ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ পৰা পদ্মশ্ৰী সন্মান গ্ৰহণ কৰিলে যোগেন্দ্ৰ নাথ ফুকন আৰু ডা: কুশল কোঁৱৰ শৰ্মাই

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ২০২০ বৰ্ষৰ পদ্ম বঁটাসমূহ প্ৰদান কৰে। ৰাষ্ট্ৰপতি ভৱনত আয়োজিত অনুষ্ঠানত অসমৰ যোগেন্দ্ৰ নাথ ফুকন আৰু ডা: কুশল কোঁৱৰ শৰ্মাই ৰাষ্ট্ৰপতিৰ পৰা পদ্মশ্ৰী সন্মান গ্ৰহণ কৰে।

গণৰাজ্য দিৱসৰ প্ৰাক সন্ধিয়া কেন্দ্ৰীয় চৰকাৰে দেশৰ বিশিষ্ট ব্যক্তিসকলৰ বাবে পদ্ম বঁটা-২০২০ (পদ্মবিভূষণ, পদ্মভূষণ আৰু পদ্মশ্ৰী)ৰ ঘোষণা কৰিছিল আৰু প্ৰাপকসকলৰ মাজত অসমৰ ৫জন লোকে পদ্মশ্ৰী বঁটা লাভ কৰিছিল।

বন্যপ্ৰাণীৰ চিকিৎসা আৰু এছীয় হাতীৰ সংৰক্ষণলৈ আগ বঢ়োৱা অনন্য বৰঙণিৰ বাবে অসমৰ পশু চিকিৎসক ডা: কুশল কোঁৱৰ শৰ্মালৈ পদ্ম শ্ৰী সন্মান আগবঢ়োৱা হৈছে।

ডা: কুশল কোঁৱৰ শৰ্মাৰ উপৰি চিকিৎসা শিতানত ডা: ৰবি কুমাৰ আৰ, কলাত ইন্দিৰা পি পি বৰা আৰু সাহিত্য আৰু শিক্ষাৰ শিতানত ড০ যোগেন্দ্ৰ নাথ ফুকন আৰু লীল বাহাদুৰ ছেত্ৰীলৈ পদ্মশ্ৰী বঁটা আগ বঢ়োৱা হৈছে।

পশু চিকিৎসক ডা: কুশল কোঁৱৰ শৰ্মা খানাপাৰাস্থিত পশুচিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ শল্য চিকিৎসা আৰু ৰেডিঅ’লজি বিভাগৰ মুৰব্বী অধ্যাপক।

পশু চিকিৎসক ডা: কুশল কোঁৱৰ শৰ্মা

যোৱা তিনিটা দশক ধৰি ডা: শৰ্মাই সমগ্ৰ দেশতে বন্যপ্ৰাণীৰ চিকিৎসাৰ ক্ষেত্ৰত প্ৰশংসনীয় বৰঙণি আগবঢ়াই আহিছে। তেওঁ “হাতী ডাক্তৰ” নামেৰে জনপ্ৰিয়ভাৱে পৰিচিত।

উৎকৃষ্ট মানৰ অসমীয়া গল্প, উপন্যাস লিখি অসমীয়া সাহিত্যলৈ মূল্যৱান বৰঙণি আগবঢ়াই অহা অৰুণাচল প্ৰদেশৰ য়েছে দৰ্জী ঠংছিকো সাহিত্য আৰু শিক্ষা শিতানত পদ্মশ্ৰী বঁটা আগবঢ়োৱা হৈছে।