NORTHEAST NOW (Assamese)

ভাৰতীয় জলসীমাত জব্দ অস্ত্ৰ ভৰ্তি পাকিস্তানী নাও: উদ্ধাৰ বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য

December 26, 2022 8:14 pm · এন ই নাও নিউজ, গুৱাহাটী

ভাৰতীয় জলসীমাত দেশৰ উপকূলৰক্ষী বাহিনীয়ে আজি জব্দ কৰিছে বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্য, অস্ত্ৰ-শস্ত্ৰ কঢ়িয়াই অনা এখন পাকিস্তানী মাছ ধৰা নাও। লগতে উপকূলৰক্ষী বাহিনীয়ে আটক কৰিছে নাওখনত থকা ১০ গৰাকী কৰ্মচাৰীক।

গুজৰাটৰ সন্ত্ৰাসবাদ বিৰোধী দল (ATS) আৰু উপকূলৰক্ষী বাহিনীয়ে যুটীয়া অভিযানত নাওখন জব্দ কৰে। এক টুইটযোগে উপকূলৰক্ষী বাহিনীয়ে এই কথা সদৰী কৰিছে।

জব্দকৃত ‘আল চোহেলি’ নামৰ নাওখন অধিক তদন্তৰ বাবে ওখালৈ লৈ যোৱা হৈছে বুলি উপকূলৰক্ষী বাহিনীয়ে লগতে জানিবলৈ দিয়ে।

এক টুইটত উপকূলৰক্ষী বাহিনীয়ে কয়, “গুজৰাটৰ এ টি এছ- ৰ সৈতে যুটীয়া অভিযানত ভাৰতীয় জলসীমাত ১০ গৰাকী কৰ্মচাৰীৰ সৈতে আল ছোহেলী নামৰ এখন পাকিস্তানী মাছ ধৰা নাও আটক কৰা হৈছে।”

“অস্ত্ৰ-শস্ত্ৰ, গোলাবাৰুদ আৰু প্ৰায় ৩০০ কোটি টকা মূল্যৰ প্ৰায় ৪০ কিলোগ্ৰাম নিচাজাতীয় সামগ্ৰী নাওখনত লুকুৱাই ৰখা অৱস্থাত পোৱা গৈছিল। অধিক অনুসন্ধানৰ বাবে ওখালৈ নাওখন লৈ যোৱা হৈছে।”— টুইটটোত লগতে এইদৰে উল্লেখ কৰে উপকূলৰক্ষী বাহিনীয়ে।

উল্লেখ্য যে, চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানৰ পৰা ভাৰতলৈ নিচাজাতীয় দ্ৰব্য তথা অস্ত্ৰ-শস্ত্ৰৰ সৰবৰাহৰ অভিযোগ সততে উত্থাপন হৈ আহিছে। বিগত কিছুদিনত দেশখনৰ পৰা ভাৰতত এইদৰে প্ৰৱেশ কৰা এনে চোৰাং সামগ্ৰী নিৰাপত্তা বাহিনীয়ে জব্দ কৰাৰ বিষয়ে সদৰী কৰা হৈছে।

শেহতীয়াকৈ দেশখনৰ পৰা এইদৰে নিচাজাতীয় দ্ৰব্যৰ চোৰাং সৰবৰাহত জড়িত এক চক্ৰৰ ১৭ গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছিল জম্মু-কাশ্মীৰ আৰক্ষীয়ে। ধৃত এই লোকসকলৰ মাজত পাঁচগৰাকী আৰক্ষী জোৱানো আছে বুলি আৰক্ষীয়ে সদৰী কৰিছিল।

Related News