ভাৰত-পাকিস্তানৰ সীমান্তৰ পৰা মাত্ৰ ১৫০ গজ দূৰত্বত নিৰ্মাণ কাম আৰম্ভ কৰিছে পাকিস্তানী সেনাই। এই ঘটনাৰ ফলত দুয়োখন দেশৰ নিৰাপত্তা বাহিনীৰ তীব্ৰ বাক-বিতণ্ডাৰ সৃষ্টি হৈছে।
অভিযোগ অনুসৰি সীমান্তৰ ইমান ওচৰত শৌচাগাৰৰ নামত বাংকাৰ সাজিছে পাকিস্তানে। এই ঘটনাত বি এছ এফে কঠোৰ সতৰ্কবাণী জাৰি কৰি এই নিৰ্মাণ কাৰ্য ভাঙি পেলোৱা হ’ব সকীয়াই দিছে।
সেনাৰ সূত্ৰ অনুসৰি এই ঘটনা সংঘটিত হৈছে ৰাজস্থানৰ বৰমেৰ জিলাত। আন্তঃৰাষ্ট্ৰীয় সীমান্ত নীতি উলংঘা কৰি পাকিস্তানে কাঁইটীয়া তাঁৰৰ বেৰৰ পৰা মাত্ৰ ১৫০ গজৰ ভিতৰত অবৈধ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে।
যোৱা সোমবাৰে ভাৰতীয় সেনাই এই সন্দৰ্ভত তথ্য ৰাজহুৱা কৰিছে। ইয়াৰ পিছতে বি এছ এফে পাকিস্তান সেনাবাহিনীৰ সৈতে বৈঠক আহ্বান কৰিছে।
ইফালে পাকিস্তানে দাবী কৰিছে যে তাত জোৱানসকলৰ বাবে অস্থায়ী শৌচাগাৰহে নিৰ্মাণ কৰা হৈছে। কোনো বাংকাৰ নিৰ্মাণ কৰা হোৱা নাই। কিন্তু পাকিস্তানৰ এই পদক্ষেপৰ তীব্ৰ বিৰোধিতা কৰিছে ভাৰতীয় সেনাই। যাৰ বাবে নিৰ্মাণৰ কাম বন্ধ হৈ পৰিছে।
ভাৰতে স্পষ্ট কৰি দিছে যে যদি বাংকাৰটো ভাঙি পেলোৱা নহয় তেন্তে ভাৰতেও নিজৰ সীমান্তত বাংকাৰ নিৰ্মাণ কৰিব।
মন কৰিবলগীয়া যে, নিয়ম অনুসৰি সীমান্তৰ ১৫০ গজ এলেকাক ‘ন মেনছ লেণ্ড’ বুলি ঘোষণা কৰা হৈছে। ইয়াত যিকোনো নিৰ্মাণ অবৈধ। কিন্তু সেই নীতি উলংঘা কৰি পাকিস্তানে ৰাতিৰ আন্ধাৰত মাত্ৰ ১০০ গজতে এই নিৰ্মাণ আৰম্ভ কৰিছে।