমুহা, চন্দ্ৰৰ বুকুত নামি খোজ কাঢ়িছে ৰ’ভাৰ প্ৰজ্ঞানে, এতিয়া কি কাম?

আনহাতে, চিবিআইয়ে দুৰ্নীতি আৰু অন্যান্য আৰ্থিক দুৰ্নীতিৰ তদন্ত কৰে। দুয়োটা সংস্থাৰ মাজত সমন্বয়ৰ বাবে সচিব পৰ্যায়ৰ বিষয়া নিযুক্তি দিলে ইডি আৰু চিবিআইৰ মাজত সমন্বয় উন্নত হ’ব বুলি চৰকাৰৰ শীৰ্ষ মহলে অনুভৱ কৰে।

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি, ১৫ ছেপ্টেম্বৰলৈকে ইডি সঞ্চালকৰ পদত থাকিব পাৰিব সঞ্জয় মিশ্ৰ। তাৰ পিছত তেওঁ পদ এৰিব লাগিব। চীফ অৱ ইনভেষ্টিগেচন অ’ফিচাৰ হিচাপে নিযুক্তি পালে সঞ্জয় মিশ্ৰ পুনৰ চৰকাৰত থাকিব।

সূত্ৰসমূহৰ দাবী যে ১৫ ছেপ্টেম্বৰত সঞ্জয় মিশ্ৰই ইডি কাৰ্যালয় এৰি যোৱাৰ পূৰ্বে চীফ অৱ ইনভেষ্টিগেচন অ’ফিচাৰ পদটো সৃষ্টি কৰা হ’ব। ইডিয়ে বিত্ত মন্ত্ৰালয়ৰ ৰাজহ বিভাগৰ অধীনত কাম কৰিব আৰু চিবিআইয়ে পূৰ্বৰ দৰে শ্ৰম মন্ত্ৰালয়ৰ অধীনত কাম কৰিব। অৱশ্যে এতিয়াৰ পৰা সংগঠন দুটাই চীফ অৱ ইনভেষ্টিগেচন অ’ফিচাৰক আৰু চীফ অৱ ইনভেষ্টিগেচন অ’ফিচাৰে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ক প্ৰতিবেদন দিব।

লগতে পঢ়ক: ৰাছিয়াত বিমান দুৰ্ঘটনাত নিহত পুটিনৰ বিৰুদ্ধে বিদ্ৰোহ কৰা ‘ৱেগনাৰ’ৰ মুৰব্বী প্ৰিগ’জিন

সঞ্জয় মিশ্ৰক চৰকাৰৰ চীফ অৱ ইনভেষ্টিগেচন অ’ফিচাৰ হিচাপে ৰখাৰ আঁৰত আন এক কাৰণ দেখিবলৈ পাইছে সচেতন মহলে। তেওঁলোকে দাবী কৰে যে সঞ্জয় মিশ্ৰই বিজেপি আৰু কেন্দ্ৰীয় চৰকাৰৰ সমালোচকক হাৰাশাস্তি কৰিবলৈ মোডী চৰকাৰক সম্পূৰ্ণৰূপে সহায় কৰিছে। সেই কাম অক্ষত ৰাখিবলৈ মোডী চৰকাৰে সঞ্জয় মিশ্ৰক চৰকাৰত ৰাখিব বিচাৰিছে।

"The Centre is considering creating a new post of Chief Investigation Officer of India (CIO) on the lines of CDS& the NSA.
As per discussions at the highest level, the chiefs of the CBI & the ED will report to the CIO"
Since Govt's favourite ED Director is to retire soon, he is…

— Prashant Bhushan (@pbhushan1) August 23, 2023

দাবী কৰা হৈছে যে সঞ্জয় মিশ্ৰৰ পুনৰ সংস্থাপনৰ বাবে চীফ অৱ ইনভেষ্টিগেচন অ’ফিচাৰ পদটো সৃষ্টি কৰা হৈছে। সমাজকৰ্মী তথা অধিবক্তা প্ৰশান্ত ভূষণৰ মতে, “যিহেতু মোডী চৰকাৰৰ আটাইতকৈ প্ৰিয় ইডি মুৰব্বীজনে অতি সোনকালে অৱসৰ ল’ব, গতিকে তেওঁক চীফ অৱ ইনভেষ্টিগেচন অ’ফিচাৰ বনোৱাৰ চিন্তা কৰা হৈছে। এইটো অতি বিপজ্জনক আৰু অশুভ পৰম্পৰা।”

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিজেপিয়ে সন্ধান কৰিছে নতুন নেতাৰ : ১০০ গৰাকী নেতাৰ পৰামৰ্শ লৈছে দলটোৰ নেতত্বই

বিজেপিয়ে সন্ধান কৰিছে নতুন নেতাৰ : ১০০ গৰাকী নেতাৰ পৰামৰ্শ লৈছে দলটোৰ নেতত্বই

August 23, 2025 1:38 pm
জামাত-ই-ইছলামী আৰু  ই-আম ট্ৰাষ্টৰ সৈতে জড়িত ২১৫খন বিদ্যালয়ৰ পৰিচালনাৰ দায়িত্ব লব জম্মু কাশ্মীৰ চৰকাৰে

জামাত-ই-ইছলামী আৰু ই-আম ট্ৰাষ্টৰ সৈতে জড়িত ২১৫খন বিদ্যালয়ৰ পৰিচালনাৰ দায়িত্ব লব জম্মু কাশ্মীৰ চৰকাৰে

August 23, 2025 12:36 pm
ত্ৰিপুৰাত এগৰাকী মহিলাক চলন্ত গাড়ীত ধ*ৰ্ষণ : গ্ৰেপ্তাৰ ২ চুবুৰীয়া

ত্ৰিপুৰাত এগৰাকী মহিলাক চলন্ত গাড়ীত ধ*ৰ্ষণ : গ্ৰেপ্তাৰ ২ চুবুৰীয়া

August 23, 2025 11:29 am
জি এম চি এইসৰ অধীক্ষকৰ দায়িত্বৰ পৰা অব্যাহতি ডাঃ অভিজিত শৰ্মাক : দায়িত্ব গ্ৰহণ কৰিলে ‎ডাঃ দেৱজিৎ চৌধুৰীয়ে

জি এম চি এইসৰ অধীক্ষকৰ দায়িত্বৰ পৰা অব্যাহতি ডাঃ অভিজিত শৰ্মাক : দায়িত্ব গ্ৰহণ কৰিলে ‎ডাঃ দেৱজিৎ চৌধুৰীয়ে

August 23, 2025 10:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিজেপিয়ে সন্ধান কৰিছে নতুন নেতাৰ : ১০০ গৰাকী নেতাৰ পৰামৰ্শ লৈছে দলটোৰ নেতত্বই

বিজেপিয়ে সন্ধান কৰিছে নতুন নেতাৰ : ১০০ গৰাকী নেতাৰ পৰামৰ্শ লৈছে দলটোৰ নেতত্বই

August 23, 2025 1:38 pm
জামাত-ই-ইছলামী আৰু  ই-আম ট্ৰাষ্টৰ সৈতে জড়িত ২১৫খন বিদ্যালয়ৰ পৰিচালনাৰ দায়িত্ব লব জম্মু কাশ্মীৰ চৰকাৰে

জামাত-ই-ইছলামী আৰু ই-আম ট্ৰাষ্টৰ সৈতে জড়িত ২১৫খন বিদ্যালয়ৰ পৰিচালনাৰ দায়িত্ব লব জম্মু কাশ্মীৰ চৰকাৰে

August 23, 2025 12:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd