• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শিমলা চুক্তি বাতিলৰ হুংকাৰ পাকিস্তানৰ! কি প্ৰভাৱ পৰিব চুক্তি বাতিল হ’লে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 26, 2025 5:30 pm
402
VIEWS
Share on FacebookShare on Twitter

শেহতীয়া জম্মু-কাশ্মীৰৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত  অবনতি ঘটিছে ভাৰত পাকিস্তান্ৰ মাজৰ সম্পৰ্কত। এই ঘটনাৰ পিছত ভাৰত চৰকাৰে সিন্ধু জলচুক্তি বাতিল কৰাৰ পাছত এইবাৰ পাকিস্তানে ১৯৭২ চনৰ শিমলা চুক্তি বাতিলৰ হুংকাৰ দিছে।

পাকিস্তানে দাবী কৰিছে যে ভাৰতৰ সন্ত্ৰাসবাদৰ উচটনি আৰু আন্তঃৰাষ্ট্ৰীয় আইন উলংঘনৰ বাবে এই পদক্ষেপ ল’ব পাৰে। উল্লেখ্য যে শিমলা চুক্তিৰ মূল লক্ষ্য আছিল ভাৰত-পাকিস্তানৰ মাজত শান্তি আৰু কূটনৈতিক সম্পৰ্ক উন্নত কৰা। ১৯৭১ চনৰ যুদ্ধৰ পিছত ইন্দিৰা গান্ধী আৰু জুলফিকাৰ আলী ভুট্টোৱে এই চুক্তিত স্বাক্ষৰ কৰিছিল। ইয়াত নিয়ন্ত্ৰণ ৰেখা (LoC)ত শান্তি বজাই ৰখা, সৈন্য প্ৰত্যাহাৰ আৰু পাৰস্পৰিক সম্পৰ্কৰ কথা উল্লেখ আছে। চুক্তি অনুসৰি, কাশ্মীৰৰ পৰিস্থিতিক সন্মান কৰি কোনো পক্ষই একপক্ষীয়ভাৱে নিয়ন্ত্ৰণ ৰেখা সলনি কৰিব নোৱাৰে।

এতিয়ে প্ৰশ্ন হৈছে যে যদি এই চুক্তি বাতিল হয় তেন্তে নিয়ন্ত্ৰণ ৰেখাৰ বৈধতাৰ ওপৰত প্ৰশ্ন উঠিব, যাৰ ফলত ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধৰ সম্ভাৱনা অধিক তীব্ৰতৰ হৈ পৰিব। যিহেতু এই চুক্তিয়ে তৃতীয় পক্ষৰ হস্তক্ষেপ বন্ধ কৰিছিল, কিন্তু শিমলা চুক্তি বাতিলে কাশ্মীৰক আন্তঃৰাষ্ট্ৰীয় বিষয় কৰি তুলিব পাৰে।

বিশেষজ্ঞৰ মতে, এনে পৰিস্থিতিত ভাৰতৰ সুবিধা হ’ব পাৰে। শিমলা চুক্তিৰ বাধ্যবাধকতাৰ বাবে ভাৰতে পাকিস্তান অধিকৃত কাশ্মীৰ দখলৰ পদক্ষেপ গ্ৰহণ কৰা নাই। সেয়ে চুক্তি বাতিল হ’লে ভাৰতৰ সামৰিক কাৰ্যকলাপৰ পথ মুকলি হ’ব, আৰু চুক্তি ভংগৰ দায়িত্ব পাকিস্তানৰ ওপৰত পৰিব।

এই পদক্ষেপে কাশ্মীৰ বিষয়ত তৃতীয় শক্তিৰ হস্তক্ষেপৰ সম্ভাৱনা বৃদ্ধি কৰিব। পাকিস্তানৰ বাবে এই সিদ্ধান্ত বিপদজনক হ’ব পাৰে। কিয়নো পাকিস্তান ভাৰতৰ সামৰিক শক্তিৰ সন্মুখীন হোৱাৰ লগতে আন্তঃৰাষ্ট্ৰীয় চাপৰ সন্মুখীন হ’ব পাৰে।

ইয়াৰোপৰি এই চুক্তি বাতিলৰ ফলত আন এক সুদূৰপ্ৰসাৰী প্ৰভাৱ পৰিব যে কাশ্মীৰ বিষয়টো আন্তৰ্জাতিক বিষয়ত পৰিণত হ’ব। গতিকে ভাৰত আৰু পাকিস্তানৰ বাহিৰে অন্য তৃতীয় শক্তিসমূহে কাশ্মীৰ বিষয়ত পোনপটীয়াকৈ হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰিব যিটো দুয়খন দেশৰ বাবে সুবিধাজনক নহ’ব।

Recent News

২ দিনৰ প্ৰচণ্ড বৰষুণৰ অন্তত উত্তৰ-পূবত বান, ভূমিস্খলনৰ ফলত ২৫ জন লোকৰ মৃত্যু

২ দিনৰ প্ৰচণ্ড বৰষুণৰ অন্তত উত্তৰ-পূবত বান, ভূমিস্খলনৰ ফলত ২৫ জন লোকৰ মৃত্যু

দুযোৰ গ্ৰীষ্মকালীন বিশেষ ৰে’লসেৱাৰ চলাচলৰ সময়সীমা বৃদ্ধি কৰিলে উত্তৰ পূব সীমান্ত ৰে’লৱেই

দুযোৰ গ্ৰীষ্মকালীন বিশেষ ৰে’লসেৱাৰ চলাচলৰ সময়সীমা বৃদ্ধি কৰিলে উত্তৰ পূব সীমান্ত ৰে’লৱেই

দুদিনত ৯১ হাজাৰ কিউচেক হ্ৰাস পাইছে চন্দ্ৰভাগৰ পানীৰ প্ৰবাহঃ অতি সোনকালে শুকাই যাব পাৰে পাকিস্তান!

দুদিনত ৯১ হাজাৰ কিউচেক হ্ৰাস পাইছে চন্দ্ৰভাগৰ পানীৰ প্ৰবাহঃ অতি সোনকালে শুকাই যাব পাৰে পাকিস্তান!

গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক দলৰ নতুন মাছৰ প্ৰজাতি আৱিষ্কাৰ

গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক দলৰ নতুন মাছৰ প্ৰজাতি আৱিষ্কাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd