• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 27, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

স্বাস্থ্য নিদানঃ ডিম্বাশয়ৰ কৰ্কট ৰোগৰ আৰু কিছু কথা

ডাঃ বিক্ৰম কুমাৰ ডেকা by ডাঃ বিক্ৰম কুমাৰ ডেকা
February 3, 2024 4:12 pm
Ovarian Cancer
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইতিমধ্যে পূৰ্বৰ এটি লিখাত অভেৰী বা ডিম্বাশয়ৰ কৰ্কটৰোগৰ বিষয়ে আপোনালোকক কিছু কথা জনাইছিলোঁ৷ আজিৰ এই লেখাটিত ডিম্বাশয়ৰ কৰ্কটৰোগৰ বিষয়ে পূৰ্বৰ লিখাটিত সন্নিবিষ্ট নোহোৱা আৰু কিছু কথা জনাবলৈ ওলাইছোঁ৷ এই লেখাটিত প্ৰথমে এইবিধ কৰ্কটৰোগ ধৰা পেলাবলৈ কি কি পৰীক্ষা-নিৰীক্ষা কৰা যায়,সেই সম্পৰ্কে কিছু কথা জনাবলৈ লৈছোঁ৷ বিভিন্ন প্ৰক্ৰিয়া বা পৰীক্ষা-নিৰীক্ষাৰ মাজেৰে এই ৰোগ ধৰা পেলোৱা সম্ভৱ। তেনে কেইবিধমান পৰীক্ষণৰ বিষয়ে তলত উল্লেখ কৰা হওঁক-

১) চি এ ১২৫ এছে (CA125 assay):- এইবিধ কৰ্কটৰোগৰ পৰীক্ষা হৈছে তেজৰ পৰীক্ষা। চি এ ১২৫ ৰ অৰ্থ হৈছে-“কেঞ্চাৰ এন্টিজেন ১২৫”। চি এ ১২৫ হৈছে এনে এবিধ পদাৰ্থ,যাক দেহৰ কোষসমূহে তেজত এৰে।এইবিধ পৰীক্ষাত যদি তেজত চি এ ১২৫ ৰ মাত্ৰা স্বাভাৱিক মাত্ৰাতকৈ বেছি থাকে,তেন্তে ব্যক্তিজন কৰ্কটৰোগত আক্ৰান্ত হোৱাৰ এটি লক্ষণ বুলি ধৰা হয়। অন্যথা ই আন স্ত্ৰীৰোগ যেনে এণ্ড’মেট্ৰিয়’ছিছ আদিৰ লক্ষণো হ’ব পাৰে। এই পৰীক্ষণ ডিম্বাশয়ৰ কৰ্কটৰোগ ধৰা পেলাবৰ বাবে কৰা হয়।

২) আলট্ৰাচাউণ্ড পৰীক্ষাঃ-প্ৰায় সকলোৰে অৱগত এই পৰীক্ষণ প্ৰক্ৰিয়াত পেটৰ ভিন্ন অংগৰ ভিতৰলৈকে উচ্চ শক্তিসম্পন্ন শব্দ তৰংগ প্ৰেৰণ কৰা হয়। যাৰ ফলস্বৰূপে,পেটৰ ভিতৰৰ কোষিকা আৰু অংগত সেই শব্দ তৰংগই খুন্দা খাই প্ৰতিধ্বনিৰ সৃষ্টি কৰে। সেই প্ৰতিধ্বনিয়েই পেটৰ ভিতৰৰ কোষিকাৰ এখন ছবি তৈয়াৰ কৰে,যাক চ’ন’গ্ৰাম বোলা হয়। এই প্ৰক্ৰিয়াৰ দ্বাৰাও অভেৰীৰ কৰ্কটৰোগৰ পৰীক্ষণ কৰা হয়।

