NORTHEAST NOW (Assamese)

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া জনপদত পশুধনৰ প্ৰতিষেধক প্ৰদান অভিযান

April 10, 2021 12:46 pm · উত্তম শইকীয়া
Updated: April 10, 2021 3:32 pm
ফটো : নৰ্থইষ্ট নাও।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱ কুলক সংক্ৰমণ ৰোগৰ পৰা ৰক্ষা কৰাৰ লগতে কাষৰীয় গাওঁবোৰৰ পশুধনৰ কল্যাণৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই প্ৰতি বছৰেই কাষৰীয় জনপদ বোৰৰ পশুধনক প্ৰতিষেধক প্ৰদান কৰি আহিছে ৷

বিগত বৰ্ষৰ দৰে এই বছৰো এই অভিযান আৰম্ভ কৰিছে উদ্যান কৰ্তৃপক্ষই ৷

বোকাখাতৰ ৰাজ্যিক পশু চিকিৎসা বিভাগৰ সহযোগত উদ্যান কৰ্তৃপক্ষই কাজিৰঙাৰ প্ৰতিটো বনাঞ্চলতে আৰম্ভ কৰিছে এই অভিযান ৷

এই অভিযানেৰে উদ্যান কৰ্তৃপক্ষই ইতিমধ্যে ৰাষ্ট্ৰীয় উদ্যানখনৰ বোকাখাত আৰু অগৰাতলি বনাঞ্চলৰ কাষৰীয় গাওঁ বোৰত পশুধনৰ প্ৰতিষেধক প্ৰদানৰ কাম সম্পুৰ্ণ কৰিছে ৷

বিভাগীয় সুত্ৰৰ তথ্য মতে কৰ্তৃপক্ষই পশু চিকিৎসকৰ সহযোগত বোকাখাত বনাঞ্চলৰ অধীনৰ ৭ টা চাপৰিৰ  মুঠ ৩১৯ টা খুটিৰ মুঠ ৩৪৩৯ টা গৰু আৰু  ৭০১ টা ম’হৰ সৈতে মুঠ ৪১৪০ টা পশুধনক ৰোগ প্ৰতিৰোধক টিকা প্ৰদান কৰিছে ৷

একেদৰে অগৰাতলি বনাঞ্চলৰ মুঠ  ১৩ খন গাওঁত এই অভিযান সম্পুৰ্ণ কৰিছে ৷  ১৩ খন গাওঁৰ  মুঠ ৩৮১ টা হিতাধিকাৰী পৰিয়ালৰ মুঠ ২২৬০ টা গৰু আৰু  ২৮ টা ম’হক প্ৰতিষেধক প্ৰদান কৰা হৈছে ৷

দুয়োটা বনাঞ্চলত মুঠ  ৬৪২৭ টা পশুধনক ৰোগ প্ৰতিৰোধক টিকা প্ৰদান সম্পুৰ্ণ কৰা বুলি উদ্যান কৰ্তৃপক্ষই জনাইছে ৷ সম্প্ৰতি ৰাষ্ট্ৰীয় উদ্যানখনৰ কহঁৰা বনাঞ্চলত প্ৰতিষেধক প্ৰদানৰ কাম চলি আছে ৷

এই অভিযানত কাজিৰঙাৰ কৰ্তৃপক্ষই ট্ৰায়’ভেক নামৰ প্ৰতিষেধক প্ৰদান কৰিছে ৷ এই ট্ৰায়’ভেকে গৰু ম’হক গল ফুলা, জহৰ বাক আৰু চবকাৰ দৰে সংক্ৰমণ ৰোগৰ প্ৰতিৰোধ কৰে বুলি জনাইছে ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এই অভিযানত দেশৰ আগশাৰীৰ প্ৰকৃতি সংগঠন আৰণ্যক, বিশ্ব প্ৰকৃতি নিধি, কৰবেট ফাইণ্ডেশ্যন, ভুমি আৰু ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়াই সহযোগিতা আগবঢ়াইছে ৷

এই প্ৰতিষেক প্ৰদানৰ দ্বাৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৰাষ্ট্ৰীয় উদ্যানৰ চৌকাষে এক জৈৱিক সুৰক্ষাৰ মণ্ডল গঢ়ি তোলাত সফল হৈছে, যি আগত সময়ত ৰাষ্ট্ৰীয় উদ্যানখনৰ অমুল্য জীৱ কুলক ৰোগ সংক্ৰমণৰ পৰা ৰক্ষা কৰিব ৷

Related News