NORTHEAST NOW (Assamese)

পাকিস্তানত ৰাজপথতে দাওদাওকৈ জ্বলি উঠিল যাত্ৰীবাহী বাছ: ১২ শিশুসহ ১৮ গৰাকী লোকৰ মৃত্যু

October 14, 2022 9:38 am · এন ই নাও নিউজ, গুৱাহাটী

চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানৰ কৰাচীত বৃহস্পতিবাৰে নিশা সংঘটিত হয় এক ভয়াৱহ অগ্নিকাণ্ড। এখন যাত্ৰীবাহী বাছত হোৱা এই ভয়াৱহ অগ্নিকাণ্ডত শোকাৱহভাৱে প্ৰাণ হেৰুৱাইছে ১২ টি শিশুসহ কমেও ১৮ গৰাকী লোকে।

দেশখনত প্ৰলয়ংকৰী বান পৰিস্থিতি শাম কটাৰ পিছত সুৰক্ষিত স্থানৰ পৰা নিজৰ ঘৰলৈ যাত্ৰা কৰিছিল এই যাত্ৰীসকলে।

ঘটনাস্থলীত উপস্থিত থকা এগৰাকী প্ৰশাসনিক বিষয়াই সংবাদ মাধ্যমৰ আগত উল্লেখ কৰা মতে শীত-তাপ নিয়ন্ত্ৰিত বাছখনত কোনো অজ্ঞাত কাৰণত জুই লাগে।

যাত্ৰীসকল বাছখনৰ পৰা সুৰক্ষিতভাৱে নামি অহাৰ পূৰ্বেই এই জুয়ে কিছুসময়ৰ ভিতৰতে বাছন আৱৰি ধৰে।

কিন্তু বাছখনত আকস্মিকভাৱে কেনেকৈ জুইৰ উৎপত্তি হ’ল, সেই সম্পৰ্কে এতিয়ালৈকে কোনো প্ৰমাণ লাভ কৰা নাই বুলি বিষয়াগৰাকীয়ে লগতে উল্লেখ কৰে।

Related News