পুনেত পিএফআইৰ প্ৰতিবাদৰ সময়তে শুনা গ’ল ’পাকিস্তান জিন্দাবাদ’ ধ্বনি, কেইবাজনক গ্ৰেপ্তাৰ

পুনৰ ভাৰতত শুনা গ’ল ’পাকিস্তান জিন্দাবাদ’ ধ্বনি। কালি সমগ্ৰ দেশৰ ১৫ খন ৰাজ্যত কেন্দ্ৰীয় তদন্তকাৰী সংস্থা নিয়াই পিএফআইৰ বিৰুদ্ধে চলোৱা অভিযানক লৈ কৰা প্ৰতিবাদৰ সময়তে একাংশ দেশদ্ৰোহীয়ে ‘পাকিস্তান জিন্দাবাদ’ শ্ল’গান দিয়ে। নিয়াৰ অভিযানকলৈ কেৰালাকে ধৰি কেইবা খনো ৰাজ্যত তীব্ৰ প্ৰতিবাদ হৈছে। কেৰালাত আনকি বিজেপি সমৰ্থকক পিএফআইৰ সমৰ্থকে আক্ৰমণ কৰাৰো ঘটনা ঘটিছে।

ইয়াৰ মাজতে পিএফআই সমৰ্থকে পুনেত কৰা প্ৰতিবাদৰ সময়তে শুনা গ’ল ‘পাকিস্তান জিন্দাবাদ’ শ্ল’গান । পুনে চহৰৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ বাহিৰত পিএফআই সমৰ্থকসকলে ইডি-চিবিআই-আৰক্ষীৰ অভিযানৰ বিৰুদ্ধে প্ৰতিবাদ কৰি থকাৰ সময়তে কোনোৱাই ‘পাকিস্তান জিন্দাবাদ’ শ্ল’গান দিয়ে ।

আৰক্ষীয়ে ইয়াৰ পিছতে কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰে। ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা নিয়াই কালি পুৱতি নিশা দেশৰ ১৩ খন ৰাজ্যত পিএফআই-এছডিপিআইৰ বিৰুদ্ধে অভিযান চলায়। মূলতঃ পিএফআই-এছডিপিআই সন্ত্ৰাসবাদী কাৰ্যকলাপৰ সৈতে জৰিত থকাৰ অভিযোগতে এই অভিযান চলোৱা হয়। কেন্দ্ৰীয় সংস্থাটোৱে অসমৰ কেইবা খনো জিলাত অভিযান চলাই ১০ জন লোকক গ্ৰেপ্তাৰ কৰিছে। এতিয়ালৈকে দেশৰ বিভিন্ন স্থানৰ পৰা ১০৫ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে।

নিয়াৰ এই অভিযান পুৱতি নিশা ৩.৩০ বজাত আৰম্ভ হৈছিল। চোৰাংচোৱাৰ তথ্যৰ আধাৰত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (এনআইএ) প্ৰৱৰ্তন সঞ্চালকালয় আৰু ৰাজ্যিক আৰক্ষীক লগতলৈ সন্ত্ৰাসবাদীক পুঁজিৰ সৰবৰাহ আদিৰ অভিযোগত পিএফআই, এছডিপিআইৰ বিৰুদ্ধে ১৩ খন ৰাজ্যক সামৰি অভিযান চলায়।
নিয়াৰ শীৰ্ষ বিষয়াএগৰাকীয়ে প্ৰকাশ কৰা মতে কেৰালা, তামিলনাডু, কৰ্ণাটক, তেলেংগানা, অন্ধ্ৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, মধ্য প্ৰদেশ, উত্তৰ প্ৰদেশ, পুডুচেৰী, অসম, ৰাজস্থানত এই অভিযান চলোৱা হৈছিল।