সন্ত্ৰাসবাদীৰ প্ৰশিক্ষণ দি ভাৰতৰ বিৰুদ্ধে ৰোহিংগ্যাক উচটাইছে পাকিস্তানে

422481-jem

ফাইল ফটো। উৎস: ইন্টাৰনেট

সীমান্ত সুৰক্ষা বাহিনী (বি এছ এফ)ৰ সূত্ৰ অনুসৰি পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠন জইছ ই মহম্মদ (JeM)আৰু ৰোহিংগ্যাৰ সম্পৰ্কৰ গোপন তথ্য পোহৰলৈ আহিছে।

বাতৰি অনুসৰি, সন্ত্ৰাসবাদী সংগঠন জে ই এমৰ প্ৰশিক্ষকে ৰোহিংগ্যাসকলক ‘ব্ৰেইন ৱাছ’ কৰি উগ্ৰবাদৰ প্ৰতি আকৰ্ষিত কৰিবলৈ চেষ্টা কৰিছে। জী-নিউজৰ এক বাতৰিত প্ৰকাশ পাইছে এই খৱৰ।

বিএছ এফৰ প্ৰতিবেদনত প্ৰকাশ পোৱা বিস্ফোৰক খৱৰ অনুসৰি, পাকিস্তানত বাহৰ পাতি থকা জইছ ই মহম্মদৰ সন্ত্ৰাসবাদী কমাণ্ডাৰ সাবেৰ আহমেদে বাংলাদেশৰ কক্স বাজাৰত ৰোহিংগ্যাক প্ৰশিক্ষণ দি ভাৰতৰ বিৰুদ্ধে উচটোৱাৰ চিন্তা কৰিছে।

বাতৰিটোত কোৱা হৈছে যে জইছ ই মহম্মদৰ বাংলাদেশত থকা প্ৰশিক্ষক মৌলানা য়ুনুসে এতিয়ালৈকে ৪জন ৰোহিংগ্যাক প্ৰশিক্ষণ দিছে।

বিএছএফৰ সূত্ৰ অনুসৰি জইছ ই মহম্মদৰ সন্ত্ৰাসবাদী বাংলাদেশৰ হৰিণমাৰাৰ পাহাৰীয়া অঞ্চলত ৰোহিংগ্যাক প্ৰশিক্ষণ দি আছে।

বাংলাদেশৰ কক্স বাজাৰত বৰ্তমান সহস্ৰাধিক ৰোহিংগ্যা শৰণাৰ্থী আছে।

উক্ত ৰোহিংগ্যাসকলক ভাৰতৰ বিৰুদ্ধে সন্ত্ৰাসবাদী কাৰ্যকলাপ চলাবলৈ পাকিস্তানৰ চোৰাংচোৱা সংস্থা আইএছআইয়ে জইছ ই মহম্মদৰ বাংলাদেশত থকা শ্লীপাৰ চেলৰ জৰিয়তে উচটনি দি আছে।

পাকিস্তানী চোৰাংচোৱা সংস্থা আইএছআইয়ে ভাৰতত বৃহৎ সন্ত্ৰাসবাদী আক্ৰমণ সফল কৰি তোলাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।

বাতৰিত কোৱা হৈছে যে আইএছআইয়ে সন্ত্ৰাসবাদীসকলক ভাৰতীয় সুৰক্ষা বাহিনীৰ ওপৰত তীব্ৰ আক্ৰমণ চলাবলৈ কৈছে।

চোৰাংচোৱা সূত্ৰৰ খৱৰ অনুসৰি সন্ত্ৰাসবাদী সংগঠন জইছ ই মহম্মদৰ অপাৰেশ্যন কমাণ্ডাৰ আব্দুল ৰৌফ অছগৰক ভাৰতীয় সুৰক্ষা বাহিনীৰ ওপৰত আক্ৰমণৰ দায়িত্ব দিছে।