পাকিস্তানৰ সংসদ ভংগ কৰিলে ৰাষ্ট্ৰপতিয়ে; পুনৰ দেশৰ জনসাধাৰণৰ ৰায় ল’ব ইমৰাণ খানে

সম্পূৰ্ণ নাটকীয় ঘটনাৱলীৰ মাজতে পাকিস্তানৰ ৰাষ্ট্ৰপতি আৰিফ আলভিয়ে সংসদ ভংগৰ ঘোষণা কৰিছে। ইমৰাণ খানৰ চৰকাৰৰ বিৰুদ্ধে অনা অনাস্থা প্ৰস্তাৱক কেন্দ্ৰ কৰিয়েই বিগত কেইদিন ধৰি পাকিস্তানৰ ৰাজনীতি গৰম হৈ পৰিছিল।

অনাস্থা প্ৰস্তাৱকলৈ সংসদত আলোচনা চলি থকাৰ সময়তে প্ৰধানমন্ত্ৰী ইমৰাণ খান ৰাষ্ট্ৰপতি আৰিফ আলভিৰ ওচৰলৈ যায় আৰু তেওঁক সাধাৰণ নিৰ্বাচন ঘোষণা কৰাৰ বাবে দাবী জনায়। ইমৰাণ খানৰ কথা মতেই ৰাষ্ট্ৰপতি আলভিয়ে সংসদ ভাঙি দিয়া বুলি দেশখনৰ সংবাদ মাধ্যমে সদৰী কৰিছে।

প্ৰধানমন্ত্ৰী ইমৰাণ খানে সংসদৰ পৰা ওলাই আহিয়েই ৰাষ্ট্ৰৰ উদ্দেশ্যি দিয়া ভাষণত দেশৰ জনসাধাৰণক নিৰ্বাচনৰ বাবে সাজু হ’বলৈ আহ্বান জনাইছে। 

ইমৰাণে খানে কয়,’’চিন্তা কৰিব নালাগে। ইশ্বৰে ওপৰৰ পৰা পাকিস্তানৰ ওপৰত দৃষ্টি ৰাখিছে। তেওঁ চাই আছে কিধৰণে তেওঁৰ চৰকাৰ ভঙাৰ বাবে বিৰোধীসকলে পাকিস্তানৰ সৈতে বিশ্বাসঘাতকতা কৰিছে। দেশবাসীয়ে এতিয়া সিদ্ধান্ত লওক তেওঁলোকে কাক ক্ষমতাত বিচাৰে।‘’

পাকিস্তানৰ তথা আৰু সম্প্ৰচাৰ বিভাগৰ ৰাজ্যমন্ত্ৰী ফাৰুখ হাবিবে কয় যে দেশখনৰ সাধাৰণ নিৰ্বাচন আগন্তুক ৯০ দিনৰ ভিতৰত অনুষ্ঠিত কৰা হ’ব। 

সংসদত ইমৰাণ খানৰ বিৰুদ্ধে অনা অনাস্থা প্ৰস্তাৱ উপাধ্যক্ষ কাছিম সুৰিয়ে বাতিল কৰিছে। তেওঁ এই প্ৰস্তাৱক সংবিধানৰ আওতাত নাহে বুলি মন্তব্য কৰে।

উল্লেখ্য যে ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী ইমৰাণ খানে তেওঁৰ বিৰুদ্ধে অনা অনাস্থা প্ৰস্তাৱ বিদেশী শক্তিৰ সৈতে হাত মিলাই কৰা এক নিকৃষ্ট ষড়যন্ত্ৰ বুলি অভিহিত কৰিছিল।