NORTHEAST NOW (Assamese)

ফুচকাপ্ৰেমে মাতিলে বিপদ: ফুচকা খাই অসুস্থ হ’ল শতাধিক লোক, পালেগৈ চিকিৎসালয়

August 11, 2022 7:45 pm · এন ই নাও নিউজ, গুৱাহাটী

একাংশ খাদ্য ৰসিকৰ বাবে ফুচকা নামৰ লঘূ ফাষ্টফুডবিধ খুবেই প্ৰিয়। যুৱচামৰ, বিশেষকৈ যুৱতী বা কিশোৰীসকলৰ মাজত ফুচকাৰ জনপ্ৰিয়তা অত্যন্ত বেছি। এই মুখৰোচক ফাষ্টফুডৰ জুতিত অভ্যস্ত বহু লোক।

পিছে এই ফুচকা খাদ্য হিচাপে গ্ৰহণ কৰাৰ পূৰ্বে হওক সাৱধান। মুখৰ জুতি লোৱাৰ বাঞ্চাৰে ফুচকা খাবলৈ গৈ বিপদতো পৰিব পাৰে আপুনি। ভুগিব পাৰে শাৰীৰিক অসুস্থতাত।

শেহতীয়াকৈ পশ্চিম বংগত সংঘটিত হৈছে এনে এক ঘটনা। ৰাজ্যখনৰ হুগলী জিলাৰ এটা অঞ্চলত পথৰ কাষতে থকা দোকানত ফুচকা খাই অসুস্থ হৈ পৰিছে এশৰো অধিক লোক।

প্ৰকাশিত খবৰ অনুসৰি ফুচকা খোৱাৰ পিছতে এই সকল লোক বমি আৰু পেটৰ বিষত আক্ৰান্ত হয়। এনে অসুস্থতাৰ পিছতে স্বাস্থ্য বিভাগৰ এটা বিশেষ দল অঞ্চলটোত উপস্থিত হয় আৰু ৰোগীসকলক প্ৰাথমিক চিকিৎসাৰ বাবে ঔষধ দিয়ে।

স্বাস্থ্য বিভাগৰ দলটোৱে অধিকাংশ ৰুগীয়া লোককে স্বাস্থ্যৰ গুৰুতৰ অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি চিকিৎসালয়ত ভৰ্তি হ’বলৈ পৰামৰ্শ দিয়ে।

ৰোগীৰ লক্ষণসমূহৰ আধাৰত স্বাস্থ্য বিভাগৰ দলটোৱে অসুস্থ হৈ পৰা লোকসকল ডায়েৰিয়াত আক্ৰান্ত হোৱাৰ সন্দেহ কৰিছে।

ইতিমধ্যে প্ৰাথমিক চিকিৎসাৰ পিছত কিছু লোক সুস্থ হৈ উঠিছে যদিও অধিকাংশ লোক চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে।

Related News