পুনৰ পাক সেনাৰ পুনৰ অস্ত্ৰ বিৰতি উলংঘন : কাশ্মীৰত গুলীবৰ্ষণত নিহত এগৰাকী

Ceasefire

পুনৰ কাশ্মীৰৰ পাক-ভাৰত সীমান্তত পাকিস্তান সেনাই অস্ত্ৰবিৰতি উলংঘন কৰিছে।

মঙলবাৰৰ ৰাতি পৰা বুধবাৰে পুৱালৈকে কাশ্মীৰৰ পুঞ্চ এলেকাত পাকিস্তানী সেনাই গুলীবৰ্ষণ কৰে।

উক্ত গুলীবৰ্ষণত ষাঠি উৰ্দ্ধৰ এগৰাকী মহিলা নিহত হোৱাৰ লগতে আন এগৰাকী লোক আহত হয়।

বুধবাৰে পুৱা পাক সেনাৰ গুলীত ষাঠি উৰ্দ্ধৰ বৃদ্ধা ৰেচম বি আৰু হাকাম বি নামৰ দুগৰাকী লোক আহত হয়।

আহত দুয়োগৰাকীকে স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে ৰেচন বিক মৃত বুলি ঘোষণা কৰে।

ইফালে উন্নত চিকিৎসাৰ বাবে হাকাম বিক জম্মুৰ এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

কাশ্মীৰৰ পৰা ৩৭০ ধাৰা প্ৰত্যাহাৰৰ পিছৰে পৰা কাশ্মীৰত পাক সেনাৰ অস্ত্ৰবিৰতিৰ ঘটনাৰ পৰিমাণ ক্ৰমাৎ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।

উল্লেখ্য যে, লাডাখ সীমান্তত ভাৰতীয় সেনা বাহিনী ব্যস্ত হৈ থকাৰ সমান্তৰালভাৱে পাকিস্তানী চোৱাংচোৰা সংস্থা আই এছ আইএ পাক সেনাৰ সহযোগত সন্ত্ৰাসবাদীক ভাৰতত অনুপ্ৰৱেশৰ সুযোগ সৃষ্টিত উঠি পৰি লাগিছে।

নতুন দিল্লীয়ে পাকিস্তানক অস্ত্ৰবিৰতি চুক্তি উলংঘন কৰাৰ পৰা বিৰত থাকিবলৈ সকীয়নি দি থকাৰ পিছতো বাৰে বাৰে পাক সেনাই সীমান্তত গুলীবৰ্ষণ কৰি আ্হিছে।

প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মতে মঙলবাৰে নিশা ২ বজাত বালাকোট ছেক্টৰ আৰু মেন্ধৰ ছেক্টৰত পাক সেনাই গুলীবৰ্ষণ আৰম্ভ কৰে।

“আমাৰ সেনায়ো পাক সেনাৰ গুলীৰ প্ৰত্যুত্তৰত ৰাতিয়েই গুলীবৰ্ষণ আৰম্ভ কৰে। প্ৰায় ৪৫ মিনিটৰ গুলীয়াগুলী চলে দুয়োপক্ষৰ মাজত।” প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সূত্ৰই এইদৰে কয়।।