প্ৰসংগ পদ্মশ্ৰী সন্মান: এগৰাকী আপোচবিহীন সংগীত শিল্পীৰ ক্ষোভৰ উদগীৰণে কঁপাইছে বংগ

এটা এক মিনিটৰ ফোন কল। ভাইৰেল হৈ পৰা এই ফোন কলটোৰ তীব্ৰ চৰ্চা চলিছে কাষৰীয়া ৰাজ্য পশ্চিম বংগত। ফোন কলটোত এটা চিনাকী কণ্ঠই ৰিপাব্লিক বাংলাৰ সাংবাদিকক অকথ্য গালি পৰা শুনা গৈছে। আনকি বিজেপি-আৰএছএছক লৈ অশ্লীল মন্তব্যও শুনা গৈছে।

সেই চিনাকি কণ্ঠটো হৈছে কবিৰ সুমনৰ। নামেই যাৰ পৰিচয়। সুদীৰ্ঘ ত্ৰিশ বছৰ বাংলা গানৰ জগতখনলৈ প্ৰাতঃস্মৰণীয় অৱদান আগবঢ়ায় গৈছে তেওঁ। গানৰ লগে লগে কবিৰ সুমন এজন মানৱাধিকাৰ কৰ্মীও। সাম্প্ৰদায়িকতাবাদৰ বিৰুদ্ধে তেওঁ দশকজুৰি যুঁজি আহিছে। এই কবিৰ সুমনকেই শেহতীয়াকৈ ৰিপাব্লিক বাংলাৰ এজন সাংবাদিকে ফোন কৰে। সাংবাদিকৰ উদ্দেশ্য আছিল স্বনামধন্য বাংলা গায়িকা সন্ধ্যা মুখাৰ্জীৰ বিষয়ে প্ৰশ্ন কৰাৰ।

উল্লেখযোগ্য যে ভাৰত চৰকাৰে শেহতীয়াকৈ মূখাৰ্জীক পদ্মশ্ৰী প্ৰদান কৰিছিল। কিন্তু সন্ধ্যা মূখাৰ্জীয়ে ইয়াক প্ৰত্যাখান কৰে। এই প্ৰত্যাখান যুক্তিসংগত বুলি বিবেচনা কৰিছে তেওঁৰ গুণমুগ্ধসকলে। ইয়াৰ কাৰণ হৈছে মূখাৰ্জীৰ বয়স বৰ্তমান নব্বৈৰ ঊৰ্ধৰ। নিজৰ অনবদ্য গায়কীৰে একালত শ্ৰোতাৰ হৃদয়ত সোমাই পৰা মূখাৰ্জী প্ৰকৃততে পদ্মশ্ৰীৰ উৰ্ধৰ সন্মানৰ যোগ্য। কিন্তু এইগৰাকী কিংম্বদন্তীক কেৱল এটা পদ্মশ্ৰী প্ৰদান কৰি অপমান কৰে মোদী চৰকাৰে।

পদ্মশ্ৰী প্ৰত্যাখ্যানৰ পাছতে ক’ভিডত আক্ৰান্ত হয় গায়িকাগৰাকী। এই লৈ কবিৰ সুমনৰ মতামত জানিবলৈ সাংবাদিকজনে ফোন কৰিছিল কবিৰ সুমনক। কিন্তু ৰিপাব্লিক বাংলাৰ নাম শুনাৰ লগে লগে খঙত ফাটি পৰে সুমন। সাংবাদিকক সুমনে সুধে যে আৰএছএছৰ চেনেল ৰিপাব্লিক বাংলাৰ পৰা ফোন কৰা হৈছে নেকি? তেতিয়া সাংবাদিকজনে কয় যে হয় ছাৰ। তাৰপাছতে সুমনে ফোন কলটো কাটিবলৈ অনুৰোধ কৰে। এবাৰ নহয়, কেইবাবাৰো এই অনুৰোধ কৰে সুমনে। কিন্তু তাকে নকৰি সাংবাদিকজনে সুমনৰ খং বঢ়াই তোলে। ফলস্বৰূপে ক্ষোভত দিক-বিদিক হেৰুৱায় পেলায় সংগীতজ্ঞজনে।

তাৰপাছতে তৎক্ষণাৎ ভাইৰেল হৈ পৰে ফোন কলটো। সুমনৰ আপোচবিহীন খেয়ালখুচিভৰা স্বভাৱৰ বিষয়ে যিসকলে যানে, তেওঁলোকে ইয়াক সহজে লয়। কিন্তু ইয়াক সহজে ল’ব নোৱাৰিলে বিজেপিৰ নেতা-পালিনেতাসকলে। আৰম্ভ কৰে তীব্ৰ প্ৰতিবাদ। জীৱনমুখী গানেৰে বাংলা সংগীতলৈ নতুনত্বৰ জোৱাৰ অনা সংগীতজ্ঞজনক বাংলাৰ লজ্জা বুলিও আখ্যাও দিয়ে তেওঁলোকে। বিজেপিয়ে সুমনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা বুলিও খবৰ পোৱা গৈছে।