৩) পেলভিক এক্সাম বা শ্ৰোণীদেশৰ পৰীক্ষাঃ- এইবিধ পৰীক্ষাত ৰোগীজনৰ যোনী, জৰায়ুমুখ, গৰ্ভাশয়, ফেল’পিয়ান টিউব, ডিম্বাশয়ৰ লগতে মলদ্বাৰৰো পৰীক্ষা কৰা হয়। এই প্ৰক্ৰিয়াত স্পেকুলাম নামৰ এক ধাতৱ পৰীক্ষণৰ সঁ‌জুলি যোনীৰ ভিতৰলৈ ভৰাই দি চিকিৎসক আৰু নাৰ্ছে যোনী আৰু জৰায়ুমুখত কিবা ৰোগৰ লক্ষণে দেখা দিছে নেকি লক্ষ্য কৰে। ইয়াৰ লগতে চিকিৎসকে এখন হাতত গ্লভছ পিন্ধি হাতত পিছলজাতীয় পদাৰ্থ লগাই দুটি আঙুলি যোনীৰ ভিতৰেৰে সোমোৱাই দি,আনখন হাত তলপেটৰ ওপৰত ৰাখি,ডিম্বাশয় আৰু গৰ্ভাশয়ৰ স্থিতি,আকাৰ আৰু আকৃতিৰ উমান লয়। একে প্ৰক্ৰিয়াৰেই মলদ্বাৰতো পৰীক্ষা কৰা হয়।

৪) চি টি স্কেনঃ- এইবিধ পৰীক্ষণ প্ৰক্ৰিয়াত দেহৰ ভিতৰৰ সমূহ অংশৰ বিভিন্ন কোণৰ পৰা পুংখানুপুংখভাৱে ইখনৰ পিছত সিখনকৈ ছবি লোৱা যায়। এই ছবিবোৰ এনে এক কম্পিউটাৰৰ দ্বাৰা গ্ৰহণ কৰা হয়,যি এক এক্স-ৰে মেচিনৰ সৈতে সংযুক্ত হৈ থাকে। এই পৰীক্ষণ প্ৰক্ৰিয়াক কম্পিউটাৰড ট’ম’গ্ৰাফী বুলিও কোৱা হয়।

৫) পেট স্কেন (পজিট্ৰ’ন ইমিছন ট’ম’গ্ৰাফী স্কেন):- এইবিধ পৰীক্ষণ প্ৰক্ৰিয়াৰ মাধ্যমেৰে দেহত কৰ্কটৰোগজনিত টিউমাৰৰ কোষ ধৰা পেলাব পাৰি। এই পৰীক্ষাত অতি সামান্য মাত্ৰাৰ ৰেডিঅ’এক্টিভ চুগাৰ বা গ্লুকজ দেহত চিৰিঞ্জৰ মাধ্যমেৰে সোমোৱাই দিয়া হয়। এই ৰেডিঅ’এক্টিভ চুগাৰ তেজত মিহলি হৈ পৰাৰ পিছত কৰা স্কেনত তেজত থকা কেঞ্চাৰজনিত কোষ স্পষ্ট হৈ জিলিকি উঠে।

৬) এম আৰ আই(মেগনেটিক ৰিজনেঞ্চ ইমেজিঙ):- এইবিধ পৰীক্ষণ প্ৰক্ৰিয়াত চুম্বক,তেজস্ক্ৰিয় তৰংগ আৰু কম্পিউটাৰৰ ব্যৱহাৰ কৰি পুংখানুপুংখভাবে দেহৰ অভ্যন্তৰৰ ভিন্ন অংগৰ ইখনৰ পিছত সিখনকৈ ছবি লোৱা যায়।

এতিয়া আহিছোঁ ৰোগৰ পৰীক্ষণ হৈ যোৱাৰ পৰৱৰ্তী প্ৰক্ৰিয়ালৈ। অৰ্থাৎ যদিহে পৰীক্ষণত ডিম্বাশয়ৰ কৰ্কটৰোগ ধৰা পৰে,তেন্তে ইয়াৰ চিকিৎসা প্ৰক্ৰিয়া কেনে হ’ব, সেই বিষয়লৈ। ডিম্বাশয়ৰ কৰ্কটৰোগৰ ৰোগীৰ বাবে বিভিন্নধৰণৰ চিকিৎসা পদ্ধতি উপলব্ধ। ডিম্বাশয়ৰ কৰ্কটৰোগত মূলতঃ তিনিপ্ৰকাৰৰ চিকিৎসা পদ্ধতিৰ প্ৰয়োগ কৰা হয়। সেই তিনিবিধ হৈছে-
১) অস্ত্ৰোপচাৰ,
২) কেম’থেৰাপী,
৩) টাৰ্গেটেড থেৰাপী।

ইয়াৰ লগতে তুলনামূলকভাৱে নতুন ধৰণৰ দুবিধ চিকিৎসা প্ৰক্ৰিয়াৰ প্ৰয়োগৰ পৰীক্ষা-নিৰীক্ষা চলাই থকা হৈছে। সেই দুবিধ হৈছে-
১) ৰেডিয়েচন থেৰাপী,
২) ইমিউন’থেৰাপী।

