অপ্ৰতিৰোধ্য কৰ’না! বাংলাদেশত ৫২৩ গৰাকী চিকিৎসক কৰ’নাত আক্ৰান্ত

covid-19

প্ৰতিনিধিত্বমূলক ফটো

বিশ্বজুৰি মহামাৰী কৰ’নাৰ দৌৰাত্ম্য হ্ৰাস পোৱাৰ কোনো লক্ষণ স্পষ্ট হৈ উঠা নাই। নিতৌ নতুনকৈ লোক এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে।

ভাৰতৰ চুবুৰীয়া দেশ বাংলাদেশতো কৰ’নাই আতংকৰ সৃষ্টি কৰিছে। দেশখনত এতিয়ালৈকে ৫২৩গৰাকী চিকিৎসক কৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে।

বাংলাদেশৰ ফাইণ্ডেশ্যন ফৰ ডক্টৰছ ছেফটি এণ্ড ৰাইটছ নামৰ চিকিৎসকসকলৰ সংস্থাটোৱে শনিবাৰে এই কথা সদৰী কৰিছে।

সংস্থাটোৰ সাধাৰণ সম্পাদক ডাঃ শ্বেখ আব্দুল্লাহ আল আমিনে সদৰী কৰা তথ্য অনুসৰি কৰ’নাত আক্ৰান্ত ৫২৩গৰাকী চিকিৎসকৰ ভিতৰত ৩৮৯গৰাকী চিকিৎসকেই ৰাজধানী চহৰ ঢাকাৰ।

তেওঁ জানিবলৈ দিয়া মতে গোটেই দেশখনতে এতিয়ালৈকে কৰ’না ভাইৰাছত আক্ৰান্ত হোৱা ৫২৩গৰাকী চিকিৎসকৰ ভিতৰত ৩৮৯গৰাকী ঢাকাৰ, বৰিশালৰ ৯গৰাকী, চট্টগ্ৰামৰ ১৭গৰাকী, ছিলেটৰ ৭গৰাকী, খুলনাৰ ৩০গৰাকী, ৰংপুৰৰ ৭গৰাকী, মৈমনসিঙৰ ৬১গৰাকী আৰু ৰাজশাহীৰ ৩গৰাকী চিকিৎসক আছে।

শেহতীয়া তথ্য অনুসৰি বাংলাদেশত এতিয়ালৈকে মুঠ ৮,৭৯০ গৰাকী লোক কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে।

দেশখনত কৰ’না ভাইৰাছৰ ফলত ১৭৫গৰাকী লোকৰ মৃত্যু হৈছে আৰু ১৭৭ গৰাকী লোক সুস্থ হৈ উঠিছে।