NORTHEAST NOW (Assamese)

চাইকেল চলাই শিৱসাগৰৰ ঐতিহাসিক সমলসমূহ পৰিদৰ্শন; তিনি শতাধিকৰ অংশগ্ৰহণ

March 13, 2022 12:10 pm · পার্শ্বজোতি গগৈ, শিৱসাগৰ
ফটো: নৰ্থইষ্ট নাও।

যান্ত্ৰিকতাৰ পৰা আঁতৰি শৰীৰ সুস্থ আৰু সৱল কৰি ৰখা তথা শিৱসাগৰৰ ঐতিহাসিক সমলসমূহ বিশ্ববাসীৰ ওচৰত পৰিচয় কৰাই দিয়াৰ উদ্দেশ্যে শিৱসাগৰ চাইক্লিং কমিটিয়ে আজি এক ব্যতিক্ৰমী প্ৰচেষ্টা হাতত লয়।

শিৱসাগৰ চাইক্লিং কমিটিয়ে আজি চাইকেল চলাই শিৱসাগৰৰ ঐতিহাসিক সমলসমূহ পৰিদৰ্শনৰ এক কাৰ্যসূচী গ্ৰহণ কৰে।

লগতে পঢ়ক: গোলৰ সৰ্বোচ্চ অভিলেখ! ৮০৭টা গোলেৰে অপ্ৰতিৰোধ্য ৰোনাল্ডো; কেৰিয়াৰত কিমানটা হেট্ৰিক?

শিৱসাগৰৰ ঐতিহাসিক শিৱ’দলৰ পৰা আৰম্ভ কৰা হয় এই চাইকেল ৰেলী।

ফটো: নৰ্থইষ্ট নাও।

প্ৰায় তিনি শতাধিক চাইক্লিষ্টে অংশ গ্ৰহণ কৰা দ্য ৰয়েল হেৰিটেজ চাইক্ল’থন (The Royal Heritage Cyclothon) কাৰ্যসূচীৰ পতাকা জোকাৰি শুভাৰম্ভ কৰে শিৱসাগৰ জিলাৰ উপায়ুক্ত মেঘ নিধি দহালে। 

এই চাইকেল ৰেলীত আৰক্ষী অধীক্ষক ৰাকেশ ৰৌচন, এভাৰেষ্ট আৰোহী মনিষ ডেকা, পৰ্বতাৰোহী নৱ ফুকনকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ যথেষ্ট সংখ্যক চাইক্লিষ্টে অংশ গ্ৰহণ কৰে।

Related News