অচিন ৰোগত আক্ৰান্ত বঙাইগাঁৱৰ বিভিন্ন খেতিপথাৰ; নিৰৱ বিয়াগোম কৃষি বিভাগ

Untitled-1 copy_52

প্ৰতিনিধিত্বমূলক চিত্ৰ

বঙাইগাঁও জিলাৰ ৩৪ নং উত্তৰ অভয়াপুৰী বিধান সভা সমষ্টিৰ অন্তৰ্গত তথা উত্তৰ শালমাৰা মহকুমাৰ অন্তৰ্গত কোকিলাৰ নিকটৱৰ্তী বালাৰচৰ, মূলবাৰী, জপেয়াকে আদি কৰি বৃহত্তৰ অঞ্চলৰ ধাননি পথাৰত দেখা দিছে এক অচিন ৰোগ।

জিলাখনৰ অতিকৈ বৃহত্তৰ কৃষি প্ৰধান অঞ্চল কোকিলাত শ-শ বিঘা ধাননি পথাৰত দেখা দিয়া এই অচিন বেমাৰে কৃষকৰ মাজত এতিয়া এক হাহাকাৰময় পৰিৱেশৰ সৃষ্টি কৰিছে। অতি কষ্টৰে জাকত জিলিকা কৈ গঢ়ি তোলা এই ধাননি পথাৰত বিভিন্ন ধৰণৰ ঔষধ দিছে যদিও কোনো ফল পোৱা নাই।

উল্লেখ্য যে এনে দুৰ্দশাৰ সময়ত জিলা কৃষি বিভাগে কোনো ধৰণৰ বিহীত ব্যৱস্থা গ্ৰহণ নকৰাত এতিয়া কৃষকসকলৰ মাজত ক্ষোভৰ উদগীৰণ হোৱা দেখা গৈছে। চৰকাৰৰ পৰা কোনো ধৰণৰ আৰ্থিক সাহায্য নোলোৱাকৈ গঢ়ি তোলা খেতিডৰাৰ পৰা এতিয়া কৃষকসকল সম্পূৰ্ণৰূপে লোকচানৰ সন্মুখীন হ’ব বুলি শংকা প্ৰকাশ কৰিছে।

বঙাইগাঁও জিলাৰ কৃষকে ৰাজ্যৰ কৃষি মন্ত্ৰীক শীঘ্ৰে বিভাগটোৰ জৰিয়তে পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ কৰি অচিন ৰোগত আক্ৰান্ত হোৱা খেতিপথাৰ সমূহ উদ্ধাৰ কৰিবলৈ আহ্বান জনায়৷