NORTHEAST NOW (Assamese)

ক’ৰ’না আক্ৰান্ত পাকিস্তানৰ বৈদেশিক মন্ত্ৰী শ্বাহ মহম্মদ কুৰেশ্বী

July 4, 2020 9:47 am · এন ই নাও নিউজ
Updated: July 4, 2020 9:50 am
পাকিস্তানৰ বৈদেশিক মন্ত্ৰী

পাকিস্তানত ক’ৰ’না আক্ৰান্তৰ সংখ্যা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে।

বহুকেইগৰাকী ৰাজনৈতিক নেতাৰ শৰীৰত পাকিস্তানত ক’ৰ’নাৰ সংক্ৰমণ ধৰা পৰাৰ পাছত শেহতীয়াভাৱে পাকিস্তানৰ বৈদেশিক মন্ত্ৰী শ্বাহ মহম্মদ কুৰেশ্বীৰ শৰীৰত ক’ৰ’নাৰ উপস্থিতি ধৰা পৰিছে।

পাকিস্তানৰ বৈদেশিক মন্ত্ৰী গৰাকীয়ে নিজেই টুইটাৰ যোগে এই কথা প্ৰকাশ কৰিছে।

বিগত ২ জুলাইৰ পৰা কুৰেশ্বী জ্বৰত আক্ৰান্ত হৈ আছিল আৰু তেওঁৰ ক’ৰ’না পৰীক্ষা কৰাৰ পাছত ফলাফল প’জিটিভ আহে।

ক’ৰ’না আক্ৰান্ত কুৰেশ্বী বৰ্তমান সময়ত নিজ গৃহতে আইছ’লেশ্যন আছে।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে পাকিস্তানৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী নৱাজ শ্বৰীফৰ ভাতৃ আৰু প্ৰাক্তন প্ৰধান মন্ত্ৰী চাহিদ খান আব্বাছি ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছিল।

আনহাতে, পাকিস্তানৰ ক্ৰিকেট দলৰ তাৰাক খেলুৱৈ মহম্মদ হাফিজ, ৱাহাব ৰিয়াজকে আদি কৰি মুঠ ৮ গৰাকীকৈ খেলুৱৈৰ শৰীৰতো ক’ৰ’নাৰ উপস্থিতি ধৰা পৰিছিল।

Related News