বঙাইগাঁৱত মাৰোৱাৰী যুৱ মঞ্চৰ অক্সিজেন কনচেনট্ৰেটৰ সেৱা আৰম্ভ

klklkl

অতিমাৰী ক’ভিডৰ সংকটকালত সহায়ৰ বাবে আগবাঢ়ি আহিছে মাৰোৱাৰী যুৱ মঞ্চৰ বঙাইগাঁও শাখা৷

ইতিমধ্যে ২৪ ঘন্টীয়া অক্সিজেন সেৱা আৰু এম্বুলেন্স সেৱা আগবঢ়োৱাৰ পিছত এইবাৰ মাৰোৱাৰী যুব মঞ্চৰ বঙাইগাঁও শাখাই আৰম্ভ কৰিলে অক্সিজেন কনচেনট্ৰেটৰ সেৱা ৷

কোনোৱা ব্যক্তিৰ দেহত অক্সিজেনৰ লেভেল হ্ৰাস পালে এই অক্সিজেন কনচেনট্ৰেটৰৰ দ্বাৰা অক্সিজেনৰ লেভেল বৃদ্ধি কৰাত সহায় কৰিব ৷
উল্লেখ্য যে অক্সিজেন কনচেনট্ৰেটৰে নিজাববীয়াকৈ অক্সিজেন উৎপাদন কৰিব পাৰে অক্সিজেন ৷
বৰ্তমান দুটা অক্সিজেন কনচেনট্ৰেটৰৰ দ্বাৰা মঞ্চই আৰম্ভ কৰিছে এই সেৱা ৷

তদুপৰি মাৰোৱাৰী যুৱ মঞ্চৰ বঙাইগাঁও শাখাত ২০ টা অক্সিমিটাৰো মজুত ৰখা হৈছে অক্সিজেন লেভেল জোখাৰ কাৰণে ৷

গতিকে বঙাইগাঁৱত এতিয়াৰ পৰা এই সেৱা সমূহ কোনোবা ব্যক্তিৰ প্ৰয়োজন হ’লে মাৰোৱাৰী যুৱ মঞ্চৰ বঙাইগাঁও শাখাৰ স্বাস্থ্য বিভাগৰ দায়িত্বত থকা মুকেশ ডুগ্গৰ তথা ৯৪৩৫৩২৫১২৮ নম্বৰত যোগাযোগ কৰিব পাৰিব ৷

২৪ ঘন্টাই এই সেৱা উপলব্ধ হ’ব বুলিও জানিবলৈ দিছে ।

উল্লেখ্য যে ভাৰতীয় ষ্টেট বেংকৰ বঙাইগাঁও শাখাই প্ৰদান কৰা দুই লাখ টকাৰ আৰ্থিক সাহায্যৰ ধনেৰে স্বেচ্ছাসেৱী সংগঠনটোৱে এই সেৱা আৰম্ভ কৰা বুলি জানিবলৈ দিছে ৷

ইপিনে মাৰোৱাৰী যুৱ মঞ্চই বৃহস্পতিবাৰৰ পৰা ৰাইজৰ মাজত চাৰি হেজাৰ মাস্ক আৰু চাৰিশ চেনিটাইজাৰ বিতৰণ আৰম্ভ কৰিছে ৷

সাংবাদিকৰ মাজত মাস্ক চেনিটাইজাৰ বিতৰণ কৰি এই কাৰ্যসূচীৰ আৰম্ভণি কৰে ৷
এই কাৰ্যসূচীত ভাৰতীয় ষ্টেট বেংকৰ মুখ্য প্ৰবন্ধক কৃষ্ণ গোপাল মিশ্ৰ , সহকাৰী প্ৰবন্ধক গুৰুপদ হালদাৰ , মুখ্য সহযোগী বিষয়া দেৱজিৎ চেটাৰ্জী , সাংবাদিক ধীৰাজ চক্ৰৱৰ্তী , জাগৃতি শাখাৰ সভাপতি উৰ্মিলা লুনীয়া , মাৰোৱাৰী যুৱ মঞ্চৰ বঙাইগাঁও শাখাৰ সভাপতি হিমাংশু তুৱানি , সাধাৰণ সম্পাদক মুকুল জৈনৰ লগতে সুৰজিত সিং ভাৰি , নিৰ্মল বৈদ , মনীষ লাখোটীয়া , মুকেশ ডুগ্গৰসহ অন্যান্য কৰ্মকৰ্তা সকল ক্ৰমে উপস্থিত থাকে৷