বিতৰ্কসমূহে বিৰক্ত কৰি তোলে সুমনক। তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ফেচবুকত লিখে যে ফোন কলটো ৰেকৰ্ডিং তেওঁৰ অজ্ঞাতে কৰা হৈছে। তেওঁ আক্ষেপ কৰে যে যিটো চেনেল আৰু দলে অহৰহ দেশৰ সংখ্যালঘু মুছলমানসকলৰ বিৰুদ্ধে কথা কৈ আহিছে, তেওঁলোকক গালিগালাজ কৰাৰ অধিকাৰ তেওঁৰ নাই। আন এটা ফেচবুক প’ষ্টযোগে তেওঁ লিখে যে সকলোধৰণৰ বিতৰ্ক সমাপ্ত কৰা হওক।

ইয়াৰ বাবে তেওঁ এটা ক্ষমা প্ৰাৰ্থনাও বিচাৰিছে। তেওঁ এনেধৰণে লিখে যে ৰিপাব্লিক বাংলাক গালি পৰাৰ ফলত একো ফল নধৰিলে, অবাবত সময়হে খৰচ হ’ল, সেয়ে এই ক্ষমাপ্ৰাৰ্থনা কৰা হৈছে। তেওঁৰ হাতত প্ৰতিবাদৰ আন একো নাই বাবেই এই গালিগালাজ কৰা বুলি সুমনে স্পষ্ট কৰে। আনহাতে, তেওঁৰ ওপৰত এজাহাৰ দাখিলৰ বিষয়ে সুমনে লিখে যে আইনৰক্ষীসকল নিশ্চিন্তে থাকক, তেওঁ সকলো বিষয়তে চুপচাপ থাকিবলৈ চেষ্টা কৰিব। তদুপৰি আৰু কোনে কোনে তেওঁৰ ক্ষমাপ্ৰাৰ্থনা দাবী কৰিছে, তাৰো এখন তালিকা বনাই ডাকযোগে পঠাবলৈ তেওঁ বক্ৰোক্তি কৰে।

পোষ্টটোৰ শেষত তেওঁ সন্ধ্যা মূখাৰ্জীক নব্বৈ বছৰ বয়সত পদ্মশ্ৰী সন্মান প্ৰদান কৰাৰ বিষয়টোক পুনৰ উনুকিয়ায়। তেওঁ লিখে যে মাতৃসমা, গুৰস্থানীয়া সুৰসম্ৰাজ্ঞীগৰাকীক এনেদৰে অপমান কৰাটো তেওঁ এতিয়াও মানি ল’ব নিবিচাৰে।
উল্লেখযোগ্য যে বাংলা সংগীতলৈ নব্বৈৰ দশকত এটা অনবদ্য ধাৰাৰ আৰম্ভণি কৰিছিল কবিৰ সুমনে। ১৯৯২ চনত মুক্তি পোৱা তেওঁৰ “তোমাকে চাই’’ শীৰ্ষক এলবামটো আজিও একেই জনপ্ৰিয়তা লাভ কৰি আহিছে।

তোমাকে চাইৰ পাছত তেওঁ সৃষ্টি কৰি গৈছে ইটোৰ পাচত সিটো অনবদ্য গীতৰ এলবাম। কাব্যিক এই গীতসমূহৰ যোগেৰে সুমনৰ সমাজ-সচেতনতা আৰু আপোচবিহীন দৃষ্টিভংগী পোৱা যায়। তেওঁৰ “হাল চেৰোনা বন্ধু’’ শীৰ্ষক গীতটি আজিও এটা শ্লোগান হিচাপে ব্যৱহাৰ হৈ আহিছে। ভাৰতৰ আদিবাসী সংগ্ৰামক লৈও সুমনে সজোৰে গান গাই আহিছে।

আনহাতে, কবিৰ সুমনৰ প্ৰকৃত নাম আছিল সুমন চট্টোপাধ্যায়। কিন্তু নব্বৈৰ দশকত হিন্দুত্ববাদীসকলে মুছলমানসকলৰ বিৰুদ্ধে উৎপীড়ন চলোৱাৰ প্ৰতিবাদস্বৰূপে তেওঁ নিজৰ ধৰ্ম সলনি কৰে। হৈ পৰে এজন মুছলিম ধৰ্মাৱলম্বী লোক। ২০০৭ চনত মমতা বেনাৰ্জীৰ নেতৃত্বত আৰম্ভ হোৱা চিংগুৰ-নন্দীগ্ৰাম সংগ্ৰামতো তেওঁ জপিয়াই পৰে। কালক্ৰমত তৃণমূল কংগ্ৰেছৰ বিধায়ক আৰু সাংসদো নিৰ্বাচিত কৰে।

তেনেস্থলত ৰিপাব্লিক ভাৰতৰ সাংবাদিকজনক গালি-গালাজৰ যোগেৰে শিল্পীজনে এটা কথা স্পষ্ট কৰি দিয়ে যে তেওঁ ভাল নোপোৱা সাম্প্ৰদায়িক কথা কাণ্ডক সমূলি সহ্য নকৰে। প্ৰকাশভংগী যিয়েই নহওক, ভাইৰেল ফোন কলটোৰ অন্তৰ্নিহিত প্ৰসংগ সেইবাবেই গুৰুত্বপূৰ্ণ হৈ পৰিছে বুলি সুমনৰ অনুৰাগীসকলে মতপোষণ কৰিছে।