NORTHEAST NOW (Assamese)

গোলাঘাট জিলাত ২১ লক্ষাধিক সুৰা আৰু ১১ লাখৰো অধিক নগদ ধন জব্দ

March 17, 2021 1:35 pm · মীনাক্ষী ফুকন
Updated: March 17, 2021 2:10 pm

গোলাঘাট নিৰ্বাচন জিলাত নিৰ্বাচনী আদৰ্শ আচৰণ বিধি বলৱৎ হৈ থকাৰ সময়ছোৱাত ধনৰ অবৈধ লেনদেন, ভোটাৰক ধন দি প্ৰলোভিত কৰা, সুৰাৰ অবাধ প্ৰচলন আদি ৰোধ কৰাৰ উদ্দেশ্যে ৯৫-গোলাঘাট আৰু ৯৬-খুমটাই সমষ্টিত আদৰ্শ আচৰণ বিধি কোষে সক্ৰিয় ভূমিকা পালন কৰিছে।

দুয়োটা বিধানসভা সমষ্টিত নিয়োজিত ষ্টেটিক ছাৰ্ভিলেন্স দল, ফ্লায়িং স্কোৱাড আৰু ভিডিঅ’ ছাৰ্ভিলেন্স দলে বিশেষ সাফল্য অর্জন কৰিছে।

নিৰ্বাচনী আদৰ্শ আচৰণ বিধি বলৱৎ হোৱা দিন ধৰি এতিয়ালৈকে দুয়োটা সমষ্টিত ২১,৬৮,২৫৫ টকা মূল্যৰ সুৰা আৰু ১১,৮৫,৭০৫ টকা নগদ ধন জব্দ কৰা হৈছে।

গোলাঘাট বিধানসভা সমষ্টিৰ অধীনৰ বিভিন্ন স্থানৰ পৰা ৮,৫৯,০০০টকা আৰু খুমটাই সমষ্টিৰ অধীনৰ বিভিন্ন ঠাইৰ পৰা  নগদ ৩,২৬,৭০৫ টকা জব্দ কৰা হৈছে।

২০১৬ চনৰ বিধানসভা নিৰ্বাচনৰ তুলনাত এই পৰিমাণ ৫.৫গুণ অধিক বুলি আদৰ্শ আচৰণ বিধি কোষৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত কুলদ্বীপ হাজৰিকাই জানিবলৈ দিছে। দুয়োটা বিধানসভা সমষ্টিত নিয়োজিত ষ্টেটিক ছাৰ্ভিলেন্স দল, ফ্লায়িং স্কোৱাড আৰু ভিডিঅ’ ছাৰ্ভিলেন্স দলৰ অধিক সক্ৰিয়তা আৰু সজাগ ভূমিকাৰ বাবেই এইয়া সম্ভৱ হৈছে বুলি বিষয়াগৰাকীয়ে প্ৰকাশ কৰে।

উল্লেখযোগ্য যে ধনৰ অবৈধ লেনদেন আৰু নিৰ্বাচনৰ সময়ছোৱাত প্ৰাৰ্থীৰ নিৰ্বাচনী ব্যয়ত চকু ৰখাৰ বাবে  নিৰ্বাচনী আদৰ্শ আচৰণ বিধি বলৱৎ হৈ থকাৰ সময়ছোৱাত বৈধ নথি-পত্ৰ অবিহনে নগদ ৫০হাজাৰ টকাতকৈ অধিক ধন কঢ়িওৱাৰ ক্ষেত্ৰত নিৰ্বাচন আয়োগে নিষেধাজ্ঞা জাৰি কৰিছে। সেই অনুসৰি কোনো বৈধ নথি-পত্ৰ নাথাকিলে এনে ধনক অবৈধ হিচাপে গণ্য কৰা হয়।

একেদৰে ভোটাৰৰ মাজত সুৰাৰ অবাধ প্ৰচলন ৰোধ কৰাৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰা হৈছে। দুয়োটা সমষ্টিত তিনিটাকৈ ষ্টেটিক ছাৰ্ভিলেন্স দল, ফ্লায়িং স্কোৱাড আৰু ভিডিঅ’ ছাৰ্ভিলেন্স দল নিয়োগ কৰা হৈছে। এই দলসমূহে ২৪ ঘণ্টাই নিয়মীয়া তালাচী অভিযান চলোৱাৰ লগতে আদৰ্শ আচৰণ বিধি উলংঘনৰ ঘটনা ৰোধ কৰাৰ বাবে কাম কৰি আছে।

Related News