NORTHEAST NOW (Assamese)

চেম্পিয়নছ ট্ৰফীৰ আৰম্ভণিতে পৰাজয়ৰ সন্মুখীন পাকিস্তানঃ ঘৰুৱা খেলপথাৰতো নিউজিলেণ্ডৰ বিৰুদ্ধে দিশহাৰা ৰিজৱানৰ দল

February 20, 2025 7:55 am · এন ই নাও নিউজ, গুৱাহাটী

চেম্পিয়নছ ট্ৰফীৰ প্ৰথমখন মেচত বিপৰ্যয়ৰ সন্মুখীন হবলগীয়া হয় পাকিস্তানৰ জাতীয় ক্ৰিকেট দল। নিউজিলেণ্ডৰ হাতত ৬০ ৰাত পৰাস্ত হয় দলটো। অৱশ্যে সৰ্বাধিক সমালোচনাৰ সন্মুখীন হৈছে বাবৰ আজম।কাৰণ তেওঁ ৯০টা বলত মাত্ৰ ৬৪ ৰাহে সংগ্ৰহহে কৰে।

এতিয়া আহোঁ মেচখনৰ বিশদ বিশ্লেষণলৈ। চলি থকা চেম্পিয়নছ ট্ৰফীত অবিশ্বাস্য আৰম্ভণি কৰিছে নিউজিলেণ্ডৰ ক্ৰিকেট দলে। এই দুয়োটা দলে চেম্পিয়নছ ট্ৰফীত মুঠ চাৰিবাৰ মুখামুখি হৈছে। এই সময়ছোৱাত পাকিস্তানে এবাৰো জয়ী হব পৰা নাই। আনকি বিগত দুসপ্তাহ ধৰি চলি থকা দ্বিপাক্ষিক শৃংখলাতো পাকিস্তানে  অপমানজনক পৰাজয়ৰ সন্মুখীন হবলগীয়া হৈছিল। ফলত নিউজিলেণ্ডে ইতিমধ্যে প্ৰমাণ কৰিছে যে তেওঁলোক বৰ্তমানৰ চেম্পিয়নছ ট্ৰফীৰ অন্যতম প্ৰতিদ্বন্দ্বী।

টছত পৰাস্ত হৈ নিউজিলেণ্ডে প্ৰথমে বেটিং কৰিবলৈ নামিছিল। পাকিস্তান ক্ৰিকেট দলৰ অধিনায়ক মহম্মদ ৰিজৱানে আশা কৰিছিল যে দ্বিতীয় ইনিংছত বেটিং হয়তো এটা কাৰক হব পাৰে।কিন্তু নিউজিলেণ্ডৰ হৈ টম লেথাম আৰু উইল ইয়ঙৰ শতকে ইতিমধ্যে নিউজিলেণ্ডৰ বাবে জয়ৰ মঞ্চ তৈয়াৰ কৰিছিল। গ্লেন ফিলিপছে ৩৯টা বলত ৬১ ৰানৰ অৱদান ইনিংছ আগবঢ়ায়। অৱশেষত নিউজিলেণ্ডৰ স্কৰ ৩২০ৰাণত উপনীত হয়।

ইয়াৰ পাছত পাকিস্তানে যিদৰে বেটিং কৰিছিল, এবাৰো পাকিস্তানে মেচখন জয় কৰিবলৈ ওলাইছে যেন লগা নাছিল। মেট হেনৰী আৰু উইল অৰ্কে নতুন বলটোৰে নিজৰ গতি প্ৰদৰ্শন কৰে। পাকিস্তানে প্ৰথম ১০ অভাৰত মাত্ৰ ২২ ৰান সংগ্ৰহ কৰি ২ উইকেট হেৰুৱাইছিল।

আশা কৰা হৈছিল যে বাবৰ আজমে হয়তো বেটৰ সৈতে জিলিকি উঠিব। কিন্তু পাকিস্তান ক্ৰিকেট দলৰ অনুৰাগীসকলে এনে দৃশ্য প্ৰত্যক্ষ কৰিবলৈ সক্ষম হোৱা নাছিল। এই মেচত পাকিস্তানৰ হৈ স্থিৰ পেনিং দিব পৰা নাছিল ফখৰ জামানেকাৰণ তেওঁৰ হামষ্ট্ৰিঙত আঘাত পায়। আৰু এইটোৱেই পাকিস্তানৰ বেটিং অৰ্ডাৰ সম্পূৰ্ণৰূপে অস্থিৰ কৰি পেলায়

অৱশ্যে ছলমান আঘা আৰু খুছদিল শ্বাহে শেষত খেলখনত জয়ী কৰিবলৈ চেষ্টা কৰে। কিন্তু, কালি আছিল নিউজিলেণ্ডৰ দিন। যাৰ ফলত পাকিস্তানে শোচনীয় পৰাজয় লাভ কৰে।

Related News