• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 23, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অৰুণাচলৰ দৈনিক বজাৰত ভয়ংকৰ অগ্নিকাণ্ড: ভস্মীভূত হ’ল ৭০০ তকৈও অধিক দোকান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 25, 2022 4:07 pm
Massive fire at Naharlagun daily market
97
VIEWS
Share on FacebookShare on Twitter

অৰুণাচল প্ৰদেশৰ ইটানগৰৰ ওচৰৰ নাহৰলগুন দৈনিক বজাৰত আজি পুৱা এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। এই অগ্নিকাণ্ডত জাহ যায় ৭০০ তকৈও অধিক দোকান। পুৱা প্ৰায় ৪ বজাত সংঘটিত এই ভয়াৱহ অগ্নিকাণ্ডত কোটি কোটি টকাৰ সম্পত্তি ভস্মীভূত হয়।

উল্লেখ্য যে নাহৰলগুন দৈনিক বজাৰখন ৰাজ্যখনৰ আটাইতকৈ পুৰণি বজাৰ। এই বজাৰখন অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰৰ পৰা প্ৰায় ১৪ কিলোমিটাৰ আঁতৰত অগ্নি নিৰ্বাপক কেন্দ্ৰ আৰু নাহৰলাগুন আৰক্ষী থানাৰ ওচৰত অৱস্থিত।

সোমবাৰে সন্ধিয়া দেৱালী উপলক্ষে জ্বলোৱা আতচবাজীৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে। ভস্মীভূত অধিকাংশ দোকান বাঁহ আৰু কাঠেৰে নিৰ্মিত হোৱাৰ বাবে জুই লগাৰ পাছতে এখন দোকানৰ পৰা আনখন দোকানলৈ দ্ৰুত গতিত বিয়পি পৰে।

অগ্নিকাণ্ডৰ কিছুসময় পিছতে কেইবাখনো অগ্নি নিৰ্বাপক গাড়ী ঘটনাস্থলীত উপস্থিত হয় যদিও ভয়াৱহভাৱে বাঢ়ি অহা জুই নিয়ন্ত্ৰণৰ বাবে যথেষ্ট কষ্ট কৰিবলগীয়া হয়।

বিশেষকৈ এলপিজি চিলিণ্ডাৰৰ বিস্ফোৰণে এই অগ্নিকাণ্ডক অধিক ভয়াৱহ কৰি তোলে। অৱশ্যে কেইবাঘণ্টা ধৰি চলা প্ৰচেষ্টাৰ পিছত অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।

এই ভয়াৱহ ঘটনাত ক্ষতি হোৱা মুঠ সা-সম্পত্তিৰ পৰিমাণ এতিয়াও নিশ্চিত হোৱা নাই। ইফালে স্থানীয় দোকানীসকলৰ অভিযোগ মতে প্ৰথম অৱস্থাতে জুই জ্বলা দেখাৰ পিছত তেওঁলোকে ওচৰৰ অগ্নি নিৰ্বাপক কেন্দ্ৰত তাৎক্ষণিকভাৱে উপস্থিত হৈছিল যদিও কোনো কৰ্মচাৰীক কাৰ্যালয়ত পোৱা নাছিল।

লগতে অগ্নি নিৰ্বাপক সেৱাৰ কৰ্মীসকল ঘটনাস্থলীত উপস্থিত হোৱাৰ সময়তো অগ্নি নিৰ্বাপক বাহনসমূহত পানী নাছিল বুলি জানিব পৰা গৈছে। কৰ্মচাৰীসকলে পুনৰ বাহনত পানী ভৰাই ঘটনাস্থলীত উপস্থিত হোৱালৈ অধিকাংশ দোকান ভস্মীভূত হৈছিল বুলি দোকানীসকলে অভিযোগ কৰিছে।

Recent News

কেন্সাৰৰ চিকিৎসাত যুগান্তকাৰী সাফল্য! বিশ্বৰ প্ৰথমটো মূত্ৰাশয় সংৰোপণ কৰিলে ভাৰতীয় মূলৰ চিকিৎসকে!

কেন্সাৰৰ চিকিৎসাত যুগান্তকাৰী সাফল্য! বিশ্বৰ প্ৰথমটো মূত্ৰাশয় সংৰোপণ কৰিলে ভাৰতীয় মূলৰ চিকিৎসকে!

নিষ্ঠাৰ নিদৰ্শন! মাতৃৰ মৃত্যুৰ দুদিন পিছতে কৰ্তব্যত উপস্থিত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অভয় ওকা

নিষ্ঠাৰ নিদৰ্শন! মাতৃৰ মৃত্যুৰ দুদিন পিছতে কৰ্তব্যত উপস্থিত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অভয় ওকা

বিদেশী ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি কৰিব নোৱাৰিব হাৰ্ভাৰ্ডে; ট্ৰাম্প প্ৰশাসনৰ নতুন পদক্ষেপ

বিদেশী ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি কৰিব নোৱাৰিব হাৰ্ভাৰ্ডে; ট্ৰাম্প প্ৰশাসনৰ নতুন পদক্ষেপ

নিয়ম ৰক্ষাৰ মেচত দুৰ্দান্ত প্ৰদৰ্শন; মাৰ্শ্বৰ অনবদ্য শতকেৰে গুজৰাটক হৰুৱাই সান্ত্বনাৰ জয় লক্ষ্ণৌৰ!

নিয়ম ৰক্ষাৰ মেচত দুৰ্দান্ত প্ৰদৰ্শন; মাৰ্শ্বৰ অনবদ্য শতকেৰে গুজৰাটক হৰুৱাই সান্ত্বনাৰ জয় লক্ষ্ণৌৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd