ভাৰতীয় বন সেৱাৰ বিষয়া পি শিৱকুমাৰক কাজিৰঙাৰ সঞ্চালক নিযুক্ত

বন বিভাগৰ এক ঘোষণা অনুসৰি ভাৰতীয় বন সেৱাৰ বিষয়া পেৰিয়া স্বামী শিৱকুমাৰক প্ৰধান মূখ্য বন সংৰক্ষকৰ পদোন্নতিৰে কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক হিচাপে আজি নিযুক্তি দিয়া হৈছে।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে পেৰিয়া স্বামী শিৱকুমাৰে বন বিভাগত মুখ্য বন সংৰক্ষক হিচাপে তেজপুৰত কৰ্মৰত আছিল। শিৱকুমাৰে তামিলনাডুৰ মেত্তুপালায়াম ফৰেষ্ট কলেজ এণ্ড ৰিচাৰ্জ ইনষ্টিটিউটৰ পৰা স্নাতক ডিগ্ৰী লৈ অসম আৰু মেঘালয় কেডাৰৰ হৈ ভাৰতীয় বন সেৱাৰ বাবে নিৰ্বাচিত হৈছিল।

মূখ্য বন সংৰক্ষক হিচাপে পি শিৱকুমাৰে পূৰ্বৰ সঞ্চালক আকাশদ্বীপ বৰুৱাৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ্ৰ প্ৰকল্পৰ দায়ীত্বভাৰ গ্ৰহণ কৰিব।