অৱশ্যে আন আন কৰ্কটৰোগৰ দৰেই অভেৰী বা ডিম্বাশয়ৰ কৰ্কটৰোগৰো স্তৰ বা পৰ্যায় ভেদে চিকিৎসা কৰা হয়। ডিম্বাশয়ৰ কৰ্কটৰোগৰ চাৰিটা স্তৰ হৈছে-
১) প্ৰথম স্তৰঃ- ডিম্বাশয়তে সীমাবদ্ধ।
২) দ্বিতীয় স্তৰঃ- ডিম্বাশয়ৰ কাষৰ শ্ৰোণীদেশৰ অংগলৈ বিয়পি পৰা।
৩) তৃতীয় স্তৰঃ- লসিকা গ্ৰন্থিলৈ বিয়পি পৰা।
৪) চতুৰ্থ স্তৰঃ-ডিম্বাশয়ৰ পৰা আন দূৰৈত অৱস্থিত অংগ পৰ্যন্ত বিয়পি পৰা।

লগতে পঢ়কঃ অভেৰী বা ডিম্বাশয়ৰ কৰ্কটৰোগ

এতিয়া আহিছোঁ অভেৰী বা ডিম্বাশয়ৰ কৰ্কটৰোগৰ চিকিৎসাৰ প্ৰথমবিধ বা মূল প্ৰকাৰ অস্ত্ৰোপচাৰৰ বিষয়লৈ। মূল বুলি এইবাবেই কৈছোঁ, কাৰণ ডিম্বাশয়ৰ কৰ্কটৰোগত অস্ত্ৰোপচাৰৰ প্ৰয়োগেই বেছি হয়,যাৰ জৰিয়তে যিমান অধিক সম্ভৱ সিমান কৰ্কটৰোগৰ টিউমাৰৰ নিষ্কাষণ কৰিব পাৰি। এই অস্ত্ৰোপচাৰ ভিন্ন ধৰণৰ হয়। তেনে কেইপ্ৰকাৰৰ অস্ত্ৰোপচাৰ হৈছে-

১) হিষ্টেৰেক্টমীঃ- এইবিধ অস্ত্ৰোপচাৰত মূলতঃ গৰ্ভাশয় আৰু কেতিয়াবা জৰায়ুমুখ নিষ্কাষণ কৰি দিয়া হয়। যিবিধ অস্ত্ৰোপচাৰত মাথোঁ গৰ্ভাশয় হে নিষ্কাষণ কৰা হয়,সেইবিধক “পাৰ্চিয়েল হিষ্টেৰেক্টমী”বোলা হয়। আনহাতে গৰ্ভাশয় আৰু জৰায়ুমুখ দুয়োবিধৰেই নিষ্কাষণ কৰিলে সেই অস্ত্ৰোপচাৰক “ট’টেল হিষ্টেৰেক্টমী”বোলা হয়।

২) ইউনিলেটাৰেল চেলপিংগ’ ওফ’ৰেক্টমীঃ- এইবিধ অস্ত্ৰোপচাৰত এটি অভাৰী বা ডিম্বাশয় আৰু এডাল ফেল’পিয়ান টিউব দেহৰ পৰা নিষ্কাষণ কৰা হয়।

৩) বাইলেটেৰাল চেলপিংগ’ ওফ’ৰেক্টমীঃ-এইবিধ অস্ত্ৰোপচাৰত আকৌ দুয়োটা অভাৰী বা ডিম্বাশয়ৰ লগতেই দুয়োডাল ফেল’পিয়ান টিউবো দেহৰ পৰা নিষ্কাষণ কৰা হয়।

৪) অমেনটেক্টমীঃ- এইবিধ অস্ত্ৰোপচাৰ অমেন্টাম(পেৰিট’নিয়ামৰ কোষিকা য’ত ৰক্তবাহী নলিকা,সীৰা,লসিকা নলিকা আৰু লসিকা গ্ৰন্থি থাকে)অংশক গুচাবৰ বাবে কৰা হয়।

৫) লিম্ফ ন’ড ডিচেকছন (লসিকা গ্ৰন্থিৰ গুচাই দিয়া):- এই প্ৰক্ৰিয়াত এটি সম্পূৰ্ণ লসিকা গ্ৰন্থি গুচাই দিয়া হয়। আৰু ইয়াৰ কোষত কেঞ্চাৰজনিত কোষৰ অৱস্থিতি ধৰা পেলাবৰ বাবে এই গ্ৰন্থিৰ বায়’পছি কৰা হয়।

এতিয়া আহিছোঁ ডিম্বাশয়ৰ কৰ্কটৰোগৰ আন দুবিধ চিকিৎসা প্ৰক্ৰিয়া কেম’থেৰাপী আৰু টাৰ্গেটেড থেৰাপী সম্পৰ্কে কিছু কথা জনাবলৈ।

১) কেম’থেৰাপীঃ- কেম’থেৰাপী হৈছে কেঞ্চাৰৰোগৰ এনে এবিধ চিকিৎসা প্ৰক্ৰিয়া য’ত এনে দৰৱৰ প্ৰয়োগ কৰা হয়,যাৰ ফলত কেঞ্চাৰৰোগৰ কোষসমূহৰ বৃদ্ধিত,বাধা প্ৰদান কৰে। এই প্ৰক্ৰিয়াত হয় কেঞ্চাৰজনিত কোষসমূহক মাৰি পেলোৱা হয়,অথবা এই কোষসমূহক বিভক্ত হোৱাত বাধা দিয়া হয়। কেম’থেৰাপী হয় মুখেৰে সেৱন কৰিব দিয়া হয়,অথবা সিৰাৰ মাধ্যমেৰে দেহত ভৰাই দিয়া হয়। কেম’থেৰাপীৰো কেইবাটাও প্ৰকাৰ আছে।

ডিম্বাশয়ৰ কৰ্কটৰোগত প্ৰয়োগ কৰা এবিধ কেম’থেৰাপী হৈছে ইনট্ৰাপেৰিট’নিয়েল কেম’থেৰাপী(আই পি)। আন এবিধ হৈছে হাইপাৰথাৰ্মিক ইনট্ৰাপেৰিট’নিয়েল কেম’থেৰাপী(এইচ আই পি ই চি)। এই হাইপেক কেম’থেৰাপীবিধ সাধাৰণতে এবাৰ ভাল হৈ উঠাৰ পিছত পুনৰাই একেবিধ কৰ্কটৰোগে গা কৰি উঠা ৰোগীৰ ক্ষেত্ৰত প্ৰয়োগ কৰা হয়। তেনে ৰোগীক অস্ত্ৰোপচাৰ কৰাৰ ঠিক লগে লগেই,এই হাইপেক কেম’থেৰাপী গৰম কৰি পেৰিট’নিয়েল কেভিটি বা পেটৰ ভিতৰৰ অংগলৈ প্ৰত্যক্ষভাৱে প্ৰেৰণ কৰে। এইবিধতকৈ অধিক কেঞ্চাৰনাসী দৰৱৰ প্ৰয়োগ কৰা কেম’থেৰাপীক কম্বিনেচন কেম’থেৰাপী বোলা হয়।

যদিও অস্ত্ৰোপচাৰেই ডিম্বাশয়ৰ কৰ্কটৰোগৰ মূল চিকিৎসা, তথাপি এইবিধ কৰ্কটৰোগত আক্ৰান্ত প্ৰতিগৰাকী ৰোগীকেই কেম’থেৰাপীও দিয়া হয়। যদিহে ৰোগীগৰাকীৰ ৰোগৰ স্তৰ প্ৰাৰম্ভিক পৰ্যায়ত থাকে,তেন্তে প্ৰথমে অস্ত্ৰোপচাৰ কৰা হয়,তাৰপিছত কেম’থেৰাপী দিয়া হয়। আৰু যদিহে এগৰাকী ৰোগীৰ কৰ্কটৰোগ অধিক বিয়পি পৰা অৱস্থাত ধৰা পৰে,তেতিয়া প্ৰথমে কেম’থেৰাপী দি,তাৰ পৰৱৰ্তী পৰ্যায়ত অস্ত্ৰোপচাৰ কৰা হয়।

