NORTHEAST NOW (Assamese)

কৃষি বিজ্ঞানী পদ্মশ্ৰী সুবান্না আয়াপ্পানৰ ৰহস্যজনক মৃত্যু; কাবেৰী নদীৰ পৰা উদ্ধাৰ মৃতদেহ

May 12, 2025 10:43 am · এন ই নাও নিউজ, গুৱাহাটী

পদ্মশ্ৰী বঁটা বিজয়ী কৃষি বিজ্ঞানী সুবান্না আয়াপ্পানৰ (৬৯)ৰ ৰহস্যজনক মৃত্যু। তেওঁ ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ প্ৰাক্তন সঞ্চালক প্ৰধান আছিল। যোৱা কেইদিনমানৰ পৰা তেওঁ নিৰুদ্দেশ হৈ আছিল।

আৰক্ষীয়ে জনোৱা মতে, শ্ৰীৰংগাপাট্না অঞ্চলৰ কাবেৰী নদীৰ পৰা তেওঁৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। তেওঁৰ মৃত্যুৰ কাৰণ আৰু ইয়াৰ আঁৰত কিবা ৰহস্য আছে নেকি  সেই বিষয়ে তদন্ত অব্যাহত আছে।

শ্ৰীৰংগাপাট্না আৰক্ষী থানাৰ বিষয়া বি প্ৰকাশে জনোৱা মতে, যোৱা ৭ মে’ৰ পৰা সুবান্না আয়াপ্পান নিৰুদ্দেশ হৈ আছিল।  তেওঁৰ পৰিয়ালে মহীশূৰৰ বিদ্যান্যপুৰম থানাত নিৰুদ্দেশৰ ডায়েৰী দাখিল কৰিছিল। সিদিনা তেওঁ মোবাইলটো লৈ ঘৰৰ পৰা ওলাই যোৱা নাছিল। স্কুটিৰে ওলাই আহিছিল। পিছত স্থানীয় সাই আশ্ৰমৰ সমীপত উদ্ধাৰ হয় তেওঁৰ স্কুটিখন।

দেওবাৰে কাবেৰী নদীৰ পৰা উদ্ধাৰ কৰা হয় তেওঁৰ মৃতদেহ। কিন্তু তেওঁৰ মৃত্যুৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। আৰক্ষীৰ অনুমান অনুসৰি কমেও তিনিদিন পূৰ্বে তেওঁ পানীত নামিছিল। কৃষি বিজ্ঞানীগৰাকীৰ পৰিয়ালৰ লোকেও কয় যে তেওঁ প্ৰায়ে কাবেৰী নদীৰ পাৰত খোজ কাঢ়িবলৈ গৈছিল। সাই বাবা আশ্ৰমৰ বাহিৰেও তেওঁ মহীশূৰৰ ৰামকৃষ্ণ আশ্ৰমলৈ ধ্যানৰ বাবে গৈছিল।

আৰক্ষী বিষয়াসকলে জনোৱা মতে, স্থানীয় লোকে কাবেৰী নদীত এটা মৃতদেহ ওপঙি থকা দেখা পোৱাৰ খবৰ দিয়ে। পিছত মৃতদেহটো কৃষি বিজ্ঞানী সুবান্না আয়াপ্পানৰ বুলি চিনাক্ত হয়।

১৯৫৫ চনৰ ১০ ডিচেম্বৰত, চামৰাজনগৰ জিলাৰ য়েল্লানুৰত সুবান্নাৰ জন্ম হৈছিল। ১৯৭৭ চনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পিছত ১৯৯৮ চনত বেংগালুৰুৰ কৃষি বিশ্ববিদ্যালয়ৰ পৰা পি এইচ ডি লাভ কৰে।

এইগৰাকী কৃষি বিজ্ঞানীয়ে ভাৰতত মীন পালনত এক বৈপ্লৱিক পৰিৱৰ্তন আনিছিল। দেশলৈ ‘ব্লু ৰেভ্যুলেশ্যন’ অনাৰ অন্যতম পথ প্ৰদৰ্শক তথা অগ্ৰণী হিচাপে সুবান্না আয়াপ্পানক গণ্য কৰা হয়। মীন পালনৰ উন্নয়ন, গ্ৰাম্য আৰু উপকূলীয় অঞ্চলত মীন পালনৰ সম্প্ৰসাৰণ আৰু এই কামৰ লগত জড়িতসকলৰ অৰ্থনৈতিক উন্নয়নৰ বাবে ২০২২ চনত তেওঁক পদ্মশ্ৰী বঁটা প্ৰদান কৰা হয়।

আইচিআৰৰ সঞ্চালক প্ৰধান হোৱাৰ পূৰ্বে সুবান্নাই ভুৱনেশ্বৰ আৰু মুম্বাইৰ কেন্দ্ৰীয় মীন শিক্ষা প্ৰতিষ্ঠানৰ সঞ্চালক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। হায়দৰাবাদত ৰাষ্ট্ৰীয় মীন উন্নয়ন ব’ৰ্ড গঠন হোৱাৰ সময়ত তেওঁ মুখ্য কাৰ্যবাহী আছিল।

Related News