NORTHEAST NOW (Assamese)

ভাৰতৰ পাঁচ ঠাইত অক্সফোৰ্ডৰ ভেকচিন কোভিডশ্বীল্ডৰ ট্ৰায়েল কৰাৰ সিদ্ধান্ত কেন্দ্ৰৰ

July 28, 2020 7:59 pm · এন ই নাও নিউজ
অক্সফোৰ্ডৰ কোভিড-১৯ ভেকচিন, উৎস-ইণ্টাৰনেট

কিছুদিন পূৰ্বে ভাৰতত অক্সফোৰ্ডৰ কোভিড১৯ ভেকচিন মানৱ শৰীৰত পৰীক্ষণ কৰা হ’ব বুলি বিশ্বৰ বৃহত্তম ভেকচিন প্ৰস্তুতকাৰী ভাৰতীয় প্ৰতিষ্ঠান চেৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াই-এ ঘোষণা কৰিছিল।

ইতিমধ্যে প্ৰতিষ্ঠানটোৱে আইচিএমআৰ পৰা এই সংক্ৰান্ত্ৰত অনুমতি লাভ কৰিছে।

কিন্তু কোন কোন স্বাস্থ্য কেন্দ্ৰ বা প্ৰতিষ্ঠানত এই পৰীক্ষণ সম্পন্ন হ’ব সেই সম্পৰ্কত মঙলবাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰই।

চৰকাৰী সূত্ৰৰ খবৰ অনুসৰি এই সম্পৰ্ক কেন্দ্ৰীয় বায়’টেকনল’জি বিভাগে ভাৰতৰ পাঁচখন চিকিৎসা প্ৰতিষ্ঠানত অক্সফোৰ্ডৰ কোভিডশ্বীল্ড নামৰ কোভিড১৯ ভেকচিনবিধ মানৱ শৰীৰৰ দ্বিতীয়টো পৰীক্ষণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে।

অৱশ্যে কোন কোন চিকিৎসা প্ৰতিষ্ঠানত ভেকচিনবিধৰ দ্বিতীয় পৰ্যায়ৰ মানৱ শৰীৰত পৰীক্ষণ সম্পন্ন কৰা হ’ব সেয়া বিভাগটোৱে এতিয়াও ৰাজহুৱা কৰা নাই।

উল্লেখ্য যে বিশ্বৰ বৃহত্তম ভেকচিন প্ৰস্তুতকাৰী প্ৰতিষ্ঠান চেৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াই-এ এটা চুইডিছ কোম্পানী আষ্ট্ৰজেনেকাৰৰ সৈতে অংশীদাৰিত্বৰে এক চুক্তি সম্পন্ন কৰি অক্সফোৰ্ড বিশ্ববিদ্যালয়ে কোভিডশ্বীল্ড নামৰ এই ভেকচিনবিধ প্ৰস্তুত কৰি উলিয়াইছে।

ইতিমধ্যে ভেকচিনবিধৰ প্ৰথমটো মানৱ শৰীৰৰ পৰীক্ষণ সফল হোৱা বুলি দাবী কৰি প্ৰস্তুতকাৰী প্ৰতিষ্ঠানকেইটাৰ সৈতে অক্সফোৰ্ড-এ।

প্ৰথমটো হিউমেন ট্ৰায়েলৰ পিছতে ইয়াৰ দ্বিতীয়টো ট্ৰায়েল ভাৰতবৰ্ষত কৰোৱাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছিল চেৰাম-এ।

ইফালে জানিব পৰা মতে দ্বিতীয় মানৱ শৰীৰৰ পৰীক্ষণ সফল হ’লে তৃতীয়টো পৰীক্ষণৰ বাবেও ভাৰত চৰকাৰক আবেদন কৰিব চেৰাম-এ।

চেৰামৰ প্ৰথমখন আবেদনৰ পিছতে কেন্দ্ৰীয় বায়’টেকন’লজি বিভাগৰ সচিব ৰেণু স্বৰূপে মঙলবাৰে জনায়, “দেশৰ পাঁচখন ঠাইত ভেকচিনটোৰ ট্ৰায়েল আৰম্ভ কৰা হ’ব। ইতিমধ্যে ভেকচিনটোৰ প্ৰথমটো ট্ৰায়েল সফল হৈছে। দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ সফল হ’লেই চেৰাম ইয়াৰ প্ৰস্তুতকৰণৰ কাম আৰম্ভ কৰিব চেৰাম-এ।”

Related News