NORTHEAST NOW (Assamese)

অৰ্থনৈতিক সংকট: শ্ৰীলংকাৰ পিছত পাকিস্তানৰ পাল! ‘অপ্ৰয়োজনীয়’ বিলাসী সামগ্ৰীৰ আমদানিত নিষেধাজ্ঞা

May 21, 2022 2:38 pm · এন ই নাও নিউজ,গুৱাহাটী
Updated: May 21, 2022 2:40 pm

দেশৰ অৰ্থনীতিৰ ক্ৰমে পতন ঘটিছে। বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ প্ৰায় শূন্য। শ্ৰীলংকাৰ পিছত এতিয়া ক্ৰমে দেউলীয়া হোৱাৰ দিশে চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তান। গতিকে পৰিস্থিতি চম্ভালিবলৈ পাকিস্তানে সকলো ‘অপ্ৰয়োজনীয়’ বিলাসী সামগ্ৰীৰ আমদানি নিষিদ্ধ কৰিছে।

কৰ’না মহামাৰী, অপব্যৱস্থা আৰু ঋণৰ বোজাত পাকিস্তানৰ অৰ্থনীতি কাৰ্যতঃ ধ্বংস হৈ পৰিছে। সামগ্ৰীৰ উৎপাদন আৰু ৰপ্তানিৰ ক্ষেত্ৰত যথেষ্ট ক্ষতিৰ সন্মূখীন হৈছে দেশখন। ফলত বৈদেশিক মুদ্ৰাৰ মজুত প্ৰায় শূন্যৰ দিশে ধাৱমান হৈছে। ফলত খাদ্যৰ পৰা আৰম্ভ কৰি ঔষধৰ দাম অস্বাভাবিক হাৰত বৃদ্ধি পাইছে। এনে পৰিস্থিতিত প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ চৰকাৰে খাদ্য আৰু ঔষধৰ দৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান নিয়মীয়া কৰি ৰাখিবলৈ সকলো ‘অপ্ৰয়োজনীয়’ বিলাসী সামগ্ৰীৰ আমদানিত নিষেধাজ্ঞা আৰোপ কৰিছে। বৃহস্পতিবাৰে এক সংবাদমেলত এই কথা ঘোষণা কৰে পাকিস্তানৰ তথ্য মন্ত্ৰী মৰিয়াম ঔৰংজেৱে।

বিগত কেইমাহমানৰ পৰা পাকিস্তানৰ অৰ্থনীতি ক্ৰমাগতভাৱে নীম্নমূখী হৈছে। ইফালে ইমৰাণ খানৰ পাকিস্তান তেহৰিক-ই-ইনছাফে চৰম ৰাজনৈতিক অস্থিৰতাত ক্ষমতা হেৰুৱাই পেলালে। পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফৰ ভাতৃ শ্বাহবাজ শ্বৰীফে প্ৰধানমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিছে। কিন্তু তাৰ পিছতো দেশখনৰ অৰ্থনৈতিক অৱস্থাৰ উন্নতি নহল। বৰঞ্চ অভিলেখ গড়ি ডলাৰৰ বিপৰীতে দেশৰ মুদ্ৰাৰ মূল্য হ্ৰাস পাইছে। শুকুৰবাৰে প্ৰতি ডলাৰৰ বিপৰীতে পাকিস্তানী টকাৰ মূল্য আছিল ২০০ টকা।

পৰিস্থিতি চম্ভালিবৰ বাবেই বিলাসী সামগ্ৰী আমদানি কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে দেশৰ চৰকাৰে। আমদানি নিষিদ্ধ তালিকাত থকা উল্লেখযোগ্য সামগ্ৰীসমূহৰ ভিতৰত আছে গাড়ী, ম’বাইল, ব্যক্তিগত অস্ত্ৰ-শস্ত্ৰ, বিলাসী বিচনা আৰু শ্লীপিং বেগ, বিলাসী চামৰাৰ কাপোৰ আদি।

ফেডাৰেল কেবিনেটে কয় যে দুমাহৰ পিছত এই নিষেধাজ্ঞাৰ ওপৰত পুনৰীক্ষণ কৰা হ’ব। প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে টুইটযোগে লিখিছে, ‘বিলাসী সামগ্ৰী আমদানি নিষিদ্ধ কৰাৰ সিদ্ধান্তই দেশৰ মূল্যৱান বৈদেশিক মুদ্ৰা ৰক্ষা কৰিব। কঠোৰ অনুশীলনৰ জৰিয়তে আমি একেলগে সকলো প্ৰত্যাহ্বান অতিক্ৰম কৰিবলৈ সক্ষম হ’ম।” পাক ফেডাৰেল ব’ৰ্ড অৱ ৰেভিনিউৰ মতে, আমদানি নিষিদ্ধ কৰাৰ বাবে মাহিলী আমদানি বিল ২৮ কোটি পৰা ৩০ কোটিলৈ হ্ৰাস পাব।

Related News