কৰ’না ভাইৰাছৰ ভেকচিনক লৈ আশাৰ কিৰণ; অক্সফ’ৰ্ড য়ুনিভাৰ্ছিটি পৰৱৰ্তী পৰীক্ষাৰ বাবে সাজু

MotleyFool-TMOT-8bf000a1-coronavirus-vaccine new

প্ৰতিনিধিত্বমূলক ফটো

কৰ’না ভাইৰাছ মহামাৰী নিয়ন্ত্ৰণৰ বাবে বিশ্বজুৰি ভেকচিনৰ সন্ধানত ক্ষিপ্ৰ গতিত কাম চলি আছে।

ইয়াৰ মাজতে য়ুনিভাৰ্ছিটি অফ অক্সফ’ৰ্ডৰ গৱেষকসকলে শুকুৰবাৰে কৰ’না ভাইৰাছৰ পৰা পৰিত্ৰাণৰ বাবে লাভ কৰা প্ৰাৰম্ভিক সফলতাৰ বিষয়ে সদৰী কৰে।

তেওঁলোকে লগতে এতিয়া মানৱ দেহত পৰীক্ষাৰ দ্বিতীয় পৰ্যায়ৰ বাবে আগবঢ়াৰ কথাও জানিবলৈ দিয়ে।

য়ুনিভাৰ্ছিটি অফ অক্সফ’ৰ্ডৰ গৱেষকসকলে দহ হাজাৰতকৈয়ো অধিক লোকক সামৰি লৈ দ্বিতীয় পৰ্যায়ৰ পৰীক্ষাৰ বাবে আগবাঢ়িছে।

ভেকচিনৰ পৰীক্ষাৰ প্ৰথম পৰ্যায় যোৱা মাহত আৰম্ভ হৈছিল য’ত ৫৫বছৰ বয়সৰ কম ১,০০০ সুস্থ লোক তথা স্বেচ্ছাসেৱীৰ ওপৰত ট্ৰায়েল চলোৱা হৈছিল।

এইবাৰ তেওঁলোকে প্ৰতিৰোধ ক্ষমতাৰ ওপৰত পৰিবলগীয়া প্ৰভাৱ লক্ষ্য কৰিবলৈ ৭০ বছৰ বয়সৰ ওপৰৰ আৰু ৫ৰ পৰা ১২ বছৰৰ শিশুকে ধৰি ১০,২০০তকৈয়ো অধিক লোকক গৱেষণাৰ বাবে সামৰি ল’ব।

আন এক অধ্যয়নত পোৱা গৈছে যে  ChAdOx1 nCoV-19 নামৰ ভেকচিনটোৰ বান্দৰৰ ওপৰত কৰা সৰু পৰীক্ষা এটাই আশাব্যঞ্জক সফলতা লাভ কৰিছে।

আনহাতে, গৱেষণাৰ তৃতীয় পৰ্যায়ত ১৮ বছৰৰ ওপৰৰ বয়সৰ ব্যক্তিৰ ওপৰত ইয়াৰ প্ৰভাৱ কেনেকুৱা হয় তাৰ পৰীক্ষা কৰা হ’ব বুলি গৱেষকসকলে জানিব দিছে।