NORTHEAST NOW (Assamese)

পেহেলগাম কাণ্ড সম্পৰ্কে চৰকাৰক প্ৰশ্ন কৰা মাদ্ৰী কাকতিৰ অগ্ৰিম জামিন মঞ্জুৰ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

June 9, 2025 9:35 pm · নৰ্থ-ইষ্ট নাও, গুৱাহাটী
Updated: June 10, 2025 2:26 pm

সোমবাৰে এলাহাবাদ উচ্চ ন্যায়ালয়ে লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ ভাষাবিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকা ড০ মাদ্ৰী কাকতিৰ জামিন মঞ্জুৰ কৰে।

উল্লেখ্য যে সামাজিক মাধ্যমত ড০ মেডুছা নামেৰে পৰিচিত মাদ্ৰী কাকতিয়ে পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণ সম্পৰ্কে চৰকাৰক প্ৰশ্ন উত্থাপন কৰিছিল। যাৰ ফলত  ভাৰতৰ সাৰ্বভৌমত্ব, ঐক্য আৰু অখণ্ডতাক আক্ৰমণ কৰাৰ অভিযোগকে ধৰি ভাৰতীয় ন্যায় সংহিতাৰ অধীনত একাধিক অপৰাধৰ গোচৰ ৰুজু কৰা হৈছিল।

আজি ন্যায়াধীশ ৰাজীৱ সিঙে কাকতিক অন্তৱৰ্তীকালীন সকাহ প্ৰদান কৰে।

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ছাত্ৰ তথা সদস্য যতীন শুক্লাই দাখিল কৰা এজাহাৰৰ ভিত্তিত কাকতিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল।

এজাহাৰত দাবী কৰা হৈছিল যে মাদ্ৰী কাকতিয়ে বিভিন্ন পোষ্টত গেৰুৱা-সন্ত্রাসবাদীৰ দৰে আপত্তিজনক আৰু উত্তেজক শব্দ ব্যৱহাৰ কৰিছে যিবোৰ পাকিস্তানী সংবাদ মাধ্যমেও প্রচাৰ কৰিছে৷

Related News