ৰাজেন গোহাঁইৰ যৌন কেলেংকাৰিক লৈ উত্তাল নগাঁও; কৃষক মুক্তিয়ে দাহ কৰিলে পুত্তলিকা

কেন্দ্ৰীয় ৰেইল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁইৰ বিৰুদ্ধে উত্থাপিত যৌন নিৰ্যাতনৰ ঘটনাক কেন্দ্ৰ কৰি আজিও জিলাখনত প্ৰতিক্ৰিয়া অব্যাহত আছে।

ৰাজেন গোহাঁইয়ে প্ৰতিনিধিত্ব কৰা নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত কৃষ্ণাইঘাটত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নগাঁও জিলা সমিতিয়ে ৰাজেন গোহাঁইক অতিশীঘ্ৰে কেন্দ্ৰীয় মন্ত্ৰিত্বৰ পৰা পদত্যাগ কৰাৰ লগতে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষী প্ৰশাসনক দাবী জনাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

সংগঠনটোৰ কেইবা শতাধিক পুৰুষ-মহিলাই চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত উলাই আহি ৰাজেন গোহাঁই গ’বেক, ৰাজেন গোহাঁই মুৰ্দাবাদ আদি ধ্বনিৰে কৃষ্ণাইখাটৰ আকাশ-বতাহ উত্তাল কৰি তোলে।

ইয়াৰ উপৰি কৃষক সংগঠনটোৰ জিলা সভাপতি জীতেন বৰাৰ নেতৃত্বত প্ৰতিবাদকাৰীসকলে গোহাঁইৰ প্ৰতিকৃতিও দাহ কৰে।

উল্লেখযোগ্য যে কেন্দ্ৰীয় ৰেইল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁইৰ বিৰুদ্ধে জিলাখনৰ দেউৰী গাঁৱৰ এগৰাকী বিবাহিতা মহিলাই তেওঁক চাকৰি দিয়াৰ প্ৰলোভনেৰে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত নগাঁও সদৰ থানাত এক গোচৰ ৰুজু কৰিছিল।

ইয়াৰ পিছতেই তেওঁৰ বিৰুদ্ধে জামিনবিহীন ধাৰাত গোচৰ হোৱাৰ পিছৰ পৰাই ৰাজ্যৰ ৰাজনীতিত তীব্ৰ জোকাৰণিৰ সৃষ্টি হোৱাৰ লগতে ৰাজ্যজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