মাত্ৰ এবছৰত দেশত ২,১৫২ জন ন্যায়ৰ আশাত বন্দী লোকে প্ৰাণ হেৰুৱালে ন্যায়িক জিম্মাত

Custody death in India in 2021-22

২০২১-২২ বৰ্ষত সমগ্ৰ দেশতে ন্যায়িক জিম্মাত ২,১৫২ জন লোকৰ মৃত্যু হৈছে। সেইদৰে আৰক্ষীৰ জিম্মাত মৃত্যু হৈছে ১৫৫ জন লোকৰ। এই চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে।

মানৱ অধিকাৰ আয়োগৰ এই তথ্য মঙলবাৰে লোকসভাত অৱগত কৰা হয়।

কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে কয় যে উত্তৰ প্ৰদেশত ২০২১-২২ বৰ্ষত ফেব্ৰুৱাৰী লৈকে ন্যায়িক জিম্মাত সৰ্বাধিক ৪৪৮ জন লোকৰ মৃত্যুৰ তথ্য পোৱা গৈছে।

আনহাতে মহাৰাষ্ট্ৰত বিগত বৰ্ষত আৰক্ষীৰ জিম্মাত সৰ্বাধিক ২৯ জন লোকৰ মৃত্যু হৈছে বুলি সংসদত উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে।

ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে ২০২১-২২ বৰ্ষত এনেদৰে জিম্মাত মৃত্যুৰ ১৩৭ টা গোচৰৰ ক্ষেত্ৰত মুঠ ৪.৫৩ কোটি টকাৰ ক্ষতিপূৰণ ঘোষণা কৰিছিল বুলি মন্ত্ৰী ৰায়ে এক লিখিত প্ৰশ্নৰ উত্তৰত কয়।

মন্ত্ৰী গৰাকীয়ে কয় যে, ২০২১-২২ বৰ্ষত ন্যায়িক জিম্মাত ২,১৫২ টা মৃত্যুৰ ঘটনা ঘটিছিল।

যোৱা পাঁচ বছৰত জিম্মাত মৃত্যু হোৱা মাত্ৰ ২১ টা গোচৰৰ ক্ষেত্ৰত অনুশাসনমূলক ব্যৱস্থা লোৱা হৈছিল বুলিও তেওঁ উল্লেখ কৰে।

গৃহ মন্ত্ৰালয়ে সদৰি কৰা আয়োগৰ তথ্য অনুসৰি ২০২০-২১ বৰ্ষত সমগ্ৰ দেশত ন্যায়িক জিম্মাত ১,৮৪০ টা, ২০১৯-২০ বৰ্ষত ১,৫৮৪ টা, ২০১৮-১৯ বৰ্ষত ১,৭৯৭ টা, ২০১৭-১৮ বৰ্ষত ১,৬৩৬ টা আৰু ২০১৬-১৭ বৰ্ষত ১,৬১৬ টা মৃত্যুৰ ঘটনা ঘটিছিল।

সেইদৰে ২০২০-২১ বৰ্ষত আৰক্ষীৰ জিম্মাত মৃত্যুৰ ঘটনাৰ সংখ্যা আছিল ১০০, ২০১৯-২০ বৰ্ষত ১১২ টা, ২০১৮-১৯ বৰ্ষত ১৩৬ টা, ২০১৭-১৮ বৰ্ষত ১৪৬ টা আৰু ২০১৬-১৭ বৰ্ষত ১৪৫ টা।