দেশৰ ৰত্ন মেৰীকমলৈ পদ্ম বিভূষণ; নাগালেণ্ডৰ প্ৰাক্তন মুখ্য মন্ত্ৰী এছ চি জমিৰলৈ পদ্মভূষণ

Mary-Kom

এম চি মেৰীকমৰ ফাইল ফটো

দেশৰ ৭১ সংখ্যক গণতন্ত্ৰ দিৱস উপলক্ষে উত্তৰ-পূৰ্বাঞ্চলৰ মুঠ ১৫গৰাকী ব্যক্তিলৈ পদ্ম সন্মান ২০২০’আগবঢ়োৱা হৈছে।

প্ৰসিদ্ধ ক্ৰীড়াবিদ বক্সিঙৰ বিশ্ব চেম্পিয়ন এম চি মেৰীকমলৈ আগবঢ়োৱা হৈছে পদ্ম বিভূষণ সন্মান।

সেইদৰে নাগালেণ্ডৰ প্ৰাক্তন মুখ্য মন্ত্ৰী  এছ চি জমিৰলৈ আগবঢ়োৱা হৈছে পদ্ম ভূষণ সন্মান।

আনহাতে উত্তৰ-পূৰ্বাঞ্চলৰ ১৩ গৰাকী বিশিষ্ট ব্যক্তিলৈ আগবঢ়োৱা হৈছে এই বছৰৰ পদ্মশ্ৰী সন্মান।

কলা, সমাজ সেৱা, ৰাজহুৱা কাম, চিকিৎসা, সাহিত্য, শিক্ষা তথা ক্ৰীড়া আদি বিভিন্ন ক্ষেত্ৰত বৰঙণি আগবঢ়োৱা এইসকল ব্যক্তিক পদ্ম সন্মান প্ৰদান কৰা হ’ব।

অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰা তথা দেশৰ একমাত্ৰ বিশ্ব চেম্পিয়ন মহিলা বক্সাৰ মনিপুৰৰ মেৰীকমক তেওঁৰ ক্ৰীড়াক্ষেত্ৰত ব্যতিক্ৰমী তথা বিশিষ্ট সেৱাৰ বাবে পদ্ম বিভূষণ সন্মান আগবঢ়োৱা হৈছে।

নাগালেণ্ডৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তথা উৰিষ্যা, মহাৰাষ্ট্ৰ, গুজৰাট, গোৱাৰ প্ৰাক্তন ৰাজ্যপাল এছ চি জমিৰক তেওঁৰ ৰাজহুৱা জীৱনত আগবঢ়োৱা বিশিষ্ট সেৱাৰ বাবে পদ্ম ভূষণ বঁটা আগবঢ়োৱা হৈছে।

ইপিনে পদ্ম বঁটা প্ৰাপকসকলৰ মাজত অসমৰ ৫জন লোকে পদ্মশ্ৰী বঁটা লাভ কৰিছে।

বন্যপ্ৰাণীৰ চিকিৎসা আৰু এছীয় হাতীৰ সংৰক্ষণলৈ আগ বঢ়োৱা অনন্য বৰঙনিৰ বাবে অসমৰ পশু চিকিৎসক ডা: কুশল কোঁৱৰ শৰ্মালৈ পদ্ম শ্ৰী সন্মান আগ বঢ়োৱা হৈছে।

ডা: কুশল কোঁৱৰ শৰ্মাৰ উপৰি চিকিৎসা শিতানত ডা: ৰবি কুমাৰ আৰ, কলাত ইন্দিৰা পি পি বৰা আৰু সাহিত্য আৰু শিক্ষাৰ শিতানত ড০ যোগেন্দ্ৰ নাথ ফুকন আৰু লীল বাহাদুৰ ছেত্ৰীলৈ পদ্মশ্ৰী বঁটা আগ বঢ়োৱা হৈছে।

উৎকৃষ্ট মানৰ অসমীয়া গল্প, উপন্যাস লিখি অসমীয়া সাহিত্যলৈ মূল্যৱান বৰঙনি আগ বঢ়াই অহা অৰুণাচল প্ৰদেশৰ য়েছে দৰ্জী ঠংছিকো সাহিত্য আৰু শিক্ষা শিতানত পদ্মশ্ৰী বঁটা আগ বঢ়োৱা হৈছে।

মনিপুৰৰ মহিলা ফুটবলাৰ তথা ২০১৭বৰ্ষৰ অৰ্জুন বঁটা লাভ কৰা ঐনাম বেমবেম দেৱীলৈও ক্ৰীড়াক্ষেত্ৰত আগবঢ়োৱা বৰঙণিৰ বাবে পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে।

সাহিত্য আৰু শিক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা বৰঙণিৰ বাবে এইবাৰ পদ্মশ্ৰী লাভ কৰা সকলৰ ভিতৰত আছে ত্ৰিপুৰাৰ বেনীচন্দ্ৰ জামাতিয়া, মিজোৰামৰ চি কামলোভা আৰু পু লালবিয়াকথাংগা পাচুৱাও।

আনহাতে, সমাজ সেৱাৰ বাবে পদ্মশ্ৰী লাভ কৰিছে অৰুণাচল প্ৰদেশৰ সত্যনাৰায়ন মুন্দায়ুৰ আৰু কৃষিত আগবঢ়োৱা বৰঙণিৰ বাবে এই সন্মান আগবঢ়োৱা হৈছে মেঘালয়ৰ ত্ৰিনিটি ছাইয়ুক।