NORTHEAST NOW (Assamese)

বিশ্ববিদ্যালয়ৰ কেণ্টিনত গোমাংস নিষিদ্ধ কৰাৰ বাবে অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ ভোটদান

November 18, 2020 2:00 pm · এন ই নাও নিউজ

ইংলেণ্ডৰ বিশ্ব প্ৰসিদ্ধ অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী সকলে বিশ্ববিদ্যালয়ৰ চৌহদত থকা কেণ্টিনত গোমাংস আৰু ভেড়াৰ মাংস নিষিদ্ধ কৰাৰ বাবে ভোট প্ৰদান কৰে।

মূলত জলবায়ু পৰিবৰ্তন বিৰুদ্ধে যুঁজ দিয়াৰ বাবেই বিশ্ববিদ্যালয়খনৰ শিক্ষাৰ্থী সকলে বিশ্ববিদ্যালয়ৰ চৌহদত থকা কেণ্টিন সমূহত গোমাংস আৰু ভেড়াৰ মাংস বন্ধ কৰাৰ বাবে ভোটদান কৰে।

শিক্ষাৰ্থী সকলৰ এই ভোটদানৰ ফলত বিশ্ববিদ্যালয়ৰ কেণ্টিনৰ লগতে বিশ্ববিদ্যালয়ে অনুষ্ঠিত কৰা সকলো ধৰণৰ অনুষ্ঠানত গোমাংস আৰু ভেড়াৰ মাংস নিষিদ্ধ হ’ব।

শিক্ষাৰ্থী সকলে গোমাংস আৰু ভেড়াৰ মাংস নিষিদ্ধ কৰাৰ বাবে কৰা ভোটদানে বিশ্ববিদ্যালয় চৌহদত সেউজ গেছ নিৰ্মগমৰ মাত্ৰা হ্ৰাস কৰিব বুলি আশা ব্যক্ত কৰে।

উল্লেখযোগ্য যে, জলবায়ু পৰিবৰ্তন ৰোধৰ বাবে আৰু পৰিবেশৰ পাৰিপাৰ্শ্বিকতা ৰক্ষাৰ ক্ষেত্ৰত গৰু, ভেড়াৰ লগতে অন্যান্য জীৱ-জন্তুৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে বুলি অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে মত প্ৰকাশ কৰি আহিছে।

Related News