• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গোলাঘাট জিলাৰ চাহ বাগিচাসমূহত বাহিৰা লোকে প্ৰৱেশ কৰিলেই ১৪ দিনৰ হোম কোৱাৰেণ্টাইন

প্ৰতিটো আছুতীয়াকৰণ কেন্দ্ৰত দৈনিক চিকিৎসকে দুবাৰ প্ৰৱেশ কৰি চাব লাগিব ৰোগী

মীনাক্ষী ফুকন by মীনাক্ষী ফুকন
June 8, 2021 7:32 pm
IMG-20210608-WA0013

গোলাঘাটত চাহ বাগিচাৰ প্ৰৱন্ধকসকলৰ সৈতে উপায়ুক্তৰ বৈঠক। ফটো: নৰ্থইষ্ট নাও।

191
VIEWS
Share on FacebookShare on Twitter

গোলাঘাট জিলাৰ চাহ বাগিচাসমূহত বাহিৰা লোকৰ প্ৰৱেশক লৈ বাগিচা কৰ্তৃপক্ষক কঠোৰ হোৱাৰ নিৰ্দেশ দিছে জিলা উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিঙে।

আজি জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন বৈঠকত উপায়ুক্তগৰাকীয়ে এই নিৰ্দেশ দিয়ে।

গোলাঘাট আৰু সৰুপথাৰৰ চাহ বাগিচাৰ প্ৰৱন্ধকসকলৰ উপস্থিতিত অনুষ্ঠিত বৈঠকত সিঙে কয় যে কোনোবা বাহিৰৰ পৰা আহিলেও ১৪ দিনৰ হোম কোৱাৰেন্টাইনত থাকিব লাগিব।

প্ৰয়োজন হ’লে বাগানসমূহৰ প্ৰৱেশ আৰু প্ৰস্থান পথত অতিৰিক্ত মানুহ নিয়োগ কৰিবলৈ তেওঁ পৰামৰ্শ আগবঢ়ায়।

তেওঁ লগতে চাহ বাগিচাসমূহৰ লক্ষণ নথকা শ্ৰমিককো আকস্মিকভাৱে পৰীক্ষা কৰাৰ নিৰ্দেশ দিয়ে। দৈনিক চাহ বাগিচাৰ মুঠ জনসংখ্যাৰ দশমিক ৩ শতাংশ পৰীক্ষা কৰাৰ উপৰি অন্য লোককো পৰীক্ষা কৰিবলৈ তেওঁ আহ্বান জনায়।

বাগিচা এলেকাসমূহ বীজাণুমুক্তকৰণৰ বিষয়ত গুৰুত্ব আৰোপ কৰি তেওঁ চাহ বাগিচাৰ আছুতীয়াকৰণ কেন্দ্ৰসমূহত বিদ্যুৎ, খোৱা পানী, শৌচাগাৰ আদিৰ লগতে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ দিশত গুৰুত্ব দিয়াৰ নিৰ্দেশ দিয়ে।

তেওঁ কয় যে প্ৰতিটো আছুতীয়াকৰণ কেন্দ্ৰত দৈনিক চিকিৎসকে দুবাৰ প্ৰৱেশ কৰি ৰোগী চাব লাগিব।

বাগিচাৰ শ্ৰমিকে পাত তোলা, পাত জোখা আৰু খোৱা-বোৱাৰ সময়ত সামাজিক দূৰত্ব যাতে মানি চলে তাৰ প্ৰতি বিশেষভাৱে চকু ৰাখিবলৈও উপায়ুক্তগৰাকীয়ে নিৰ্দেশ দিয়ে।

আনহাতে, সজাগতা সৃষ্টিৰ বিষয়ত গুৰুত্ব আৰোপ কৰি তেওঁ চাহ জনগোষ্ঠীৰ সংগঠনসমূহক সজাগতা সৃষ্টিৰ বাবে পদক্ষেপ ল’বলৈ আহ্বান জনায়। তেওঁ ক’ভিডৰ লক্ষণ দেখা পালেই পৰীক্ষা কৰিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনায়।

উপায়ুক্তগৰাকীয়ে কয় যে চাহ বাগিচাৰ ক’ভিড ৰোগী ক’ত থাকিব কেৱল চিকিৎসকেহে সিদ্ধান্ত ল’ব। ৰোগীৰ অৱস্থাৰ ওপৰত ভিত্তি কৰি ক’ভিড কেয়াৰ চেণ্টাৰ অথবা চিকিৎসালয়ত ভৰ্তি কৰোৱা সন্দৰ্ভত সিদ্ধান্ত লোৱা হ’ব বুলি তেওঁ প্ৰকাশ কৰে।

আজিৰ বৈঠকত অতিৰিক্ত উপায়ুক্ত পল্লৱী গগৈ, কুলদ্বীপ হাজৰিকা আৰু স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ অৰুণ চন্দ্ৰ মহন্তৰ লগতে চক্ৰ বিষয়াসকলো উপস্থিত আছিল।

Tags: COVID-19

Recent News

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

হিমাচল প্ৰদেশত হোৱা নেৰানেপেৰা বৰষুণৰ : ভূমিস্খলনৰ ফলত ৬৯ জনৰ মৃত্যু

হিমাচল প্ৰদেশত হোৱা নেৰানেপেৰা বৰষুণৰ : ভূমিস্খলনৰ ফলত ৬৯ জনৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd