• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

GMCHৰ গাফিলতিৰ বাবে মোৰ স্বামীৰ মৃত্যু হ’ল: কোভিড আক্ৰান্ত মৃতকৰ পত্নীৰ ভয়ংকৰ অভিযোগ

GMCH কাণ্ড : প্ৰথমে পজিটিভ, এদিনৰ পাছত ফলাফল নিগেটিভ, ব্যক্তিগত চিকিৎসালয়ত আকৌ পজিটিভ!

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 4, 2020 9:53 am
5b4f6cdd8d8e7884f6a4b24ef63c00cf-750x375

প্ৰতিনিধিত্বমূলক ফটো।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুনৰবাৰ বিতৰ্কত সোমাই পৰিছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতাল।

GMCHৰ গাফিলতিৰ বাবেই মহানগৰীৰ জাপৰিগোগৰ শিৱ ৰাম শৰ্মা (৫৪) নামৰ কোভিড আক্ৰান্ত লোকজনে মৃত্যুক আঁকোৱালি লোৱা বুলি ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে তেওঁৰ পত্নী নমিতা শৰ্মাই।

Apply Now

নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত মৃত শৰ্মাৰ পত্নীয়ে জনায় যে শিৱ ৰাম শৰ্মা যোৱা ২৪ জুনত নিজে গৈ GMCHত স্বাৱ টেষ্টৰ বাবে নমুনা  দিছিলগৈ।

তাৰ পাছদিনা অৰ্থাৎ যোৱা ২৫ জুনত শৰ্মাৰ পজিটিভ অহা বুলি GMCH কর্তৃপক্ষৰ কোনোৱে ফোন কৰি জনায় বুলি নমিতাই আমাৰ সাংবাদিকৰ আগত কয়।

তাৰ পাছত সেই পৰীক্ষাত কিছু খেলি মেলি হোৱাৰ বাবে পুনৰাই পৰীক্ষা কৰা হ’ব বুলি জনায়।

অতি ৰহস্যজনকভাৱে GMCH কর্তৃপক্ষই ২৫ জুনত অহা পজিটিভ ৰিজাল্ট ২৬ জুনত নিগেটিভ বুলি তেওঁলোকক জনায়।

ইপিনে, ২৫ জুনত পজিটিভ ওলোৱাৰ পাছত কোনোধৰণৰ ১০৮ বাহন বা স্বাস্থ্যকৰ্মীয়ে শৰ্মাক চিকিৎসালয়ৰ পৰা নিবলৈ নাহিল বুলি পত্নী নমিতা শৰ্মাই অভিযোগ তোলে।

“২৬ জুনত এগৰাকী স্বাস্থ্য কৰ্মীয়ে আমাক নিগেটিভ ৰিজাল্টটো দি যোৱাৰ পাছত আমি তেওঁক পোনে পোনে এপ’ল’ হস্পিতাললৈ নিও। তাত কোভিডৰ ৰিপোৰ্টতো চালে যদিও তাত ভৰ্তি নকৰালে। তাৰ পাছত চিকিৎসাৰ বাবে তেওঁক মিডলেণ্ড হস্পিতালত ভৰ্তি কৰোৱা হয়। সকলো পৰীক্ষা কৰি তেওঁৰ নিমুউনীয়া হোৱা বুলি চিকিৎসকে কয়। তেওঁ উশাহ লোৱাত বহুত কষ্ট হৈছিল বাবে অক্সিজেন দি ৰখা হৈছিল।” শৰ্মাৰ পত্নীয়ে আমাৰ সাংবাদিকৰ আগত কয়।

যোৱা ২৮ জুনত শৰ্মা গুৰুতৰভাবে অসুস্থ হোৱাত তেওঁক চিকিৎসালয়ৰ ICU ত ভৰ্তি কৰোৱা হয় বুলি তেওঁ কয়।

তাৰ পাছত চিকিৎসালয়খনৰ চিকিৎসকে শৰ্মাৰ পুনৰ কোভিড টেষ্ট কৰায়। তেওঁৰ পত্নী প্ৰথমতে অৱগত নাছিল যদিও আমাৰ হাতত পৰা তথ্য অনুসৰি তেওঁৰ কোভিড-১৯ পজিটিভ ওলায়।

WhatsApp Image 2020-07-04 at 8.55.45 AM
শিৱৰাম শৰ্মাৰ কোভিড-১৯ পজিটিভৰ ফলাফল।

ইপিনে, শৰ্মা সুস্থ হৈ নুঠাত যোৱা ৩০ জুনত তেওঁক আয়ুৰসুন্দ্ৰা মেডিকেলত নিবলৈ চিকিৎসকে পৰামৰ্শ দিয়ে। আয়ুৰসুন্দ্ৰা হস্পিতাললৈ স্থানান্তৰিত কৰাৰ সময়ত শৰ্মাৰ শাৰীৰিক অৱস্থা একেবাৰে বেয়া আছিল।

যোৱা ১ জুনৰ দিনা শৰ্মাৰ আয়ুৰসুন্দ্ৰা হস্পিতালত মৃত্যু হয়।

তাৎপৰ্যপূৰ্ণভাৱে তেওঁৰ মৃত্যুৰ পাছত পত্নী নমিতাক তেওঁৰ ভিনিহিয়েকে ফোন কৰি মৃতদেহ ঘৰলৈ আনিব নালাগে বুলি কয়।

“মোক ভিনিহিয়ে তেনেকৈ কোৱাত মই কিয় নিব নোৱাৰিম বুলি সুধিলো। তেতিয়া তেওঁ ক’লে যে শিৱ কোভিড-১৯ পজিটিভ। যদি কোভিড পজিটিভ তেন্তে মোবাইলত মিডলেণ্ডৰ পৰা কোনোধৰণৰ ফোন মেছেজ অহা নাছিল।”

ইপিনে, মৃতদেহ সৎকাৰ অথবা মৰ্গত ৰখাক লৈয়ো হাৰাশাস্তিৰ সন্মুখীন হয় শৰ্মাৰ পত্নী নমিতা।

“যিখন ব্যক্তিগত এম্বুলেঞ্চত মোৰ স্বামীৰ মৃতদেহ নিয়া হৈছিল সেইখনে আয়ুৰসুন্দ্ৰাৰ পৰা GMCH লৈকে ১৩০০০ টকা লৈছে। GMCH ত মৃতদেহটো নাৰাখে জিলা উপায়ুক্তৰ চহী লাগিব বুলি নিশা ২ বজাত কাছাৰীলৈকে পঠালে। কিন্তু নিশা বেছি হোৱা বাবে জিলা উপায়ুক্তৰ চহী ল’ব নোৱাৰিলে। আনকি মৃতদেহটো নমাবলৈও কোনো মানুহ নাছিল। বেলেগৰ পৰা পিপিই কীট পিন্ধি ল’ৰা কেইটামান আহি বেলেগ এখন এম্বুলেঞ্চত মৃতদেহটো লৈ পাছত মোক অকলে এখন গাড়ীত পাহাৰৰ মাজে মাজে লৈ গৈছে। তাত ভঙা ঘৰ এটাত ডাষ্টবিনৰ নিচিনা ঠাইত  ৰাখিলে। সেইটো মৰ্গ নহয়। মোক তাতো মৃতদেহ নমোৱাৰ বাবদ ৪০০ টকা বিচাৰিছে।”

তাৎপৰ্যপূৰ্ণভাৱে বৰ্তমানলৈকে মৃতদেহটো কোনোধৰণৰ সৎকাৰৰ ব্যৱস্থা কৰা নাই বুলি নমিতাই আমাৰ সাংবাদিকক জনায়।

“কালি মোক নিশা ৭:৩০ মান বজাত GMCH ৰ পৰা ফোন কৰি মাতিছে মৃতদেহটো চমজি ল’বলৈ। কোভিড ৰোগী তেনেকৈ চমজাই দিয়ে নেকি?  কিন্তু প্ৰশাসনৰ ফালৰ পৰা অন্তেষ্টিক্ৰিয়াৰ কোনো ব্যৱস্থা কৰা নাই।”

তেওঁ আৰু কয়, “GMCH ৰ গাফিলতিৰ বাবে মোৰ মানুহজনৰ মৃত্যু হ’ল। যদি GMCH কৰ্তৃপক্ষই স্বাৱ পৰীক্ষাত খেলি মেলি নকৰি তেওঁক ২৫ জুনত চিকিৎসালয়ত ভৰ্তি কৰাই কোভিড চিকিৎসা কৰালেহেঁতেন তেন্তে তেওঁৰ মৃত্যু নহ’লহেঁতেন।

উপৰোক্ত মহিলাগৰাকীয়ে কৰা অভিযোগবোৰ যদি সঁচা হয় তেন্তে স্বাভাৱিকতে বহুকেইটা প্ৰশ্ন হয় :

১) GMCH ত কোভিডৰ নামত প্ৰকৃততে চলিছে কি?

২) কিয় GMCH ত প্ৰথমে পজিটিভ ৰিজাল্ট ওলাই পাছত পুনৰ নিগেটিভ আহি আকৌ ব্যক্তিগত চিকিৎসালয়ত পজিটিভ ওলাল?

৩) স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কোভিড ৰোগীক ঘিণ নকৰিবলৈ আহ্বান জনাই অহাৰ সময়ত বা নিজে কোভিড ৰোগীৰ অন্তেষ্টিক্ৰিয়া অনুষ্ঠানত ভাগ লোৱাৰ পাছতো বৰ্তমানো কিয় মৰ্গত পৰি ৰ’বলগীয়া হৈছে শৰ্মাৰ মৃতদেহ?

৪) কিয় চাৰি দিন পাছতো শিৱ ৰাম শৰ্মাৰ অন্তেষ্টিক্ৰিয়া সম্পন্ন কৰাৰ ব্যৱস্থা নকৰিলে কামৰূপ মহানগৰ জিলা প্ৰশাসনে?

৫) মৃত্যুৰ ৪ দিনৰ পাছতো কিয় স্বাস্থ্য বিভাগে বৰ্তমানলৈকে আনুষ্ঠানিক ঘোষণা কৰা নাই?

এই প্ৰশ্ন সমূহৰ উত্তৰ আছে নে স্বাস্থ্য বিভাগৰ দক্ষ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত?

Tags: COVID-19
কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

August 19, 2026 9:03 pm

ৰাজপাল যাদৱৰ নতুন ছবিত দেখা যাব জীৱনৰ এক অনন্য যাত্ৰা, দীপালীৰ পূৰ্বে মুক্তি পাব পোষ্টাৰ

August 19, 2026 7:50 pm
গুৱাহাটী ৰে’লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জা : কি সুৰুঙাৰে গুৱাহাটীলৈ আহে অবৈধ সামগ্ৰী?

গুৱাহাটী ৰে’লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জা : কি সুৰুঙাৰে গুৱাহাটীলৈ আহে অবৈধ সামগ্ৰী?

August 19, 2026 6:35 pm
ছাত্ৰ আন্দোলনত নিষেধাজ্ঞা জাৰি কৰি চাপত বিজয়ৰ চৰকাৰ : অৱশেষত প্ৰত্যাহাৰ বিতৰ্কিত নিৰ্দেশনা

ছাত্ৰ আন্দোলনত নিষেধাজ্ঞা জাৰি কৰি চাপত বিজয়ৰ চৰকাৰ : অৱশেষত প্ৰত্যাহাৰ বিতৰ্কিত নিৰ্দেশনা

August 19, 2026 5:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

August 19, 2026 9:03 pm

ৰাজপাল যাদৱৰ নতুন ছবিত দেখা যাব জীৱনৰ এক অনন্য যাত্ৰা, দীপালীৰ পূৰ্বে মুক্তি পাব পোষ্টাৰ

August 19, 2026 7:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd