• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পুনৰ ৰক্তাক্ত ছিৰিয়া! ১০০০ লোকৰ মৃত্যু, বিৱস্ত্ৰ কৰি ঘুৰোৱা হ’ল দুগৰাকী মহিলাক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 9, 2025 1:18 pm
260
VIEWS
Share on FacebookShare on Twitter

পুনৰ ৰক্তাক্ত হৈ পৰিছে ছিৰিয়া। নিৰাপত্তা বাহিনী আৰু উৎখাত হোৱা ৰাষ্ট্ৰপতি বাছাৰ আল আছাদৰ সমৰ্থকৰ মাজত সংঘটিত সংঘৰ্ষত উত্তপ্ত হৈ পৰিছে দেশখন। প্ৰায় এক হাজাৰ নাগৰিকৰ মৃত্যু হৈছে। দুগৰাকী মহিলাক বিৱস্ত্ৰ কৰি ৰাজপথত ঘুৰোৱাৰ অভিযোগ উত্থাপন হৈছে।

বাতৰি অনুসৰি, বৰ্তমান ছিৰিয়া চৰকাৰৰ নিৰাপত্তা বাহিনীয়ে বাছাৰ আল আছাদৰ অনুগামী হিচাপে পৰিচিত আলাউই সংখ্যালঘুৰ ওপৰত নিৰ্বিচাৰ গুলীচালনা কৰিছে। আছাদৰ ঘনিষ্ঠ সহযোগীসকলে ইয়াক প্ৰতিশোধমূলক হত্যাকাণ্ড বুলি অভিহিত কৰিছে।

আছাদ চৰকাৰৰ পতনৰ পিছৰে পৰা ছিৰিয়াত সংঘাত অব্যাহত আছে। আছাদ সমৰ্থক আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘৰ্ষৰ খবৰ প্ৰায়ে পোহৰলৈ আহিছে। অৱশ্যে ছিৰিয়াৰ প্ৰায় সকলো অঞ্চল বৰ্তমান নতুন চৰকাৰৰ নিয়ন্ত্ৰণত আছে। প্ৰশাসনে উপকূলীয় সকলো পথ বন্ধ কৰি দিছে। চৰকাৰে দাবী কৰিছে যে এই অঞ্চলসমূহত পুনৰ সন্ত্ৰাসবাদৰ উত্থান ঘটিছে।

ছিৰিয়াৰ মানৱ অধিকাৰ আয়োগৰ তথ্য অনুসৰি শেহতীয়া সংঘৰ্ষত ৭৪৫ জন সাধাৰণ নাগৰিক নিহত হৈছে। বেছিভাগেই বন্দুকৰ গুলীত নিহত হয়। খবৰ অনুসৰি আছাদক নিৰাপত্তাত থকা সামৰিক বাহিনীৰ ১৪৮ জন সদস্যও নিহত হৈছে। নাৰীৰ ওপৰত অকথ্য নিৰ্যাতনৰ বিভিন্ন বাতৰিও পোহৰলৈ আহিছে।

দেশখনত স্বাভাৱিক জীৱন বিঘ্নিত হৈ পৰিছে। লাটাকিয়া প্ৰদেশৰ বৃহৎ অংশ বিদ্যুত বিহীন হৈ পৰিছে। খোৱাপানীৰ নাটনিও হৈছে। স্থানীয় বাসিন্দাসকলে কয় যে ৰাস্তাৰ চুকে কোণে বন্দুকধাৰীয়ে ঘূৰি ফুৰিছে। কোনোবা আগবাঢ়ি আহিলে প্ৰথমে তেওঁলোকৰ পৰিচয় পত্ৰ পৰীক্ষা কৰা হয় আৰু দেখুৱাব নোৱাৰিলে বন্দুকেৰে গুলীয়াই হত্যা কৰা হৈছে। এইবোৰক ‘প্ৰতিশোধমূলক হত্যা’ বুলি অভিহিত কৰা হৈছে। ৰাজপথত মৃতদেহৰ দম দেখা গৈছে।

ডিচেম্বৰ মাহত আছাদ চৰকাৰৰ পতনৰ পিছত বিদ্ৰোহী সংগঠন তাহৰিৰ আল-শ্বাম (এইচটিএছ)ৰ শীৰ্ষ নেতা আবু মহম্মদ আল-জোলানীয়ে অন্তৱৰ্তীকালীন চৰকাৰ গঠনৰ কথা ঘোষণা কৰে। অৱশ্যে সেই চৰকাৰৰ প্ৰধানমন্ত্ৰীৰ দায়িত্ব তেওঁ লাভ কৰা নাছিল। আন এজন বিদ্ৰোহী নেতা মহম্মদ আল বছিৰে লাভ কৰিছে।

ইপিনে, চাৰি বছৰৰ ভিতৰত গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰলৈ ক্ষমতা হস্তান্তৰ কৰা হ’ব বুলিও ঘোষণা কৰা হৈছে। আল কায়দাৰ প্ৰাক্তন শীৰ্ষ বিদ্ৰোহী নেতা আহমেদ আল শ্বাৰা যোৱা জানুৱাৰী মাহত অন্তৱৰ্তীকালীন চৰকাৰৰ প্ৰেছিডেন্ট নিৰ্বাচিত হৈছিল।

Recent News

বিজনীত এছ এছ বি-আৰক্ষীৰ যৌথ অভিযান : জব্দ ঘৰত নিৰ্মাণ কৰা বন্দুক

বিজনীত এছ এছ বি-আৰক্ষীৰ যৌথ অভিযান : জব্দ ঘৰত নিৰ্মাণ কৰা বন্দুক

চাকৰি নাই, যুৱক-যুৱতীসকলৰ মাজত নিবনুৱাৰ হাৰ ১৫.৩ শতাংশলৈ বৃদ্ধি! কেন্দ্ৰৰ প্ৰতিবেদনত প্ৰকাশ পালে তথ্য

চাকৰি নাই, যুৱক-যুৱতীসকলৰ মাজত নিবনুৱাৰ হাৰ ১৫.৩ শতাংশলৈ বৃদ্ধি! কেন্দ্ৰৰ প্ৰতিবেদনত প্ৰকাশ পালে তথ্য

ৰাখাইন, শাসনব্যৱস্থাৰ পৰিৱৰ্তন আৰু আঞ্চলিক স্থিৰতা: এক ভূ-ৰাজনৈতিক বিশ্লেষণ

ৰাখাইন, শাসনব্যৱস্থাৰ পৰিৱৰ্তন আৰু আঞ্চলিক স্থিৰতা: এক ভূ-ৰাজনৈতিক বিশ্লেষণ

মধ্যপ্ৰাচ্যৰ পিছত এছিয়াতো যুদ্ধৰ আশংকা! বৃদ্ধি পাইছে চীন-টাইৱানৰ মাজত উত্তেজনা

মধ্যপ্ৰাচ্যৰ পিছত এছিয়াতো যুদ্ধৰ আশংকা! বৃদ্ধি পাইছে চীন-টাইৱানৰ মাজত উত্তেজনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd