NORTHEAST NOW (Assamese)

দিগন্ত শৰ্মা, কুলপ্ৰদীপ ভাগৱতীলৈ পবীন্দ্ৰ নাথ শৰ্মা, কুঞ্জবালা দেৱী সোঁৱৰণী সাংবাদিকতা বঁটা ২০১৯

October 28, 2020 11:29 pm · এন ই নাও নিউজ

পবীন্দ্ৰ নাথ শৰ্মা আৰু কুঞ্জবালা দেৱী সোঁৱৰণী সাংবাদিকতা বঁটা ২০১৯ বুধবাৰে ঘোষণা কৰা হৈছে।

অসমীয়া সাপ্তাহিক সাদিনৰ ষ্টাফ ৰিপ’ৰ্টাৰ দিগন্ত শৰ্মাক মানৱ অধিকাৰ সম্পৰ্কীয় প্ৰতিবেদনৰ বাবে পবীন্দ্ৰ নাথ শৰ্মা সোঁৱৰণী বঁটা আগবঢ়োৱা হৈছে।

মহিলা সম্পৰ্কীয় বিষয়ক প্ৰতিবেদনৰ বাবে অসমীয়া দৈনিক দৈনিক অগ্ৰদূতৰ উপ সম্পাদক কুলপ্ৰদীপ ভাগৱতীক কুঞ্জবালা দেৱী সোঁৱৰণী বঁটা আগবঢ়োৱা হৈছে।

প্ৰতিটো বঁটাতে আছে নগদ ৩০ হাজাৰকৈ টকা আৰু এখনকৈ মানপত্ৰ।

স্বাধীনতা সংগ্ৰামী জ্যেষ্ঠ অধিবক্তা পবীন্দ্ৰ নাথ শৰ্মা আৰু তেওঁৰ পত্নী কুঞ্জবালা দেৱীৰ সোঁৱৰণত এই বঁটা আগবঢ়োৱা হয়।

দিগন্ত শৰ্মাৰ বঁটা বিজয়ী প্ৰতিবেদনত কল্পনা নামৰ তৰুণী এগৰাকীৰ ক্ষেত্ৰত হোৱা মানৱ অধিকাৰ উলংঘনৰ ঘটনা দাঙি ধৰা হৈছিল।

বিদেশীৰ সন্দেহত ছোৱালীগৰাকী আৰু তেওঁৰ পৰিয়ালক আঠ বছৰ ধৰি ডিটেনচন কেম্পত বন্দী কৰি ৰখা হৈছিল আৰু ছোৱালীগৰাকীক শিক্ষালাভৰ পৰা বঞ্চিত কৰা হৈছিল।

কুলপ্ৰদীপ ভাগৱতীয়ে তেওঁৰ প্ৰতিবেদনসমূহত তিনি তালাক, এগৰাকী সন্তানহীনা শিশু যতনকাৰীৰ আনন্দ আৰু এগৰাকী মহিলাৰ প্লাষ্টিকৰ বিৰুদ্ধে যুঁজক তুলি ধৰিছিল।

Related News