২) টাৰ্গেটেড থেৰাপীঃ- এইবিধ চিকিৎসা প্ৰক্ৰিয়াত এনে দৰৱ বা পদাৰ্থৰ ব্যৱহাৰ কৰা হয়,যাৰ যোগেদি নিৰ্দ্দিষ্ট কেঞ্চাৰৰ কোষক চিনাক্ত কৰা আৰু কোষসমূহক নষ্ট কৰা যায়। ম’ন’ক্ল’নেল এন্টিবডী হৈছে এনে এবিধ ৰোগ প্ৰতিৰোধী প্ৰক্ৰিয়াৰ প্ৰ’টিন যাক মানৱদেহৰ কেঞ্চাৰকে আদি কৰি ভিন্ন ৰোগৰ চিকিৎসাৰ বাবে লেবৰেটৰীত প্ৰস্তুত কৰা যায়। কৰ্কটৰোগৰ চিকিৎসাত এক টাৰ্গেটেড থেৰাপীৰ মাধ্যমেৰে এইবিধ প্ৰ’টিনে কৰ্কটৰোগৰ নিৰ্দ্দিষ্ট কোষসমূহ নষ্ট কৰাৰ লগতে ইয়াৰ বৃদ্ধি আৰু প্ৰসাৰণত বাধা প্ৰদান কৰিবলৈ সক্ষম হয়।

(লেখক এগৰাকী কৰ্কট ৰোগ বিশেষজ্ঞ, দিল্লীস্থিত মেক্স হস্পিতালৰ এগৰাকী ৰ’ব’টিক শল্য চিকিৎসক। তেওঁৰ ফোনঃ ৯৫৬০৬৩০২০৫)

ডাঃ বিক্ৰম কুমাৰ ডেকা

ডাঃ বিক্ৰম কুমাৰ ডেকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এই পূজাই গণেশ উৎসৱৰ সময়ত ৪০০ কোটি টকাৰ বীমা লাভ কৰিলে, আনকি ‘লালবাঘচা ৰাজা’ও থাকিল পিছ পৰি

এই পূজাই গণেশ উৎসৱৰ সময়ত ৪০০ কোটি টকাৰ বীমা লাভ কৰিলে, আনকি ‘লালবাঘচা ৰাজা’ও থাকিল পিছ পৰি

August 27, 2025 9:10 pm
বনতাৰাৰ তদন্তঃ উৎকোচ লোৱাৰ অভিযোগত নিলম্বিত বিষয়াক অনুসন্ধানকাৰী দলত স্থান দিয়াক লৈ প্ৰশ্নচিহ্ন

বনতাৰাৰ তদন্তঃ উৎকোচ লোৱাৰ অভিযোগত নিলম্বিত বিষয়াক অনুসন্ধানকাৰী দলত স্থান দিয়াক লৈ প্ৰশ্নচিহ্ন

August 27, 2025 8:34 pm
‘গোবিন্দা কেৱল মাত্ৰ মোৰ’: বিবাহ বিচ্ছেদৰ বাতৰিক নস্যাৎ সুনীতা আহুজাৰ

‘গোবিন্দা কেৱল মাত্ৰ মোৰ’: বিবাহ বিচ্ছেদৰ বাতৰিক নস্যাৎ সুনীতা আহুজাৰ

August 27, 2025 7:15 pm
মালা বিক্ৰেতাৰ পৰা ৰূপালী পৰ্দালৈ: কুম্ভ মেলাৰ ভাইৰেল গাৰ্ল মনালিছা ভোছলেৰ মালয়ালম চিনেমাত অভিষেক

মালা বিক্ৰেতাৰ পৰা ৰূপালী পৰ্দালৈ: কুম্ভ মেলাৰ ভাইৰেল গাৰ্ল মনালিছা ভোছলেৰ মালয়ালম চিনেমাত অভিষেক

August 27, 2025 6:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এই পূজাই গণেশ উৎসৱৰ সময়ত ৪০০ কোটি টকাৰ বীমা লাভ কৰিলে, আনকি ‘লালবাঘচা ৰাজা’ও থাকিল পিছ পৰি

এই পূজাই গণেশ উৎসৱৰ সময়ত ৪০০ কোটি টকাৰ বীমা লাভ কৰিলে, আনকি ‘লালবাঘচা ৰাজা’ও থাকিল পিছ পৰি

August 27, 2025 9:10 pm
বনতাৰাৰ তদন্তঃ উৎকোচ লোৱাৰ অভিযোগত নিলম্বিত বিষয়াক অনুসন্ধানকাৰী দলত স্থান দিয়াক লৈ প্ৰশ্নচিহ্ন

বনতাৰাৰ তদন্তঃ উৎকোচ লোৱাৰ অভিযোগত নিলম্বিত বিষয়াক অনুসন্ধানকাৰী দলত স্থান দিয়াক লৈ প্ৰশ্নচিহ্ন

August 27, 2025 8:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd