পঞ্জাৱত আম আদমী পাৰ্টিয়ে ক্ষমতালৈ অহাটোৱে দেশৰ ৰাজনীতিত এক বিশেষ ৰাজনৈতিক তাৎপৰ্য বহন কৰিছে। পঞ্জাৱত ক্ষমতা দখলৰ পিছতে আপৰ এইবাৰ লক্ষ্য হৈছে গুজৰাট।
চলিত বৰ্ষৰ ডিচেম্বৰত গুজৰাট বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। তাৰ পূৰ্বে কেজৰিৱালৰ দলে ৰাজ্যখনত সাংগঠনিক কামকাজ ক্ষিপ্ৰতৰ কৰি তোলাৰ সিদ্ধান্ত লৈছে।
লগতে পঢ়ক: গোলৰ সৰ্বোচ্চ অভিলেখ! ৮০৭টা গোলেৰে অপ্ৰতিৰোধ্য ৰোনাল্ডো; কেৰিয়াৰত কিমানটা হেট্ৰিক?
আম আদমী পাৰ্টিৰ গুজৰাটৰ তত্ত্বাৱধায়ক গুলাব সিঙে কয়,’’ পঞ্জাৱৰ ফলাফলে গুজৰাটত আমাৰ দলৰ কৰ্মীসকলক উৎসাহিত কৰিছে। গুজৰাটত বিজেপিৰ প্ৰধান বিৰোধী হিচাপে অহা ৯মাহৰ ভিতৰতে আমি শক্তিশালী হৈ উঠিম। বিগত ২৭বছৰে ৰাজ্যখনৰ জনসাধাৰণে কংগ্ৰেছ প্ৰত্যাখ্যান কৰিছে। পঞ্জাৱৰ জয়ে ৰাজ্যখনৰ সমৰ্থকসকলক এক নতুন আশা দিব।‘’
তেওঁ লগতে জনায় যে পঞ্জাৱত বিজয় উদযাপনৰ পিছতে কেজৰিৱাল আৰু ভগৱন্ত মান এপ্ৰিলৰ প্ৰথম সপ্তাহত গুজৰাটলৈ আহিব। ইয়াৰ পূৰ্বে আপৰ ফালৰ পৰা গুজৰাটৰ প্ৰতিটো ৱাৰ্ডতে বিজয় শোভাযাত্ৰা উলিওৱা হ’ব।
আম আদমী পাৰ্টিয়ে এইবাৰ উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডত প্ৰথমবাৰ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছিল যদিও আশানুৰূপ ফলাফল লাভ নকৰিলে। অৱশ্যে গোৱাত দ্বিতীয়বাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈ তেওঁলোকে এইবাৰ আসনো লাভ কৰিছে।
লগতে পঢ়ক: অভিলেখ! এদিনতে ৮১জনৰ মৃত্যুদণ্ড কাৰ্যকৰী কৰিলে চৌদি আৰৱে
উল্লেখ্য যে গুজৰাটৰ বহুকেইখন পৌৰসভা নিৰ্বাচনত আপে ভাল ফলাফল কৰিছে। চুৰাটত তেওঁলোকে বিৰোধী দলৰ মৰ্যাদাও লাভ কৰিছে। এইবাৰ তেওঁলোকে গোটেই ৰাজ্যখনতে সংগঠন প্ৰসাৰ কৰিব বিচাৰিছে।