NORTHEAST NOW (Assamese)

Oxford English Dictionary: ২০২২ চনৰ ‘বছৰটোৰ শব্দ’ ঘোষণা কৰিছে অক্সফৰ্ড অভিধানে; শব্দটো কি?

December 6, 2022 10:54 am · এন ই নাও নিউজ, গুৱাহাটী
প্ৰতিনিধিত্বমূলক ফটো।

অক্সফৰ্ড অভিধানে প্ৰতি বছৰে বছৰটোৰ এটা শব্দক সেই বছৰটোৰ শ্ৰেষ্ঠ শব্দ হিচাপে ঘোষণা কৰে।’গবলিন মোড’ শব্দটো ২০২২ চনত শ্ৰেষ্ঠ শব্দৰ খিতাপ লাভ কৰিছে।

গবলিন মোড শব্দটো এনে লোকৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়, যি মুখ্যতঃ লোভী, এলেহুৱা, অপৰিষ্কাৰ, আত্মকেন্দ্ৰিক বা সামাজিক নীতি-নিয়মবোৰ অস্বীকাৰ কৰে।

লগতে পঢ়ক: ছাত্ৰীক দুবছৰ ধৰি ধৰ্ষণ শিক্ষকৰ! মুখ খুলিলে গোটেই পৰিয়ালকে শেষ কৰি দিয়াৰ ভাবুকি

শেহতীয়াকৈ, অক্সফৰ্ড অভিধানৰ ৱেবছাইটত বছৰটোৰ শব্দ হিচাপে গবলিন মোড শব্দটো ঘোষণা কৰা হৈছে।

ইতিহাসত প্ৰথমবাৰৰ বাবে অক্সফৰ্ড অভিধানে বছৰটোৰ শব্দটো বাছনি কৰিবলৈ এটা ভোট অনুষ্ঠিত কৰিছিল। অনলাইন ভোটদান দুসপ্তাহ ধৰি অব্যাহত আছিল। য’ত ৩ লাখৰো অধিক লোকে এই ভোটত অংশগ্ৰহণ কৰিছিল।

লগতে পঢ়ক: ৰেগিং কৰাৰ বাবে শিলচৰৰ ১৪ জন দন্ত চিকিৎসা মহাবিদ্যালয়ৰ শিক্ষাৰ্থীক হোষ্টেলৰ পৰা বহিস্কাৰ

‘গবলিন মোড’ য়ে ৯৩ শতাংশ ভোট অৰ্থাৎ ৩ লাখ ৪০ হাজাৰ ভোট লাভ কৰি জয়ী হয়। আৰু বাকী ৪ শতাংশ ভোট ‘মেটাভাৰ্চ’ শব্দটোৰ বাবে পৰিছিল।

Related News