• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পাকিস্তান মানেই সন্ত্ৰাসবাদ! মুকলিকৈ ভাৰত বিৰোধী সভাত পেহেলগাম আক্ৰমণৰ মাষ্টাৰমাইণ্ড

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
May 29, 2025 9:30 pm
552
VIEWS
Share on FacebookShare on Twitter

পেহেলগাম আক্ৰমণৰ মাষ্টাৰমাইণ্ড সন্ত্ৰাসবাদীক পুনৰ পাকিস্তানত ৰাজহুৱা সভা অনুষ্ঠিত কৰা দেখা গ’ল। বুধবাৰে এখন বৈঠকত উপস্থিত থাকে লস্কৰ-ই-তৈবাৰ (LeT)ৰ কমাণ্ডাৰ ছাইফুল্লাহ কাছুৰী। সেই বৈঠকত পাকিস্তানী ৰাজনীতিবিদসকলো উপস্থিত আছিল। এই ছবিখনে দেখুৱাইছে যে পাকিস্তান চৰকাৰে এতিয়াও সন্ত্ৰাসবাদ বন্ধ কৰাৰ কোনো পদক্ষেপ গ্ৰহণ কৰা নাই।

১৯৯৮ চনৰ ২৮ মে’ত বেলুচিস্তানত হোৱা পাঁচটা ভূগৰ্ভস্থ পাৰমাণৱিক পৰীক্ষাৰ স্মৃতিত পাকিস্তানে ২৭ বছৰীয়া ‘য়ুম-ই-টাকবীৰ’ বা ‘মহানতা দিৱস’ পালন কৰিছে।

বুধবাৰে পঞ্জাৱ প্ৰদেশৰ কাছুৰত পাকিস্তান মাৰ্কাজি মুছলিম লীগ (পিএমএমএল)ৰ উদ্যোগত আয়োজিত এক সমাৱেশত উত্তেজক ভাষণ আৰু ভাৰত বিৰোধী শ্লোগান দিয়া হয়। সেই বৈঠকত উপস্থিত থকাসকলৰ ভিতৰত আছিল লস্কৰ-ই-তৈবাৰ প্ৰতিষ্ঠাপক হাফিজ ছাইদৰ পুত্ৰ সন্ত্ৰাসবাদী তালহা ছাইদ। তেওঁ ভাৰত বিৰোধী শ্লোগান দিয়ে।

সমাৱেশত কাছুৰীয়ে কয় যে, ” মোক পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ মাষ্টাৰমাইণ্ড বুলি অভিযোগ উঠিছিল, এতিয়া মোৰ নাম সমগ্ৰ বিশ্বতে বিখ্যাত হৈছে।” সভাত ভাষণ দি কাছুৰী ওৰফে খালিদে এলাহাবাদত এটা কেন্দ্ৰ, পথ আৰু ‘মুদাছিৰ শ্বহীদ’ নামেৰে এখন চিকিৎসালয় নিৰ্মাণৰ পৰিকল্পনাৰ কথা ঘোষণা কৰে।

চোৰাংচোৱা সূত্ৰৰ পৰা জানিব পৰা মতে, পেহেলগাম হত্যাকাণ্ডৰ পাছত ভাৰতৰ প্রত্যুত্তৰ অভিযানত নিহত হোৱা কেইবাজনো হাই-প্ৰফাইল সন্ত্ৰাসবাদীৰ ভিতৰত মুদাছিৰ আহমেদ অন্যতম।

হাফিজ ছাইদৰ পুত্ৰ সন্ত্ৰাসবাদী তালহা ছাইদে ২০২৪ চনৰ পাকিস্তানৰ সাধাৰণ নিৰ্বাচনত লাহোৰৰ এন এ-১২২ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। যদিও তেওঁ পৰাস্ত হয়, তথাপিও তেওঁ নিষিদ্ধ এলইটি-ৰ ৰাজনৈতিক ফ্ৰণ্ট হিচাপে পৰিচিত পিএমএমএলৰ সৈতে সম্পৰ্ক বজাই ৰাখিছে।

ভাৰত বিৰোধী অভিযান তীব্ৰতৰ কৰি তুলিছে পিএমএমএলে। পাকিস্তানৰ প্ৰধান চহৰ – লাহোৰ, কৰাচী, ইছলামবাদ, ফৈছালাবাদ আদি ঠাইত হাফিজ ছাইদৰ মুক্তিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছে। ইয়াৰ উপৰিও ভাৰতে সিন্ধু জল চুক্তি স্থগিত ৰখাৰ অভিযোগ উত্থাপন কৰিছে।

যদিও আন্তঃৰাষ্ট্ৰীয় আৰু পাকিস্তানৰ ভিতৰত লস্কৰ ই তৈবা নিষিদ্ধ, পিএমএমএলৰ দৰে গোটে সন্ত্ৰাসবাদী সংগঠনটোৰ ৰাজনৈতিক আৰু মতাদৰ্শগত প্ৰাসংগিকতা বজাই ৰাখিবলৈ সক্ষম হৈছে। ২০০৮ চনৰ মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ড হাফিজ ছাইদক এতিয়াও পিএমএমএলৰ কাৰ্যকলাপৰ আঁৰৰ মতাদৰ্শগত শক্তি হিচাপে দেখা যায়।

Recent News

কাৰ বাবে উন্নয়ন? বিকাশৰ সপোন দেখুৱা চৰকাৰৰ দ্বাৰা আজিও অবহেলিত চাহ শ্ৰমিক  

কাৰ বাবে উন্নয়ন? বিকাশৰ সপোন দেখুৱা চৰকাৰৰ দ্বাৰা আজিও অবহেলিত চাহ শ্ৰমিক  

হাতী-মানুহৰ সংঘাতে চৰম পৰ্যায় পাইছে অসমত! ভয়ানক তথ্য পোহৰলৈ আহিছে প্ৰতিবেদনত

হাতী-মানুহৰ সংঘাতে চৰম পৰ্যায় পাইছে অসমত! ভয়ানক তথ্য পোহৰলৈ আহিছে প্ৰতিবেদনত

পৰীক্ষাগাৰত ড্ৰাগছ উৎপাদন! ১৩ কোটি টকাৰ ড্ৰাগছ বিক্ৰী কৰাৰ অপৰাধত গ্ৰেপ্তাৰ দুজন বিজ্ঞান শিক্ষক

পৰীক্ষাগাৰত ড্ৰাগছ উৎপাদন! ১৩ কোটি টকাৰ ড্ৰাগছ বিক্ৰী কৰাৰ অপৰাধত গ্ৰেপ্তাৰ দুজন বিজ্ঞান শিক্ষক

আপুনি যেতিয়া মোক কুকুৰ বুলি কয়

আপুনি যেতিয়া মোক কুকুৰ বুলি কয়

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd