IND vs PAK in T-20 World Cup ভাৰতৰ ‘বিৰাট’ পৰাজয়; শাপমুক্ত পাকিস্তান

India Vs Pakistan

IND vs PAK in T-20 World Cup দেওবাৰে ডুবাইত টী-২০ বিশ্বকাপৰ ছুপাৰ টুৱেলভৰ প্ৰথমখন মেচত ভাৰতৰ বিৰুদ্ধে ‘বিৰাট’ বিজয় সাৱ্যস্ত কৰে পাকিস্তানে।

প্ৰথমে বেটি ধৰি ভাৰতে অধিনায়ক বিৰাট কোহলিৰ অৰ্দ্ধশতকৰ সহায়ত ৭টা উইকেটৰ বিনিময়ত ১৫১ৰাণ কৰে।

পাকিস্তানৰ দুয়োগৰাকী অ’পেনাৰে অৰ্দ্ধশতক কৰি অপৰাজিত হৈ ৰয়। সেইদৰে পাকিস্তানে ভাৰতক ১০ উইকেটত পৰাজিত কৰে।

ডুবাই ইন্টাৰনেশ্যনেল ষ্টেডিয়ামত টী-২০ বিশ্বকাপৰ হাই-ভল্টেজ মেচখন আশা কৰা মতে শিহৰণকাৰী মেচ হিচাপে পৰিগণিত নহ’ল। ক’বলৈ গ’লে খুব অনায়াসে পাকিস্তানে বিজয় সাৱ্যস্ত কৰিলে।

এই প্ৰতিযোগিতাৰ ইতিহাসত ভাৰত-পাকিস্তান মুঠ ৬বাৰ মুখামুখি হৈছে আৰু পূৰ্বৰ ৫বাৰেই ভাৰত বিজয়ী হৈছিল। কিন্তু এইবাৰ মেচত জয়লাভ কৰি একপ্ৰকাৰ যেন শাপমুক্ত হ’ল পাকিস্তান।

ভাৰতৰ ৭উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা ১৫১ৰাণৰ প্ৰত্যুত্তৰত বেটিং কৰিবলৈ নামি পাকিস্তানে ১৭.৫ অভাৰতে কোনো উইকেট নেহেৰুৱাকৈ ১৫২ৰাণৰ বিজয় লক্ষ্যত উপনীত হয়।

মহম্মদ ৰিজৱানে ১৮তম অভাৰত ছামীৰ বলত দুটা চাৰি আৰু এটা ছয় মাৰি পাকিস্তানৰ বিজয় নিশ্চিত কৰে। অৱশ্যে জয়ৰ বাবে অন্তিম ৰাণটো লয় বাবৰ আজমে।

ৰিজৱানে ৬টা চাৰি আৰু ৩টা ছয়ৰ সহায়ত ৫৫টা বলত ৭৯ৰাণ কৰি অপৰাজিত থকাৰ বিপৰীতে বাবৰ আজমে ৬টা চাৰি আৰু ২টা ছয়ৰ সহায়ত ৫২টা বলত ৬৮ৰাণৰ এক সাৱলীল ইনিংছ খেলি অপৰাজিত থাকে।

আনহাতে, ৪ অভাৰত ৩১ৰাণৰ বিনিময়ত ৰোহিত শৰ্মা, লোকেশ ৰাহুল আৰু বিৰাট কোহলিৰ উইকেট লোৱা শ্বাহিন আফ্ৰিডি মেন অফ দ্য মেচ নিৰ্বাচিত হয়।