আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় জনালে পাকিস্তানৰ তাৰকা খেলুৱৈ মহম্মদ হাফিজে

Mohammad Hafeez

পাকিস্তানৰ প্ৰাক্তন অধিনায়ক মহম্মদ হাফিজে আজি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰে। ২০০৩ চনত পাকিস্তানৰ হৈ অভিষেক ঘটোৱা অভিজ্ঞ অলৰাউণ্ডাৰ গৰাকীয়ে ৫৫ খন টেষ্ট, ২১৮ খন এদিনীয়া আৰু ১১৯ খন টি-২০ত পাকিস্তানক প্ৰতিনিধিত্ব কৰিছিল।

নিজৰ ১৮ বছৰীয়া ক্ৰিকেট কেৰিয়াৰত ১২,৭৮০ আন্তঃৰাষ্ট্ৰীয় ৰাণ সংগ্ৰহ কৰাৰ লগতে ২৫৩ টা উইকেট দখল কৰিছে হাফিজে।

“আজি মই গৌৰৱ আৰু সন্তুষ্টিৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় জনাইছো। দৰাচলতে, মই আৰম্ভণিতে কল্পনা কৰাতকৈ অধিক সফলতা অৰ্জন কৰিছো। মই মোৰ সকলো সহযোগী ক্ৰিকেটাৰ, অধিনায়ক, সহায়ক কৰ্মচাৰী আৰু পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ প্ৰতি কৃতজ্ঞ যিসকলে মোৰ কেৰিয়াৰত মোক সহায় কৰিছিল।” এক বিবৃতিত হাফিজে কয়।

লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পাকিস্তানক প্ৰতিনিধিত্ব কৰাৰ ক্ষেত্ৰত পৰিয়ালেও অলেখ ত্যাগ স্বীকাৰ কৰিছিল বুলি উল্লেখ কৰি হাফিজে পৰিয়ালৰ সদস্যসকলকো ধন্যবাদ জনায়।

১৮ বছৰ ধৰি পাকিস্তানৰ হৈ ৰাষ্ট্ৰীয় কিট পৰিধান কৰাৰ যোগ্য বুলি বিবেচিত হোৱাৰ বাবে নিজকে অত্যন্ত সৌভাগ্যৱান আৰু গৌৰৱান্বিত বুলি মন্তব্য কৰে হাফিজে।

তেওঁ কয়, “মোৰ দেশ আৰু মোৰ দল সদায় মোৰ বাবে আগস্থানত আছিল আৰু সেয়েহে মই প্ৰতিবাৰ খেলপথাৰত ভৰি দিয়াৰ সময়ত মই ক্ৰিকেটীয় সুলভ মনোভাৱেৰে সমৃদ্ধ খেলেৰে দেশ আৰু দলৰ প্ৰতিচ্ছবি উজলাবলৈ চেষ্টা কৰিছিলো।”

২০১৭ চনত চেম্পিয়নছ ট্ৰফী বিজয়ী পাকিস্তান দলৰ সদস্য হাফিজে তিনিখন এদিনীয়া বিশ্বকাপ (২০০৭, ২০১১ আৰু ২০১৯), ছয়খন টি-২০ বিশ্বকাপ (২০০৭, ২০১০, ২০১০, ২০১২, ২০১৬ আৰু ২০২১) আৰু তিনিবাৰ আইচিচি চেম্পিয়নছ ট্ৰফী (২০০৬, ২০১৩ আৰু ২০১৭)ত পাকিস্তানক প্ৰতিনিধিত্ব কৰিছিল।