NORTHEAST NOW (Assamese)

চীনত পুনৰ অঘটন; হুৰমূৰকৈ ভাঙি পৰিল পাঁচ মহলীয়া কোয়াৰেনন্টাইন চেন্টাৰ

March 8, 2020 11:52 am · এন ই নাও নিউজ

চীনত পুনৰ ঘটিল আন এক অঘটন। কৰ’নাভাইৰাছৰ আতংক চলি থকাৰ মাজতে শনিবাৰে ভাঙি পৰিল পাঁচমহলীয়া কোয়াৰেনন্টাইন চেন্টাৰ।

অট্টালিকাটোৰ ধ্বংসস্তূপৰ তলত কমেও ৭০ জন লোক আৱদ্ধ হৈ থকা বুলি সন্দেহ কৰা হৈছে। কৰ্তৃপক্ষই যুদ্ধকালীনভাৱে উদ্ধাৰ কাৰ্য চলাইছে আৰু শেহতীয়া খৱৰ অনুসৰি ৩৪জন লোকক উদ্ধাৰ কৰিছে।

জানিব পৰা মতে, দক্ষিণ-পূব চীনৰ ফুজিয়ান প্ৰদেশৰ কোৱেনঝাউ অঞ্চলৰ জিংজিয়া এক্ৰপ্ৰেছ হোটেলখনক কোয়াৰেনন্টাইন চেন্টাৰলৈ পৰিৱৰ্তন কৰা হৈছিল।

ইয়াত উক্ত প্ৰদেশৰ ক’ৰোনা আক্ৰান্তসকলক ৰখা হৈছিল। হঠাতে খহি পৰা অট্টালিকটোৰ তলত প্ৰকৃততে কিমান লোক আৱদ্ধ হৈ আছে তাৰ প্ৰকৃত সংখ্যা কোৱাটো সম্ভৱ নহয়।

শনিবাৰে সন্ধিয়া প্ৰায় সাত বজাত দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছতেই ঘটনাস্থলীত উপস্থিতি হয় স্থানীয় প্ৰশাসনৰ বিষয়াসকল। তেওঁলোকৰ তদাৰকীত উদ্ধাৰ কাৰ্য চলে।

ইপিনে, হঠাতে অট্টালিকাতো কিয় ভাঙি পৰিল সেই কথা জানিব পৰা হোৱা নাই। প্ৰত্যক্ষদৰ্শী সকলে জানিবলৈ দিয়া মতে আচম্বিতে ভয়ংকৰ শব্দ শুনিবলৈ পাই ঘৰৰ পৰা বাহিৰলৈ ওলাই আহি দেখে পাঁচমহলীয়া কোয়াৰেনন্টাইন চেন্টাৰটো ভাঙি পৰিছে।

বাতৰি অনুসৰি, বিধ্বস্ত অট্টালিকটোৰ তলত আৱদ্ধ হৈ পৰা লোকসকলে সহায়ৰ বাবে  আহ্বান জনায় যদিও স্থানীয় লোকসকল উদ্ধাৰ কাৰ্যত জড়িত হৈ পৰা নাই।

অট্টালিকাটোত ক’ৰোনা আক্ৰান্ত ৰোগীক ৰখা হৈছিল বাবে সংক্ৰমণৰ আশংকাতে লোকসকল আগবাঢ়ি যোৱা নাই বুলি কোৱা হৈছে।

Related News